• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ৰৈ ৰৈ বিনালে’ ছবিৰ প্ৰচাৰক লৈ বিশেষ পৰিকল্পনা আছিল জুবিন গাৰ্গৰ! এই সন্দৰ্ভত কি ক’লে পৰিচালক ৰাজেশ ভূঞাই 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2025 1:43 pm
87
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ শেষ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পৰা শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নাম আৰু দৃশ্যাংশ আঁতৰোৱা হ’ব। ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৩১ অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া এই ছবিখনত অভিনয়ৰ লগতে প্ৰযোজনাও কৰিছিল জুবিন গাৰ্গে। ইতিমধ্যে মহানগৰীৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত ছবিখনৰ শেষৰটো দৃশ্যগ্ৰহণ সম্পন্ন কৰিছে।

ছবিখনৰ লগত সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ নাম সাঙোৰ খাই থকাৰ বাবে অসমৰ ৰাইজে বিভিন্ন মন্তব্য প্ৰকাশ কৰিছে। তেনে পৰিস্থিতিত মঙলবাৰে মুক্তিলাভ কৰা ছবিখনৰ প্ৰথম গীত ‘মোৰ মন’ত শেখৰজ্যোতি গোস্বামীকো এটা অংশত দেখা গৈছিল, ইয়াৰ পাছতে বহুতে ছবিখনৰ পৰা এই তিনিওগৰাকীৰ দৃশ্যবোৰ আঁতৰোৱাৰ দাবী জনাইছিল। ৰাইজৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই নিৰ্মাতা গোষ্ঠীয়ে ছবিখনৰ পৰা এই তিনিওগৰাকী থকা দৃশ্যাংশ আঁতৰোৱাৰ সিদ্ধান্ত লৈছে।

Apply Now

পৰিচালক ৰাজেশ ভূঞাই কয় যে, “জুবিন গাৰ্গে তেওঁৰ ওচৰে-পাজৰে থকা মানুহখিনিক সকলোকে সমান দৃষ্টিৰে চাইছিল। সকলোকে তেওঁ সমান বুলি ভাবিছিল, ঠিক তেনেদৰে সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাকো নিজৰ বুলি ভাবিছিলে। আজি আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজি আছো। সেইদিনাৰ ঘটনাটোৰ এতিয়াও প্ৰকৃত কাৰণ পোহৰলৈ নাই অহা। কি হ’ল তাৰ আমি উত্তৰ বিচাৰিছো। সেই উত্তৰ আমাক সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমৃতপ্ৰভা কোনেও দিব নাই পৰা। গতিকে আমি প্ৰযোজক গোষ্ঠীৰ লগত আলোচনা কৰি এটা সিদ্ধান্তত উপনিত হৈছো, যিসকলে তেওঁক আমাৰ মাজৰ পৰা আঁতৰাই পঠিয়ালে, যিসকলে তেওঁক লৈ অৱহেলা কৰিলে তেনেকুৱা কিছুমান দানৱ দেৱতাতুল্য জুবিন গাৰ্গৰ লগত একেশাৰীত থাকিব নোৱাৰে, গতিকে তেওঁলোকৰ যিখিনি দৃশ্য আছিলে সেইখিনি আমি আঁতৰাই দিয়াৰ সিদ্ধান্ত লৈছো।”

উল্লেখ্য যে  ছিংগাপুৰ যাত্ৰাৰ পূৰ্বে জুবিন গাৰ্গে পৰিচালক ৰাজেশ ভূঞালৈ এটা টোকা লিখি দি গৈছিল। ই টিভি ভাৰতত প্ৰকাশিত এটা সাক্ষাৎকাৰত ভূঞাই কয় যে, “১৫ ছেপ্তেম্বৰত আমি ছবিখনৰ সম্পাদনাৰ কাম কৰি আছিলো। জুবিন গাৰ্গো তালৈ আহিছিল। তাতে ছবিখনৰ প্ৰচাৰৰ সন্দৰ্ভত আলোচনা কৰা হৈছিল। তেতিয়া জুবিন গাৰ্গে এই বাৰৰ বেলেগ ধৰণে  প্ৰচাৰ কৰিম বুলি উল্লেখ কৰিছিল। ভূঞাই উল্লেখ কৰা অনুসৰি জুবিন গাৰ্গে কৈছিল যে “সকলোৱে মোৰ ওচৰলৈ আহে অট’গ্ৰাফ বিচাৰি, মোৰ সন্নিধ্য বিচাৰি। সকলোকে যিহেতু একেসময়ে লগ কৰা সম্ভৱ নহয়, গতিকে এনেকুৱা এটা কাম কৰিম যাতে সকলোৱে মোৰ সান্নিধ্য লাভ কৰে। মই এটা অট’গ্ৰাফ দিম আৰু লগতে ৰাইজক ছবিখন চাবলৈ আহ্বান জনাম।” সেই আহ্বানটো এটা টোকা লিখি থৈ গৈছিল আৰু সেইখিনিয়ে আমাৰ মাজত থকা জুবিন গাৰ্গ শেষ হাতৰ আখৰ। টোকাটোৰ লগতে জুবিনৰ এখন ফটো থাকিব। জুবিনৰ ফটোসহ টোকাটো তেওঁৰ অনুৰাগী সকলৰ মাজত বিলাই দিয়া হ’ব। সেইখিনিয়ে তেওঁ ইচ্ছা কৰিছিল। এনেদৰেই তেওঁ ছবিখনৰ প্ৰচাৰ কৰিব বিচাৰিছিল। আমিও এনেধৰণে ছবিখন মুক্তিৰ পূৰ্বে যিমান পাৰো ৰাইজৰ মাজত বিলাই দিম।”

ছবিখনৰ নিৰ্মাণ সন্দৰ্ভত ৰাজেশ ভূঞাই কয় যে, “ আমি ছবিখনৰ প্ৰায় অন্তিম পৰ্যায়ত আছো। বৰ্তমান ভিএফক্স, মিক্সিঙৰ লগতে সম্পাদনাৰ কাম চলি আছে। লগতে চাউণ্ড ডিজাইনিঙৰ কামো চলি আছে। জুবিন গাৰ্গে ৩১ অক্টোবৰত ছবিখন মুক্তি দিয়াৰ আশা কৰিছিল আমিও সেইটো হিচাপে আগবাঢ়িছো। ৩১ অক্টোবৰ তাৰিখে আমি ছবিখন ৰাইজৰ মাজত মুকলি কৰি দিবলৈ সক্ষম হ’ম।”

জুবিন গাৰ্গৰ এই ছবিক লৈ বহু সপোন আছিল। ভূঞাই আৰু কয় যে, “এই ছবিখনক লৈ জুবিন গাৰ্গৰ বহু আশা আছিলে। চকুত লেঞ্চ লগাই বহুত কষ্ট কৰি শ্বুটিং কৰিছিল। তিনিমাহ তেনেদৰে কষ্ট কৰিছিল। ৮-৯ ঘণ্টা চকুত লেঞ্চযোৰ পিন্ধি থাকে। কেতিয়াও কোনো দিন আপত্তি কৰা নাছিলে। অনবৰতে ছবিখনৰ কথা কৈ আছিল। এই ছবিখন প্ৰথমখন মিউজিকেল ছবি। কাহিনী জুবিনৰ নিজৰ আছিল। ছবিখনৰ ফাইনেল প্ৰডাকটো জুবিনে চাব নোৱাৰিলে সেইটো দুখ আমাৰ সদায় থাকি যাব।”

উল্লেখ্য যে, ছিংগাপুৰৰ পৰা অহাৰ পাছতে ছবিখনৰ ডাবিঙৰ কাম কৰাৰ কথা আছিল জুবিনে। তেওঁৰ ৰহস্যজনক মৃত্যুৰ পাছতে ডাবিঙকলৈ প্ৰশ্ন উত্থাপন হৈছিল যদিও পৰিচালকে জনোৱা মতে ছবিত সম্পূৰ্ণ জুবিন গাৰ্গৰে কণ্ঠ থাকিব। উন্নত প্ৰযুক্তিৰ সহায়ত ছবিখনত তেওঁৰ কণ্ঠই ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd