• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

আমি ৰৈ ৰৈ বিনাই আছোঁ কেৱল তোমাৰ কাৰণে

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
November 18, 2025 2:58 pm
376
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়া দিনে নিশাই জুবিনৰ বাবে আমি ৰৈ ৰৈ বিনাই আছোঁ। চাৰিওফালে আমি জুবিনক বিচাৰি ফুৰিছোঁ। জুবিন গাৰ্গৰ মৃত‍্যুৱে অসমীয়া মানুহক কিয় ইমান আঘাত দিছে? জুবিনৰ সংগীতৰ মৰ্মত কি আছিল? এতিয়া জুবিনৰ জীৱনৰ আৰু কি কি নতুন দিশ পোহৰলৈ আহিছে? মৃত জুবিন জীৱিত জুবিনতকৈ কিয় বেছি শক্তিশালী?

জুবিনৰ মৃত‍্যু আমাৰ কাৰণে অসহনীয় এই কাৰণেই যে ই অকাল, আকস্মিক আৰু মৰ্মান্তিক। অসমত এনে এজন মানুহ নাই যি জুবিনক চিনি নাপায়, যি জুবিনৰ গীত শুনা নাই। জুবিনৰ নামত এচাম ল’ৰাছোৱালী বলীয়া। কিন্তু বয়সস্থ সকলৰ বহুতেই, আগতে সংগীতানুস্থানবোৰত জুবিনে কৰা তথাকথিত বলিয়ালীবোৰ ভাল নাপাইছিল (এতিয়া সেইবোৰ আমাৰ কাৰণে এক বিশেষ আকৰ্ষণ)। আনহাতে আমাৰ দৰে এচাম জুবিনৰ প্ৰতি নিস্পৃহ আছিলোঁ। কিন্তু জুবিনৰ কিছু গীত আমাৰো প্ৰিয় আছিল। সেইবোৰ গান অসমৰ আকাশে বতাহে উপঙি আছে। গতিকে জুবিন সম্পৰ্কে আমিও সম্পূৰ্ণ নিস্পৃহ নাছিলোঁ।

Apply Now

জুবিন হঠাৎ, কোনো আগজাননী নিদিয়াকৈ আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব! সেইটো অসম্ভৱ। জুবিন ঢুকোৱাৰ খবৰটো অহাৰ পিছত, প্ৰত‍্যেকৰে প্ৰথম প্ৰতিক্ৰিয়া, সঁচাই জুবিন ঢুকাল নেকি? সেই অশুভ মুহূৰ্ততে অসমত এটা ভুইকঁপৰ আৰম্ভনি হৈছিল। সেই কম্পন কিন্তু এতিয়াও মাৰ যোৱা নাই। জুবিন অনুৰাগী সকলৰতো কথাই নাই, আমাৰ দৰে, যিসকল এসময়ত জুবিনৰ অনুৰাগী নাছিলো, আমিও  এতিয়া জুবিনৰ অনুৰাগী হৈ পৰিলোঁ। জুবিনৰ মৃত‍্যুৱে অসমত এটা অস্বাভাবিক পৰিস্থিতিৰ সৃষ্টি কৰিছে। চৰকাৰে থৰকবৰক হৈ পৰিছে।

কিয় এনে হৈছে? জুবিনৰ মৃত‍্যুৱে কিয় আজি আমাৰ মাজত এনে হাহাকাৰ লগাইছে? কিয় আমি  ইমান বিততহৈ পৰিছোঁ? ইয়াৰ মূল কাৰণ হৈছে, জুবিনৰ একক প্ৰতিভা আৰু অসাধাৰণ ‍ব্যক্তিত্ব। জুবিনৰ কথা মানে সংগীতৰ কথা। ধ্ৰপদী, লোক, আৰু আধুনিক-জুবিন সংগীতৰ এই সকলো ধাৰাতে পাৰদৰ্শী আছিল। কিন্তু তেওঁ ঘাইকৈ লোক আৰু আধুনিক গীতহে গাইছিল। সংগীতৰ এই তিনিটা পৰম্পৰা কিন্তু বৰ আশ্চৰ্যকৰ।আজিৰ আধুনিক কাইলৈ লোক আৰু পৰহিলৈ ধ্ৰপদী। এক চিৰ প্ৰৱাহমান সোঁত- ধ্ৰুপদী-লোক-আধুনিক, আকৌ আধুনিক-লোক- ধ্ৰপদী। সংগীতৰ প্ৰাণ সুৰ। সুৰৰ ভাজে ভাজে সোমাই থকা কথাই সংগীত। বিছমিল্লাহ খানেও সুৰকে সংগীত বুলি কৈছিল। অতীতৰ পৰা বৰ্তমানলৈ সুৰৰ সোঁত! সুৰে কোনো ভৌগোলিক সীমা ৰেখা মানি নচলে। ই বতাহেৰে গতি কৰে। সেইবুলি সুৰৰ কোনো স্থানীয় পৰিচয় নাই সেইটোও নহয়। সুৰ বিশ্বজনীন আৰু একাধাৰে লোকায়ত, ‘ঘৰে বাইৰে’। সুৰ অজৰ অমৰ, অবিনশ্বৰ। সুৰৰ ভাষাও বিশ্বজনীন।

ভাৰতীয় পৰম্পৰাত ব‍্যাৎসায়নে ৬৪ কলাৰ কথা কৈছে। মোৰ দৃষ্টিত, এই ৬৪ কলাৰ ভিতৰত সংগীতৰ স্থান আটাইতকৈ ওপৰত। সংগীতৰ শাহ সুৰ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তাত কথা নাই। আছে। কিন্তু সুৰেৰেহে কথা ব‍্যক্ত হয়। স্থানীয় বৈশিষ্ট‍্য থাকিলেও সুৰ মূলতঃ বিশ্বজনীন। কিয়? আদিতে সুৰৰ উৎপত্তি হৈছিল মূলতঃ প্ৰকৃতিৰ পৰা, পাহাৰ-পৰ্বত, নৈ নিজৰা,আকাশ, সাগৰ, বৰষুণ, বিজুলি ইত‍্যাদি আছিল সুৰৰ আদি উৎস। কিন্তু তাৰ নিয়ত ৰূপান্তৰ,পৰিবৰ্দ্ধন হৈ এতিয়া সি প্ৰণালীবদ্ধ, বৈয়াকৰণিক ৰূপ পাইছে। সেই সম্পৰ্কে মাত মতাৰ এক্টিয়াৰ মোৰ নাই। কিন্তু সুৰ বা সংগীতৰ এই চৰিত্ৰৰ বাবেই ইয়াৰ আবেদনো বিশ্বজনীন। সেইকাৰণেই বোধহয় জনমানসত সংগীত ইমান প্ৰভাবশালী।

অসমত শংকৰদেৱৰ প্ৰভাৱৰ মূলতে কি? নিশ্চয় ধৰ্ম। কিন্তু তেওঁৰ ধৰ্ম প্ৰচাৰৰ মাধ‍্যম কি আছিল? শ্ৰৱণ- কীৰ্তন। পৰিবেশ‍্য কলা। নাম-প্ৰসংগ, ভাওনা, বৰগীত। এই আটাইবোৰেই সাংগীতিক চৰিত্ৰৰ! শংকৰদেৱ কিমান বিচক্ষণ প্ৰতিভাধৰ আছিল। তেওঁ বেদ, বেদান্ত, ভাগৱত আদি শাস্ত্ৰ মথি তাৰ পৰা কীৰ্তন পুথি ৰচনা কৰিলে। শংকৰৰ কীৰ্তন, মাধৱৰ নামঘোষা লগ লাগি হ’ল ‘কীৰ্তন-ঘোষা’। নাম-প্ৰসংগ বা বৰগীতত কি কৰা হয়? পদ এটা যেতিয়া গোৱা হয় ঘোষাৰে তাক বাৰে বাৰে ঘহি দ্বিৰুক্তি কৰা হয়। কিয় তেনে কৰা হয় ? তাৰ দ্বাৰা মানুহক এটা বাৰ্তা দিব বিচৰা হয়। তাৰমানে, এটা জটিল বিষয় একেবাৰে সহজ সৰল কৰি, ভাঙি, পাতি তাক সংগীতলৈ ৰূপান্তৰিত কৰি, তাৰ যোগেদি মানুহক কিবা এটা ক’ব বিচৰা হৈছে। সেই কাৰণেই সংগীতৰ এক গুৰুত্বপূৰ্ণ লক্ষণ হ’ল পুনৰুক্তি, কীৰ্তনৰ পদ বোৰৰ কথাই নাই, কিন্তু বৰগীততো একেই কথা, নামঘোষাতো।

শংকৰ-মাধৱ কেৱল ধৰ্ম প্ৰচাৰকে নাছিল। ধৰ্ম তেওঁলোকৰ কাৰণে সমাজ পৰিবৰ্তনৰ আহিলাহে আছিল। তাৰ মাধ‍্যম আছিল শ্ৰবণ-কীৰ্তন, মানে সংগীত। শংকৰ-মাধৱ এতিয়া অসমৰ আচাৰ অনুষ্ঠানৰ ভিতৰুৱা। জ‍্যোতিপ্ৰসাদে কি কৰিছিল? জ‍্যোতিৰ চিনেমা এচাম ৰসজ্ঞৰ বাবেহে। কিন্তু তেওঁৰ সংগীত সকলোৰে। তেওঁৰ ছৱি নৰ’ল। গীত ৰ’ল। জ‍্যোতিপ্ৰসাদৰ গীতৰ মৰ্মত আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰাম। তাৰ সুৰ আহিছিল দেশ-বিদেশ, শংকৰ-মাধৱ আৰু অসমৰ লোক ঐতিহ‍্যৰ পৰা। বিষ্ণুৰাভা এজন সংগীতজ্ঞ আছিল। তেওঁৰ সংগীতৰ প্ৰেৰণা আছিল বাৰেবৰণীয়া, বাৰেৰহণীয়া অসমৰ সমাজ আৰু সংস্কৃতি। ভূপেন হাজৰিকা আছিল জ‍্যোতি-বিষ্ণুৰ সুযোগ‍্য উত্তৰসুৰী। আমি জুবিনলৈ শেষত আহিম। অসমৰ সমাজ জীৱনলৈ যোৱা ছশ বছৰে কিমান প্ৰতিভাধৰ ব‍্যক্তিয়ে অৱদান আগবঢ়াইছে, কিন্তু তাৰ ভিতৰত যি কেইটা নাম জাকত জিলিকা হৈ আছে সেই কেইটা হ’ল শংকৰ-মাধৱ, জ‍্যোতি-বিষ্ণু-ভূপেন। তাৰ কাৰণো কিন্তু সংগীত।

মই ইতিমধ‍্যে সংগীতক ৬৪ কলাৰ ৰজা বুলি কৈছোঁ। আৰু এওঁলোক আটাইকেইগৰাকী আছিল সংগীত স্ৰষ্টা। সংগীতৰ বৈশিষ্ট‍্য কি? পৰিবেশনৰ কথাটো বেলেগ। এটা গীত শুনোতে কিমান সময় লাগে? এটি ক্ষণ, এটি পল। কিন্তু শ শ বছৰৰ পৰা নাম প্ৰসংগ, বৰগীত কেনেকৈ চলি আহিছে? শ্ৰবন-কীৰ্তন, কথনৰ যোগেদি। অপভ্ৰংশ হোৱা নাই নহয়, হৈছে। কিন্তু ই হৈছে এটা জীৱন্ত পৰম্পৰা। আমাৰ দেউতা, বৰদেউতা, খুৰাহঁতে নাম প্ৰসংগ কৰিছিল। শৈশৱতে আমিও জনাই নজনাই তাত অংশগ্ৰহণ কৰিছিলোঁ। দেউতা ঢুকোৱাৰ পিছত এদিন সন্ধিয়া গুৱাহাটীৰ পৰা গাওঁৰ ঘৰলৈ গৈ থাকোতে দূৰৈৰ এঘৰত আয়োজন কৰা নাম প্ৰসংগৰ পৰা ভাহি অহা সুৰ-ধ্বনি শুনি মই আচৰিত হৈছিলোঁ। আৰে! দেউতা ঢুকোৱাৰ পিছতো কোনে ঠিক দেউতাহঁতে গোৱাৰ দৰে একে সুৰ আৰু ধ্বনিত নাম প্ৰসংগ কৰিছে? সেইদিনাই উপলব্ধি কৰিছিলোঁ সুৰ অজৰ অমৰ।

কিন্তু প্ৰযুক্তিয়েতো এতিয়া সংগীতৰ প্ৰচাৰ আৰু সংৰক্ষণত বৈপ্লৱিক পৰিবৰ্তন আনিছে। এই শতিকাৰ আৰম্ভনিতে আইপদত আৰু এতিয়া হাতৰ ফোনটোতে আমি কিমান সংগীত ধৰি ৰাখিব পাৰোঁ। কিন্তু সংগীতত শ্ৰোতা আৰু দৰ্শকৰ ভূমিকা কি? এই ভূমিকা দুই ধৰণৰ: এটা হ’ল আধাৰ,উৎস আৰু আনটো হ’ল দৰ্শক আৰু শ্ৰোতা হিচাপে। ইয়াৰ অলপ ব‍্যাখ‍্যাৰ প্ৰয়োজন। মই যে প্ৰথমতে কৈছিলোঁ সুৰ এই কাৰণেই বিশ্বজনীন যে আদিতে ইয়াৰ উৎপত্তি হৈছিল মূলতঃ প্ৰকৃতিৰ পৰা। কিন্তু মানুহৰ কথা বাদ দিলে এই উৎসবোৰৰ কিবা অৰ্থ থাকিবনে? নাথাকে। প্ৰকৃতি সকলোৰে। সভ‍্যতা, সংস্কৃতি প্ৰকৃতি আৰু মানুহৰ যৌথ উদ‍্যোগ। সংগীতৰ ক্ষেত্ৰতো কথাটো একেই। প্ৰকৃতি আৰু মানব সমাজৰ পৰাই যিহেতু সংগীত সৃষ্টি হৈছে, সংগীতৰ প্ৰতি মানুহৰ সহাৰি সহজাত। সেই কাৰণেই নৱজাত সকলকো কেতিয়াবা সংগীত থেৰাপী দিয়া হয়। কিন্তু সংগীত যিহেতু এটা বিশেষ কলা, সেইকাৰণে সকলোৱে সংগীত সৃষ্টি কৰিব নোৱাৰে। তাৰ কাৰণে বিশেষ প্ৰতিভা, দক্ষতা, অনুশীলন, কচৰতৰ প্ৰয়োজন। কিন্তু সংগীতৰ উৎস হিচাপে মানবীয় উপদানটো অনিবাৰ্য, অপৰিহাৰ্য। তাৰপিছৰ ভূমিকাটো আহিল শ্ৰোতা বা দৰ্শক হিচাপে। মানুহৰ সঁহাৰি অবিহনে সংগীত অসম্ভৱ। সেইটো অন‍্য এটা কথা। কিন্তু সংগীতত দৰ্শকৰ এটা অংশগ্ৰহণকাৰী ভূমিকাও আছে। আমি সংগীত শুনো। আৰু কেতিয়াবা হোৱাই নোহোৱাই এটি গান  গুন গুনাবলৈ, গাবলৈও চেষ্টা কৰোঁ। এতিয়াতো গাড়ী চলাই থাকোতে, কিবা এটা কাম কৰি থাকোতে আমি গীত শুনি থাকোঁ। শ্ৰমিকে, মজুৰিও কৰে গীতো শুনে। সেই ফালৰ পৰা আমি সকলো সংগীতৰ স্ৰষ্টা, শ্ৰোতা।

প্ৰকৃতি, মানব সমাজ,সংগীত- সংগীতৰ প্ৰেৰণা, অনুপ্ৰেৰণা, সঁহাৰি- এইবোৰ কিন্তু জটিল বিষয়।

কলাৰ উদ্দেশ‍্য কি? এই প্ৰশ্নটোৰ উত্তৰ দিয়াটো বৰ সহজ নহয়। আজিৰ পৰা চাৰি দশক আগতে এটি বৈঠকত এসময়ৰ মাৰ্ক্সবাদী তাত্ত্বিক ভাস্কৰ নন্দীয়ে (১৯৩৯-২০১৮) কলা সম্পৰ্কে এটা তাৎপৰ্যপূৰ্ণ মন্তব‍্য কৰিছিল। তেওঁ কৈছিলঃ “সমাজত কলাৰ ভূমিকা সম্পৰ্কে নিশ্চিতকৈ কোৱাটো জটিল। প্ৰচাৰধৰ্মী কলাৰ কথাটো বেলেগ।” তাৎপৰ্যপূৰ্ণ মন্তব‍্য। কিন্তু কলাৰ চৰিত্ৰ সম্পৰ্কে বৃটিছ চিন্তাবিদ, কলা সমালোচক জন ৰাস্কিনে (১৮১৯ – ১৯০০) তেখেতৰ ‘Unto This Last and Other Writings’ ত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব‍্য আগবঢ়াইছে, বিশেষকৈ ‘The Stones Of Venice’ আৰু ‘Modern Painters’ত। ৰাস্কিনে তেওঁৰ কলা সমালোচনাত প্ৰকৃতি, সত‍্য, সুন্দৰ আৰু কাৰুৰ সমন্বয়ত গুৰুত্ব প্ৰদান কৰিছিল। তেওঁ প্ৰকৃতি আৰু সত‍্যৰ কথা কৈছিল, মানুহে নিজ হাতেৰে কৰা সৃষ্টিকৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল,  মানুহৰ মাজৰ বৈষম‍্যৰো বিৰোধিতাও কৰিছিল। কলা সম্পৰ্কীয় তেওঁৰ এই দৃষ্টিভংগীৰ লগত টলষ্টয় (১৮২৮-১৯১০) আৰু গান্ধী (১৮৬৯-১৯৪৮)ৰো যথেষ্ট মিল আছিল। তেওঁলোকৰ মতে কলাৰ উদ্দেশ‍্য জনকল‍্যাণ। মানুহৰ কামত নহা কলাৰ কোনো অৰ্থ নাই। মানুহৰ পৰা মানুহক বিচ্ছিন্ন কৰা কলাৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাছিল। আনহাতে থিওডৰ আডৰ্নো( ১৯০৩-১৯৬৯) আৰু জৰ্জ লুকাচে (১৮৮৫-১৯৭১) সম্পূৰ্ণ আৰ্থ-ৰাজনৈতিক দৃষ্টিভংগীৰে কলাৰ মূল‍্যায়ণ কৰিব বিচাৰে। তেওঁলোকৰ মতে মানব সত্ত্বাক উদ্বেলিত কৰি তেওঁলোকৰ মাজত এক দায়িত্ব আৰু সক্ৰিয়তাৰ উদগণি যোগোৱাৰ সলনি পুঁজিবাদী অৰ্থনীতিয়ে কলাক কেৱল মনোৰঞ্জনৰ উপাদান আৰু পণ‍্য হিচাপেহে গণ‍্য কৰে। আডাৰ্নোৰ ‘The Culture Industry’ ত আৰু লুকাচে তেওঁৰ  The ‘History and Class Consciousness’ত এইবোৰ কথা বিশদভাবে আলোচনা কৰিছে। তাৰ  প্ৰমাণ হৈছে হলিউদ, বলিউদ উদ‍্যোগ।

কিন্তু এই সম্পৰ্কে  ডিনিয়েল বাৰনবইম(১৯৪২-) আৰু এডৱাৰ্ড ডব্লিউ চাইডৰ (১৯৩৫-২০০৩) ‘Parallels And Paradoxes: Exploration in Music and Society’ নামৰ কিতাপখনতো বহু কথা আলোচনা কৰা হৈছে। সংগীতৰ চৰিত্ৰ আৰু প্ৰকৃতি সম্পৰ্কে ক’বলৈ গৈ বৰেনবয়মে মত পোষণ কৰিছেঃ “সুৰ,তাল,সমলয়,ছন্দ আৰু এইবোৰৰ মাজত থকা আন্তঃসম্পৰ্ক- বিশেষকৈ এইবোৰৰ লগত দ্ৰুততাৰ সম্পৰ্কৰ বিষয়ে যদি আমি গভীৰভাবে উপলব্ধি কৰিবলৈ চেষ্টা ক’ৰো তেন্তে দেখিম যে বিভিন্ন ক্ষণত বেলেগ বেলেগ ৰূপত আত্মপ্রকাশ কৰি সংগীতে বিশ্ব প্রকৃতি, মানুহ আৰু মানৱীয় সম্পৰ্কৰ বৈচিত্র্য আমাৰ আগত তুলি ধৰে। সেইফালৰ পৰা সংগীত জীৱনৰ উত্তম পঢ়াশালি। কিন্তু, পৰিহাসৰ কথা এইটোৱে যে একে সময়তে এই সংগীতেই আমাক সকলো পাহৰাই ৰাখিব পাৰে, ই পলায়নবাদীও হ’ব পাৰে। এই বৈপৰীত্যই, দ্বৈত চৰিত্ৰই সংগীতক অতি কৌতূহলোদ্দীপকো কৰি তোলে। সংগীত যেন আমাৰ বিচাৰ্য নহয়, সংগীতৰ দ্বাৰা আমি কেনেকৈ প্ৰভাৱিত হৈছোঁ, সংগীত সম্পর্কে আমি কি প্রতিক্রিয়া প্রকাশ কৰিছোঁ সেইটোহে গুৰুত্বপূৰ্ণ কথা। এইক্ষেত্রত সংগীতক ভগৱানৰ লগত তুলনা কৰিব পাৰি। আমি ভগৱানৰ বিষয়ে কোনো অর্থপূর্ণ আলোচনা কৰিব নোৱাৰোঁ, ভগৱানৰ বিষয়ে প্রতিক্রিয়াহে প্ৰকাশ কৰিব পাৰোঁ।” চায়দেও বৰেনবয়মৰ মতামত সমর্থন কৰিছে।

আমি কলা সম্পৰ্কে এই সকল লোকৰ আলোচনা আৰু তত্ত্বক কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰো।কিন্তু তাৰ আৰ্হিতে জানো জুবিনক বা জুবিনৰ প্ৰতিভাৰ সম্পূৰ্ণ আলোচনা আগবঢ়াব পাৰিম? বোধহয় নোৱাৰিম। প্ৰতিভাৰ সংজ্ঞা কি? ই সকলো সংজ্ঞা মানি চলিও তাৰ উৰ্দ্ধত। একক আৰু অসাধাৰণ। এইখিনিতে প্ৰখ‍্যাত হিন্দী কথা সাহিত‍্যিক ফণীশ্বৰনাথ ৰেণুৰ বিষয়ে বিশিষ্ট সমালোচক ভাৰত যাযবৰে কোৱা কথা এষাৰ  মনত পৰিছে। তাৰ আগতে তেওঁৰ বিষয়ে জ্ঞানপীঠ বঁটা বিজয়ী নিৰ্মল বৰ্মাই কি কৈছিল চাওকচোনঃ “বিহাৰৰ ক্ষুদ্ৰ ভূখণ্ডৰ হাতৰ তলুৱাত তেওঁ সমস্ত উত্তৰ ভাৰতৰ  কৃষক সকলৰ ভাগ‍্য ৰেখাদাল আঁকি পেলাইছে” (उन्होंने बिहार के एक छोटे से भू-भाग को हथेली पर लिये समस्त उत्तर भारत के किसानों की भाग्य-रेखाओं को उकेर डाला) নিৰ্মল বৰ্মাই ৰেণুৰ বিষয়ে এইটো কম কথা কৈছিলনে?‍ এতিয়া ভাৰত যাযবৰৰ উক্তিটোলৈ আহিছোঁ। তেওঁ কৈছিলঃ “ৰেণু এনে এগৰাকী প্ৰতিভাবান কথা শিল্পী আছিল যে তেওঁৰ কাহিনীৰ সঠিক মূল‍্যায়ণ কৰিবলৈ আমি এক নতুন সমালোচনা ৰীতি বা নন্দনতত্ত্বৰ সৃষ্টি কৰি ল’ব লাগিব।”

গতিকে জুবিনৰ সাংগীতিক প্ৰতিভাৰ বিচাৰ কৰিবলৈও যেন আমি এটা নতুন দৃষ্টিভংগী, নন্দনতত্ত্ব বিচাৰি উলিয়াব লাগিব। মই এটা কথা লক্ষ‍্য কৰিছোঁ যি সকল অসাধাৰণভাবে প্ৰতিভাবান ব‍্যক্তি তেওঁলোকৰ বেছিভাগেই কিন্তু স্বশিক্ষিত (self taught)। তেনে উদাহৰণ অলেখ। কিন্তু এই মুহূৰ্তত মোৰ মনলৈ অহা কেইটামান নাম হ’ল ৰবীন্দ্ৰনাথ, আইনষ্টাইন, জেন গুডল, স্তীভ জবচ,স্পীনোজা, ৱিটগেনষ্টাইনে, বীথোভেন। এওঁলোকে বিভিন্ন বিষয়ত সাধন কৰা উৎকৰ্ষ অনন‍্য সাধাৰণ। কিন্তু এওঁলোকৰ প্ৰথাগত প্ৰশিক্ষণ নাছিল। ঠিক সেই একে পথৰ পঠিক আছিল জুবিন গাৰ্গ। এটা সময় আছিল যেতিয়া জুবিনৰ বিষয়ে মই বিশেষ একো  জনা নাছিলোঁ। এতিয়া জুবিনৰ বিষয়ে যিমানেই জানিছোঁ সিমানেই উপলব্ধি কৰিছোঁ যে জুবিন যেন ভূপেন হাজৰিকাতকৈ বেছি বহুমুখী আৰু ওখহে আছিল। জুবিন কাৰো হাত ধৰি আগবঢ়া মানুহ নাছিল। জুবিন আছিল সম্পূৰ্ণ স্বনিৰ্ভৰ আৰু স্বশিক্ষিত।

জুবিনৰ তাত আমি কি পালোঁ? ভূপেন হাজৰিকাৰ সাংগীতিক প্ৰতিভা অসাধাৰণ আছিল। কিন্তু তেওঁৰ সময়ো জুবিনৰ সময়তকৈ বেলেগ আছিল। মনত ৰাখিব, দেশে স্বাধীনতা লাভ কৰাৰ সময়ত ভূপেন হাজৰিকাৰ বয়স আছিল ২১ বছৰ। তাৰমানে স্বাধীনতা আন্দোলনে তেওঁক ভালকৈয়ে চুইছিল। তাৰ পিছত আহিল জ‍্যোতি-বিষ্ণু, গণনাট‍্য সংঘৰ প্ৰভাবৰ কথা। বামপন্থী সাংস্কৃতিক কৰ্মী হেমাংগ বিশ্বাসৰ সান্নিধ‍্যৰ কথা। জুবিনৰ জন্ম ১৯৭২ চনত। জুবিন ডাঙৰ দীঘল হৈছিল সম্পূৰ্ণ এক বন্ধ‍্যা আৰু অৱক্ষয়ী সময়ত। জুবিনৰ প্ৰতিভাৰ স্ফুৰণ হৈছিল নবৈৰ দশকত। সেই সময় আছিল উদাৰীকৰণৰ সময়। কিন্তু জুবিনে কি কৰিছিল? জুবিনৰ ঘৰত সংগীত আৰু বৌদ্ধিক চৰ্চাৰ এটা পৰিবেশ আছিল। জুবিন অসমীয়া, ভাৰতীয় আৰু বিশ্ব সংগীতৰ প্ৰৱাহৰ লগত পৰিচিত আছিল। আমি যে সুৰৰ কথাটো ইতিমধ‍্যে উল্লেখ কৰিছোঁ সেই পৰম্পৰাটো জুবিনে সুন্দৰকৈ আয়ত্ব কৰিব পাৰিছিল। কিন্তু জুবিনৰ গীতত প্ৰেম আৰু যৌৱনে কিয় ইমান প্ৰাধন‍্য পাইছিল? কোনো সামাজিক আন্দোলনৰ অবৰ্তমানত তৰুণ প্ৰজন্মৰ জীয়াই থকাৰ সম্বল কি? প্ৰেম আৰু যৌৱন নহয় জানো? গতিকে জুবিনৰ গীতত সেই ফালৰ পৰা প্ৰেম আৰু যৌৱনে গুৰুত্ব পোৱাত আচৰিত হ’ব লগা একো নাই। কিন্তু তেওঁৰ আগ বয়সৰ প্ৰেমৰ গীত বোৰ বিশেষকৈ ‘মন যায়’, ‘অনামিকা’ ‘মায়াবিনী’ ‘অনুৰাধা’ ‘দিন জ্বলে ৰাতি জ্বলে’ ‘অ’ বাঁহী’ আদি গীতবোৰৰ সুৰ আৰু কথাৰ মাজত কি সমন্বয় আৰু সংহতি! এই গীতবোৰত প্ৰেম প্ৰাণ চঞ্চল ৰৌদ্ৰজ্বল। আৰু ক’ৰবাত ক’ৰবাত ৰহস্যঘনো।

এইখিনিতে আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ। ওপৰত কলাৰ চৰিত্ৰৰ বিষয়ে আলোচনা কৰোতে মই ৰবীন্দ্ৰনাথৰ প্ৰসংগটো অনা নাছিলোঁ। ৰবীন্দ্ৰনাথৰ সংগীতৰ বিষয় বৈচিত্ৰ‍্যৰ লগত কিন্তু জুবিনৰ সংগীতৰ মই বহু মিল দেখোঁ। ৰবীন্দ্ৰ সংগীতৰ বিশালতা আৰু গভীৰতাৰ লগতহে যেন জুবিনৰ সংগীতৰ মিল। জ‍্যোতি প্ৰসাদ, বা ভূপেন হাজৰিকাৰ কোনো কোনো গীত বাহ‍্যিকভাবে বক্তব‍্য প্ৰধান, সামান‍্য প্ৰচাৰধৰ্মীও। ৰবীন্দ্ৰনাথ বা জুবিনৰ গীতত কিন্তু তাৰ লেখমানো নাই। আৰু জুবিনে কি গীত গোৱা নাছিল! বৰগীত, বনগীত, লোকগীত, বিহু, আৰু অসমৰ বিভিন্ন ভাষাত, ভাৰতৰ বিভিন্ন ভাষাত জুবিনে গীত গাইছিল। তেওঁ নিজেই কৈছিলঃ “মই কেৱল বিয়ানাম গাবলৈ বাকী আছে”।

আগতেই কৈছোঁ- গীত কি? সুৰ আৰু কথা। ভূপেন হাজৰিকাৰ কিছুমান গীতৰ কথা মৰ্মস্পৰ্শী। কিন্তু কিছুমানৰ কথা একো নাই, সুৰেই টানি লৈ যায়। জুবিনেতো এঠাইত কৈয়ে দিলে কোনো কোনো ক্ষেত্ৰত সুৰটো দিয়াৰ পিছতহে গীতটোৰ কথা ঠিক কৰা হয় বুলি। কলাত কেতিয়াও বক্তব‍্য প্ৰত‍্যক্ষ হ’ব নোৱাৰিব-তেনে কথা নাই। আৰু তাৰ বিপৰীতটোও সঁচা। সকলো কলাতে, আৰু বিশেষকৈ কবিতা আৰু সংগীতত। ধ্ৰপদী নৃত‍্য এটি চাই থাকোতে আমি গীতটো শুনিবলৈ, বুজিবলৈ চেষ্টা কৰোঁনে বাদ‍্য আৰু নৃত‍্যৰ লহৰত মজি যাওঁ?

জুবিনৰ গীতৰ দেহজ প্ৰেমৰ কথাটোত বহুতেই নাক কোচাইছিল। কিন্তু দেহজ বস্তুটো কি? মই মাজতে শংকৰদেৱৰ ‘হৰমোহন কাব্য’, ভূপেন হাজৰিকাৰ ‘বিমূৰ্ত মোৰ নিশাটি যেন’ গীতটি  আৰু ইজিপ্তৰ একালৰ প্ৰখ‍্যাত বেলে নৃত‍্য পটয়সী টাহিয়া কাৰিওকা (১৯১৫-১৯৯৯)ৰ বিষয়ে এডোৱাৰ্ড চায়েদে তেওঁৰ ‘Reflections on Exile’ নামৰ কিতাপৰ ‘Homage to a Belly-Dancer’ নামৰ প্ৰবন্ধটোৰ কথা উল্লেখ কৰি ‘কামনাৰে তেজ ৰঙা’ বুলি কলাত দেহজ প্ৰেমৰ বিষয়ে এটা প্ৰবন্ধ লিখিছিলোঁ। তাৰ পিছত মই জেচন হিকেল(১৯৮০- )ৰ ‘Divide’ আৰু ‘Less Is More’ পঢ়ি কৃষ্ণাংগ অস্তিত্ব আৰু কৃষ্ণাংগ সকলৰ মুক্তিৰ কাৰণে নিজৰ জীৱন উছৰ্গা কৰা প্ৰখ্যাত কৃষ্ণাংগ কবি, চিন্তাশীল লেখক আৰু ৰাজনীতিক এমে চিজাৰে(১৯১৩-২০০৮)ৰ ওচৰ চাপিছিলোঁ। তেওঁৰ লেখাৰ মূল প্ৰতিপাদ‍্য আছিল কৃষ্ণাংগ অস্তিত্ব আৰু কৃষ্ণাংগ সকলৰ মুক্তি। তেখেতৰ  ‘Return to My Native Land’ মাত্ৰ ৬৫ পৃষ্ঠাৰ এটা কবিতাৰে এখন কবিতা পুথি। এই বিখ‍্যাত কবিতাটিৰ পাতনিত জেচন এলেন-পিজেন্টে (১৯৮০- )কি কৈছিল চাওকচোনঃ “চিজেয়াৰৰ কবিতাটি মোৰ শৰীৰটোৰ বিষয়ে। তেওঁৰ কবিতাৰ ধ্বনি মোৰ শৰীৰৰ চিনাকি। তেওঁৰ কবিতা ছন্দায়িত ঢোলৰ শব্দৰ এক যাদুখনা আকৰ্ষণ। এতিয়া কবিতাটিৰ প্ৰতিটো শব্দৰ অৰ্থ মই বুজি পাওঁ। কিন্তু  ধ্বনিৰেহে,মনেৰে নহয় শৰীৰৰেহে মই কবিতাটিৰ ওচৰ চাপো। তাৰ অৰ্থ কৰোঁ। সাংগীতিক মূৰ্ছনা, নীৰৱতা,স্বৰ,অৱৰোহন, নিচুকনি, বিষাদ আৰু ধ্বনিৰ গভীৰতা আৰু তীব্ৰতাৰ পৰিবৰ্তনৰ যোগেদি মই কবিতাটো বুজি পাওঁ। কবিতাটি মোৰ হৈ পৰে। ফুটাই নপঢ়িলে কবিতাটি বুজিব নোৱাৰি।” তেন্তে দেহজ প্ৰেমক আমি অস্বীকাৰ কৰো কেনেকৈ? ৰীতা চৌধুৰীয়ে লোৱা সাক্ষাৎকাৰটোত জুবিনে  শৰীৰৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কোৱা নাছিলনে?

পাৰ্থ সাৰথি মহন্তৰ লগত হোৱা কথোপকথন এটাত জুবিনে তেওঁ কিয় উচ্চ লয়ত গীত গায় তাৰ ব‍্যাখ‍্যা দিবলৈ গৈ বীথোভেনৰ উদাহৰণ এটা দিছিল। এই ক্ষেত্ৰত ‘Parallels And Paradoxes: Exploration in Music and Society’ চাইদৰ প্ৰশ্ন এটাৰ উত্তৰত বাৰনবইমে কি কৈছিল চাওকচোনঃ “সংগীত পৰিৱেশন নৈঃশব্দ্যত আৰম্ভ হৈ নৈঃশব্দ্যতে লীন যোৱা এক কলা। আধুনিক প্রযুক্তিৰ সহায়ত আমি সংগীত বাণীবদ্ধ কৰিব পাৰোঁ। কিন্তু ই কেতিয়াও (পৰিৱেশক আৰু শ্রোতা-দর্শকৰ বাবে) জীৱন্ত পৰিৱেশনৰ দৰে হ’ব নোৱাৰে। পৰিৱেশনৰ আগতেও এক শূন্যতা, পিছতো এক শূন্যতা। (এই সন্দর্ভত বীথোভেনৰ পঞ্চম চিম্ফনীৰ উদাহৰণ এটা দি বৰেনবয়মে বৰ মৰ্মস্পর্শী কথা এটা কৈছে) চিম্ফনীটো শেষ কৰাৰ আগত তাক যিমান পাৰি সিমান সময়লৈ ধৰি ৰাখিবলৈ যেন এক আপ্রাণ চেষ্টা, কিয়নো শেষ হোৱাৰ পিছততো আৰু একোৱেই নাথাকিব।শব্দ (ধ্বনি) অবিহনে সংগীত অসম্ভৱ। পিছে মাধ্যাকর্ষণ শক্তিয়ে বস্তু এটাক অনবৰতে তললৈ টানি থকাৰ দৰে নীৰৱতায়ো অনবৰতে শব্দ শুহি ল’ব বিচাৰে। এই ভৌতিক নিয়ম উলংঘা কৰিয়ে সংগীতকাৰে সংগীত সৃষ্টি কৰে; সেই কাৰণেই তেওঁলোক সাহসী। কিন্তু, শব্দ এবাৰ সৃষ্টি কৰিলেতো নহ’ব তাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পাৰিব লাগিব; গতিকে প্রথম স্বৰ আৰু দ্বিতীয় স্বৰৰ মাজৰ ধাৰাবাহিকতা কেনেকৈ ৰক্ষা কৰা হ’ব; (দ্বিতীয় আৰু তৃতীয়ৰ মাজত আৰু এনেদৰে…); উচ্চস্বৰ আৰু নিম্নস্বৰৰ মাজত সংঘাত আৰু সমলয় সৃষ্টিৰে এক সাংগীতিক উত্তেজনা ৰচনা কৰিবলৈ চেষ্টা কৰা হয়। শব্দ যিহেতু ক্ষণস্থায়ী সেয়ে সংগীত সৃষ্টিক এক ভ্রম সৃষ্টিৰ কলা (art of illusion) বুলিও ক’ব পাৰি।”

জুবিনৰ তাত আমি কি পাওঁ? যুব প্ৰজন্মই কি পায়? শংকৰ-মাধৱ, জ‍্যোতি-বিষ্ণু, আৰু ভূপেন-জুবিনত কি আছে? শংকৰ-মাধৱত ভাৰতৰ আলোকত অসমখন আৰু সুকীয়াকৈ অসমখনো আছে। জ‍্যোতি-বিষ্ণু আৰু ভূপেন-জুবিনত পৃথিৱীখন, ভাৰতখন আৰু অসমখন আছে। তেওঁলোকৰ সুৰত, গীতত আমি আমাৰ পৰিচয়টো দেখাপাওঁ। আমি আমাক দেখাপাওঁ। জুবিনৰ তাত আমি অতিৰিক্তভাবে পাওঁ  এক অফুৰন্ত প্ৰাণচঞ্চলতা। জুবিনৰ গীতৰ ধ্বনি কেৱল কন্ঠৰ পৰা নোলোয়, তেওঁৰ পেট আৰু বুকুৰ পৰাও ওলায়। মনত পেলাওক ‘সপোন সপোন যেন মোৰ ভালপোৱা বোৰলৈ’। আৰু তেনে কত গীত! জুবিনৰ গীত কেৱল গীত নহয়। জুবিনৰ গীত জুবিনৰ সময়ৰ প্ৰতিধ্বনি। সেয়ে জুবিনৰ গীতত জুবিন প্ৰজন্মই,তৰুণ প্ৰজন্মই নিজক বিচাৰি পায়। সেয়ে এতিয়া জুবিনক বিচাৰি তেওঁলোকে হাবাথুৰি খাইছে। বাৰে বাৰে জুবিনৰ গীত শুনি, জুবিনৰ বাণীবদ্ধ সাক্ষাৎকাৰ বাৰে বাৰে শুনি তেওঁলোকে জুবিনক তেওঁলোকৰ মাজত ধৰি ৰাখিব বিচাৰিছে, জীয়াই ৰাখিব বিচাৰিছে। আৰু এটা কথা, জুবিনে গীত গাওতে তেওঁৰ উচ্ছাৰণ বোৰ শুনিবচোন। কি স্পষ্ট, শুৱলা!

কি জুবিনৰ তাত কোনো দ্বিধা, দ্বন্দ নাছিল নেকি? কিয় নাথাকিব? সমাজ আৰু সংগীতৰ মাজৰ সম্পৰ্ক জুবিনে সমাধান কৰিব পাৰিছিলনে? অজিত কুমাৰ ভূঞাই তেওঁ জুবিনৰ সৈতে লোৱা সাক্ষাৎকাৰ এটাত চে গুৱাভাৰৰ প্ৰসংগ আনি সমাজ বিপ্লৱৰ লগত সংগীতৰ, জুবিনৰ সম্পৰ্কৰ বিষয়ে সুধিছিল। এই ধৰণৰ প্ৰশ্ন সুধি অইনেও জুবিনক ব‍্যতিব‍্যস্ত কৰিছিল। জুবিনে তাৰ সংগতিপূৰ্ণ উত্তৰ দিব পাৰিছিলনে? এবাৰ জুবিনে পল ৰবচনৰ উদ্ধৃতি দি কৈছিল যে গীটাৰেৰে বিপ্লৱ আনিব পাৰি। সমাজ আৰু সংগীতৰ মাজৰ সম্পৰ্ক জুবিনে বুজি পাইছিল। কিন্তু সমাজ পৰিবৰ্তনত সংগীতে কেনেকৈ সহায় কৰিব? কোনে দিব তাৰ উত্তৰ? তাৰ কি উত্তৰ? সাধাৰণ মানুহৰ কাৰণে জুবিনৰ অন্তৰাত্মাই সদায় হাহাকাৰ কৰি উঠিছিল। জুবিনে যে অনবৰতে মানুহক সহায় কৰিছিল তাৰ দ্বাৰাই হয়তো জুবিনে এই দ্বন্দ্বৰ কিবা এটা সমাধান  বিচাৰিছিল। জুবিনে নিজেই কৈছিল প্ৰতিবাদত বহি তেওঁ প্ৰতিবাদ নকৰে। কথাৰে গীতেৰে প্ৰতিবাদ কৰে। আহা কি মৰম লগাকৈ কৈছিল- “মই পি এম, চি এম কাকো ভয় নকৰো। মোৰ কথা নুশুনিলে মই জেং কৰি দিম।”

মৃত জুবিন জীৱিত জুবিনতকৈ কিয় বেছি প্ৰভাৱশালী আৰু শক্তিশালী?এই ক্ষেত্ৰত দুটা কথা  গুৰুত্বপূৰ্ণ। জুবিনৰ অনুপ্ৰেৰণা আছিল জনগণ। জনগণ অবিহনে আমি জুবিনৰ কথা ভাবিব নোৱাৰোঁ। আন এচামে যি সকলে অনবৰতে জুবিনক আগুৰি আছিল, তেওঁলোক আছিল জুবিনৰ অনুগ্ৰহ প্ৰাৰ্থী। জুবিনৰ পৰা সুবিধা লোৱা মানুহ। এইচাম মানুহে সদায় খ‍্যাতি আৰু ক্ষমতাৰ পিছে পিছে ঘূৰি ফুৰে। জুবিনৰ মৃত‍্যৰ খবৰ বিয়পি পৰাৰ লগে লগে যিসকল লোক তেওঁৰ ঘৰত গোট খাইছিল ,চিংগাপুৰৰ পৰা জুবিনৰ মৃতদেহ আহি পাওতে যি সকল লোকে বিমান বন্দৰত ভিৰ কৰিছিল, জুবিনৰ মৃতদেহ সৰুসজাইত ৰাখোতে যি সকল তালৈ গৈছিল, জুবিনৰ নশ্বৰদেহ সৎকাৰৰ সময়ত যি সকল উপস্থিত আছিল, যি সকলে এতিয়াও জুবিনৰ সমাধিলৈ গৈ আছে আৰু যি সকলে  #JusticeForZubeenGarg বুলি দাবী কৰি আছে, সেই সকল লোক জুবিনৰ প্ৰেৰণাৰ উৎস আছিল। এতিয়া তেওঁলোকেই জুবিনৰ আদৰ্শ আৰু  সংগীত জীয়াই ৰাখিব।

সকলো মানুহৰে কিছু সীমাবদ্ধতা থাকে। জুবিনৰো আছিল। কিন্তু জুবিনৰ প্ৰকৃত অনুৰাগী সকলে কি কৰিছে? জুবিনৰ সীমাবদ্ধতালৈ যোৱা নাই। সেইফালে ঘূৰিয়ে চোৱা নাই। তেওঁলোকে মন দিছে জুবিনৰ সৌৰভত। তেওঁৰ অমৰ সৃষ্টিত। ভূপেন হাজৰিকাই গাইছিল মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা? জুবিনে মানুহৰ বাবে ভাবিছিল বাবেই দুৰ্বল মানুহক সহায় কৰিছিল। জুবিনৰ অনুৰাগী সকলে মন দিছে তাত। জুবিনে কৈছিল মোৰ কোনো জাতি নাই ধৰ্ম নাই। এতিয়া জুবিন অনুৰাগীয়ে সেইটোকে উৰ্দ্ধত তুলি ধৰিছে। জ‍্যোতিপ্ৰসাদে লিখিছিল ‘ময়েই অসমৰ ময়েই ভাৰতৰ’। ভূপেন হাজৰিকাই কি সুৰত সেই গীতটি গাইছিল। জুবিন আছিল তাৰ জীৱন্ত প্ৰতীক।

জুবিন আছিল এগৰাকী প্ৰকৃতি প্ৰেমী।পশু পক্ষী প্ৰেমী। স্পীনোজাৰ সেই অখণ্ড জীৱনত জুবিনে বিশ্বাসী আছিল। ৰোলাঁ বাৰ্থছে ‘লেখকৰ মৃত‍্যু’ ধাৰণাৰে পাঠৰ ব‍্যাখ‍্যা পাঠকৰ ওপৰত এৰি দিছিল লেখকৰ অভিপ্ৰায়ৰ বাহিৰত। কিন্তু ওড়িশা উচ্চ ন‍্যায়ালয়ৰ প্ৰাক্তন মুখ‍্য ন‍্যায়াধীশ মূৰালীধ (১৯৬১-)ৰে সেইদিনা কৈছিল যে সংবিধানৰ প্ৰগতিশীল ব‍্যাখ‍্যা কৰিব লাগে। তাৰমানে সংবিধানিক ব‍্যাখ‍্যাৰ ইতিবাচক সম্প্ৰাসৰণ সম্ভৱ। জুবিনৰ ক্ষেত্ৰতো আমি সেইটো কৰিব লাগিব।জুবিনে যেনেকৈ নিজৰ সৃষ্টিক সমৃদ্ধ কৰিবলৈ সদায় নতুন নতুন সম্পৰীক্ষা কৰিছিল। নতুন প্ৰজন্মই সেই শিক্ষা ল’ব লাগিব। জুবিনে জাতি,ধৰ্মৰ উৰ্দ্ধত গৈ এখন সমন্বয়ৰ অসম গঢ়িব বিচাৰিছিল।আমিও সেই আদৰ্শ ল’ব লাগিব। জুবিনে সদায়, গৰীৱ, আৰ্তজনৰ ওচৰত থিয় দিছিল। সেয়ে,আমিও অৰ্থনৈতিক বৈষম‍্যৰ বিৰোধিতা কৰিব লাগিব। জুবিনক লৈ সো বাও কৰা অনুচিত। জুবিনে কথাৰে নহয় কামেৰে প্ৰমাণ কৰি থৈ গ’ল যে তেওঁ আছিল এক অনন‍্য প্ৰতিভাৰ অধিকাৰী এক উজ্জ্বল নক্ষত্ৰ আৰু এক মহান মানবতাবাদী। প্ৰাণোচ্চল জুবিন সদায় আমাৰ হিয়াৰ মাজত জীয়াই থাকিব। আমাৰ অন্তৰে জুবিনৰ বাবে বিনাই থাকিব।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm
সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

June 4, 2026 5:15 pm
ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd