DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“উজনি অসমত বাধা দিয়া হৈছে বিজেপিৰ বুথ সভাপতিৰ সন্মিলনলৈ অহা বাছক”, অভিযোগ হিমন্ত বিশ্বৰ

“গণতান্ত্ৰিক আন্দোলন হ'লে ক'ব লগীয়া একো নাই”; “তৰুণ গগৈৰ কিছুমান মত আৰু বিজেপিৰ মত একে দিশে গৈ আছে”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 3, 2020 6:15 pm
খানাপাৰাত হিমন্ত বিশ্বৰ সংবাদমেল। ৩ জানুৱাৰি, ২০২০-ত।

খানাপাৰাত হিমন্ত বিশ্বৰ সংবাদমেল। ৩ জানুৱাৰি, ২০২০-ত।

2.7k
VIEWS
Share on FacebookShare on Twitter

কাইলৈ, অৰ্থাৎ ৪ জানুৱাৰিত খানাপাৰাৰ পশু চিকিৎসা-বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা বিজেপিৰ বুথ সভাপতিৰ সন্মিলনলৈ বাছেৰে মানুহ অনাত উজনি অসমত বাধা দিয়া হৈছে বুলি আজি অভিযোগ কৰে মন্ত্ৰী হিমন্ত বিশ্বই।

মন্ত্ৰীজনে আজি খানাপাৰাত এখন সংবাদমেল সম্বোধন কৰে আৰু এই অভিযোগটো কৰি কয়, “কিন্তু আমাক কোনেও ৰখাব নোৱাৰে। জনসাধাৰণেই আমাৰ শক্তি। কাইলৈ বিজেপিৰ কাৰ্য্যকৰ্তাৰ অজেয় অটল শক্তি দেখা পাব”।

কাইলৈৰ সভাত ৭০-৯০ হাজাৰ কাৰ্য্যকৰ্তা উপস্থিত থাকিব বুলি দাবী কৰে মন্ত্ৰীজনে।

বিজেপিৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকল, বুথ পৰ্য্যায়ৰ সভাপতি, সভানেত্ৰীসকলে অংশগ্ৰহণ কৰিব লগীয়া সভাখনত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জগত প্ৰসাদ নড্ডা উপস্থিত থাকিব।

এই সন্মিলনৰ পিছতে ৭ জানুৱাৰিত বিশ্বনাথ আৰু ৮ জানুৱাৰিত ধেমাজিত বিশাল কাৰ্য্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰা হ’ব। ধেমাজিত ১ লাখ লোকেৰে হ’ব বিশাল ঐক্য সমদল। মন্ত্ৰীজনে কয়।

আনহাতে, ৰাজ্যত চলি থকা CAA-বিৰোধী আন্দোলনৰ প্ৰসংগত মন্ত্ৰীজনৰ মন্তব্য, “আন্দোলনে উচ্চতম ন্যায়ালয়ৰ দুৱাৰডলি পাইছে। উচ্চতম ন্যায়ালয়ে যি ৰায় দিয়ে সেয়া আমি মানি ল’ব লাগিব”।

“গণতান্ত্ৰিক আন্দোলন হ’লে ক’ব লগীয়া একো নাই” বুলি মন্তব্য কৰি তেওঁ কয় যে বিকল্প ৰাজনৈতিক দল গঠন হ’লে ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান জনাব আৰু মোকাবিলা কৰিব।

ইপিনে জুবিন গাৰ্গ সন্দৰ্ভত আমোদজনক মন্তব্য দিয়ে শিল্পীজন সন্দৰ্ভত শেহতীয়াকৈ কেইবাটাও মন্তব্য কৰা মন্ত্ৰীজনে। তেওঁ কয়, “জুবিন গাৰ্গক অসমৰ লগতে, কংগ্ৰেছ, বিজেপি, অগপৰো সম্পদ”।

অসমৰ জনপ্ৰিয় শিল্পীজনলৈ তেওঁৰ আহ্বান, “সেয়ে নৱবৰ্ষৰ প্ৰাকক্ষণত তেওঁলৈ আহ্বান তেওঁ জাতি-ধৰ্ম-বৰ্ণ-দল-সংগঠন নিৰ্বিশেষে সকলোৰে অন্তৰত থকাৰ চেষ্টা কৰক”।

শিল্পী সমাজৰ আন্দোলনক লৈ হিমন্তৰ মন্তব্য, “শিল্পীৰ আৱেগক সন্মান জনাওঁ। তেওঁলোকৰ লগত আলোচনাত বহাত কোনো আপত্তি নাই। এদিন আহক আৰু তেওঁলোকক বুজাই দিম কোনটো দফাত বিদেশী নতুনকৈ আহিব বুলি উল্লেখ আছে। কোনো দফাত এই কথা নাই। এইখন তেওঁলোকে কোৱাৰ জাতিধ্বংসী নহয়”।

নলবাৰীৰ আছুকৰ্মীক আৰক্ষীয়ে প্ৰহাৰ কৰাক লৈ মন্তব্য, “আধ্যাত্মিক ভাবেৰে গুৰু ঘৰত ধৰ্মীয় কাৰ্য্যসূচীত যোৱাৰ সময়ত ক’লা পতাকা দেখুওৱা বা মই এসময়ৰ আছুকৰ্মী ৰাজেন বৰঠাকুৰৰ শোকসন্তপ্ত পৰিয়ালৰ খবৰ ল’বলৈ যাওঁতে ক’লা পতাকা দেখুওৱাটো কিমান যুক্তিসংগত? কিছুমান জেগাত অন্তৰখন বগা কৰি লৈ বগা পতকা দেখুৱাবলৈ আহ্বান জনাইছো। মন্দিৰ মছজিদত যোৱাৰ সময়ত অন্ততঃ বগা পতকা দেখুৱাওক”।

তৰুণ গগৈয়ে হিমন্ত কংগ্ৰেছলৈ আহিব বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া দি কয়, “তৰুণ গগৈ বিজেপিত আহিব বুলি মই শুনি আছোঁ। গগৈৰ কিছুমান মত আৰু বিজেপিৰ মত একে দিশে গৈ আছে। কেতিয়াবা বিজেপিৰ মঞ্চত দেখিলে আচৰিত নহ’ব। তেওঁৰ মতে প্ৰফুল্ল মহন্তই বিদেশীক স্বদেশী কৰিছিল, আমিও সেইটো কৈ আহিছো। তেওঁৰ মতে ৮৭-ত বিদেশীক স্বদেশী কৰা হৈছিল, আমাৰ মতো একেই”।

Recent News

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd