NORTHEAST NOW (Assamese)

জমেট’ৰ খাদ্য যোগান ধৰা অসমীয়া যুৱকৰ কণ্ঠই খলকনি তুলিছে ইন্টাৰনেটত; ভাইৰেল ভিডিঅ’

August 18, 2019 12:32 pm · এন ই নাও নিউজ
সুৱদী কণ্ঠৰ অধিকাৰী প্ৰানজিৎ হালৈ। ফটো : ফেইচবুক

চিৰ সেউজ পুৰণি গানে আপোনাক আকৰ্ষণ কৰে নে?

ছচিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰা এই বিশেষ ভিডিঅ’টিয়ে আপোনাক সঁচাকৈয়ে মন্ত্ৰমুগ্ধ কৰি তুলিব।

গুৱাহাটীৰ এগৰাকী বাসিন্দাই খাদ্য যোগান ধৰা এজন অসমীয়া যুৱকে গোৱা সুৱদী কণ্ঠৰ গান এটাৰ ক্লিপ শ্বেয়াৰ কৰাৰ পাছত ফেইচবুক আৰু ইন্টাৰনেটত খলকনি তুলিছে।

গুৱাহাটীৰ এগৰাকী বাসিন্দা অনিৰ্বান চক্ৰৱৰ্তীয়ে চলিত সপ্তাহৰ প্ৰথম ভাগত জমেট’ৰ পৰা খাদ্যৰ অৰ্ডাৰ দিছিল।

এপ’ত খাদ্য যোগান ধৰিবলগীয়া যুৱকজনৰ প্ৰফাইল চাই তেওঁ জানিব পাৰিলে যে যুৱকজনে এগৰাকী গায়ক হোৱাৰ সপোন পুহি ৰাখিছে।

খাদ্য লৈ প্ৰানজিৎ হালৈ নামৰ যুৱকজনে যেতিয়া অনিৰ্বানৰ গৃহত উপস্থিত হ’ল, তেওঁ প্ৰানজিতক গান গোৱাৰ বাবে অনুৰোধ জনালে।

প্ৰানজিতে ১৯৭৬ ত মুক্তি পোৱা ‘চিতচোৰ’ চলচ্চিত্ৰখনৰ ‘গোৰী তেৰা গাওঁ বড়া প্যাৰা’ গানটো গালে।

হৃদয় চুই যোৱা গানটো অনিৰ্বানে ৰেকৰ্ড কৰিলে আৰু ভিডিঅ’টো ফেইচবুকত প’ষ্ট কৰি দিলে।

‘’এয়া প্ৰানজিৎ হালৈ (মোৰ ঘৰত আজি খাদ্য দিবলৈ অহা জমেট’ৰ ডেলিভাৰী বয়)…. মই এপ’ত দেখিছিলো যে ‘’তেওঁ এদিন এগৰাকী গায়ক হোৱাৰ ইচ্ছা পুহি ৰাখিছে,’’। মই পৰিকল্পনা কৰি তেওঁক গান এটা গাব দিছিলো। তেওঁ ইমান সুন্দৰ গাইছিল যে মই এই ভিডিঅ’টো কৰিলো… মই সকলোকে চাবলৈ আৰু তেওঁৰ লপোন পূৰ্ণ কৰাত সহায় কৰিবলৈ অনুৰোধ কৰিছো,’’-এয়া অনিৰ্বানৰ প’ষ্টৰ সাৰাংশ।

প্ৰানজিতৰ গানৰ অনিৰ্বানে কৰা প’ষ্টটো ভাইৰেল হৈ পৰিছে। প’ষ্টটোৱে স্বাভাৱিকভাৱে, ৯,৪০০ লাইক পাইছে আৰু ৭,৪০০তকৈয়ো অধিক শ্বেয়াৰ হৈছে।

বিভিন্নজনে প্ৰানজিতৰ কণ্ঠক প্ৰশংসাৰে উপচাই পেলাইছে।

Related News