জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত আৰু এখুজ! দিল্লীৰ ফৰেনছিক লেবৰ পৰা এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (জিএমচিএইচ) হাতত পৰিছে জুবিন গাৰ্গৰ ভিছেৰা প্ৰতিবেদন।
চিআইডিৰ অতিৰিক্ত আৰক্ষী মহা পৰিদৰ্শক (এছডিজিপি) মুন্না প্ৰসাদ গুপ্তাই সংবাদ মাধ্যমৰ আগত এই তথ্য প্ৰকাশ কৰি কয় যে, দিল্লীৰ ফৰেনছিক প্ৰতিবেদন জিএমচিএইচৰ পূৰ্বৰ মৰণোত্তৰ প্ৰতিবেদনৰ সৈতে তুলনামূলকভাৱে পৰীক্ষা কৰা হ’ব।
জানিব পৰা মতে, এই পৰ্যালোচনাৰ বাবে জিএমচিএইচত এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছে। এই সমিতিখনে দুদিনৰ ভিতৰত পূৰ্ণাঙ্গ পৰ্যালোচনা সম্পন্ন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক প্ৰতিবেদন দাখিল কৰিব বুলি গুপ্তাই জনায়।
তেওঁ আৰু কয় যে, তদন্ত প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰাৰ লগতে জনসাধাৰণৰ উদ্বেগক সম্বোধন কৰিবলৈ প্ৰতিবেদনৰ কিছু অংশ সাংবাদিক আৰু ৰাজনৈতিক প্ৰতিনিধিসকলৰ বাবে উন্মুক্ত কৰা হ’ব।





