• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম গণ পৰিষদ দলে অকলেই খেলিব পঞ্চায়ত নিৰ্বাচন; ৫ এপ্ৰিলত ৰণশিঙা বজাব খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত  

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2018 7:52 am
26-03-18 Guwahati- AGP party meeting (2)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যিক নিৰ্বাচন আয়োগে বিহুৰ পাছতে অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি কৰা ঘোষণাৰ পাছতেই ৰাজ্যৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ ব্যস্ততা হৈ পৰিছে। পিছ পৰি ৰোৱা নাই বিজেপি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল অসম গণ পৰিষদো। আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলেই প্ৰতিদ্বণ্ডিতা আগবঢ়াব বুলি অগপৰ নেতৃত্বই পুনৰ এবাৰ স্পষ্ট ৰূপত প্ৰকাশ কৰে।

সোমবাৰে দলটোৰ আমবাৰীস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত এখন নিৰ্বাচন প্ৰস্তুতি সম্পৰ্কে সভা অনুষ্ঠিত হয়। জিলা সমিতিসমূহৰ সভাপতি-সম্পাদক আৰু ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি-সাধাৰণ সম্পাদকসকলৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ আলোচনাখন অনুষ্ঠিত হয়। এই আলোচনাত অধিকাংশ জিলা সমিতিয়ে পঞ্চায়ত নিৰ্বাচন অকলেই প্ৰতিদ্বণ্ডিতা কৰিব লাগে বুলি দৃঢ়তাৰে মত প্ৰকাশ কৰে।

Apply Now

ইফালে দলৰ সভাপতি তথা কৃষি, পশুপালন আদি দপ্তৰৰ মন্ত্ৰী অতুল বৰাই মিত্ৰতা সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি কয় যে তৃণমূল নেতা কৰ্মীসকলৰ মতৰ ওপৰতহে দলে সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে অগপই পঞ্চায়ত নিৰ্বাচনৰ বাবে প্রথমবাৰৰ বাবে ৰণশিঙা বজাব ৫ এপ্ৰিলৰ দিনা গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত। উক্ত দিনা দলটোৰ বুথ পৰ্যায়ৰ কৰ্মী সন্মিলন অনুষ্ঠিত হ’ব। বুথ কৰ্মী সন্মিলনৰ প্ৰস্তুতি সম্পৰ্কেও কালি আলোচনা কৰা হয়।

আনহাতে কালিৰ সভাত জিলা সমিতিসমূহে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কিমানদূৰ অগ্ৰগতি লাভ কৰিছে সেই সন্দৰ্ভতো আলোচনা কৰা হয়।

তাৰোপৰি বুথ পৰ্যায়ৰ কৰ্মী সন্মিলনখন যাতে সৰ্বোতপ্ৰকাৰে সফল কৰি তুলিব পাৰি তাৰ বাবে সকলো নেতা কৰ্মীকে সভাপতি অতুল বৰাই আহ্বান জনায়। তেওঁ লগতে কয় যে এই সন্মিলনখনত ৰাজ্যৰ কমেও পঞ্চাশ হেজাৰৰো অধিক লোক সমবেত কৰি অসম গণ পৰিষদ দলৰ শক্তি প্ৰদৰ্শন কৰিব লাগিব।

সভাপতি অতুল বৰাই লগতে প্ৰাৰ্থী নিৰ্বাচনৰ সময়ত যাতে কোনো ধৰণৰ বেমেজালি সৃষ্টি নহয় তাৰ প্ৰতিও নজৰ ৰাখিবলৈ অনুৰোধ জনায়। আৰু ৰাজ্যৰ সকলো তৃণমূল কৰ্মীকে নিৰ্বাচনৰ বাবে অধিক উদ্যমেৰে কাম কৰিবলৈ আহ্বান জনায়।

আমবাৰীত অনুষ্ঠিত হোৱা এই আলোচনাত দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত, জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰী, প্ৰাক্তন সভাপতি তথা বিধায়ক বৃন্দাবন গোস্বামী, বিধায়ত সত্যব্ৰত কলিতা, ভৱেন্দ্ৰ নাথ ভৰালী আদিয়ে অংশ লয়।

আনহাতে যোৱা শণিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে খানাপাৰাৰ জনসভাত অংশ লৈ ‘মিত্ৰতা চলি আছে, চলি থাকিব’, বুলি কৰা তাৎপৰ্যপূৰ্ণ মন্তব্য সন্দৰ্ভত প্ৰফল্ল কুমাৰ মহন্তৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয়- অমিত শ্বাহ মোৰ বচ নহয়, দলহে মোৰ বচ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd