• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ আটাইতকৈ বঞ্চিত সম্প্ৰদায় হৈছে কলিতা সম্প্ৰদায়ঃ ড০ ৰমেন কুমাৰ কাকতি

চাজিদ খান by চাজিদ খান
January 31, 2018 12:28 pm
cultural procession during Kalita conference
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ আটাইতকৈ বঞ্চিত সম্প্ৰদায় হৈছে কলিতা সম্প্ৰদায়। অসম কলিতা জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক ড০ ৰমেন কুমাৰ কাকতিয়ে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ লগতে কয় যে ৭০ লাখ কলিতা জনগোষ্ঠীৰ লোকে অসমত বসবাস কৰে।

‘বিভিন্ন সময়ত অন্য জনগোষ্ঠীয় সম্প্ৰদায়ে কলিতা সম্প্ৰদায়ৰ বুদ্ধি, শক্তি, বীৰত্বক ধাল হিচাপে ব্যৱহাৰ কৰি লাব আহৰণ কৰা দেখা গৈছে’, এইদৰে কয় কাকতিয়ে।

Apply Now

তেওঁ আৰু কয় যে ৰজা ভগদত্ত, মণিৰাম দেৱান, চহিদ মুকুন্দ কাকতি আৰু অসম আন্দোলনৰ প্ৰথম চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে বহুতো কলিতা সম্প্ৰদায়ৰ লোকে নিজৰ মাতৃভূমিৰ প্ৰতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰি জীৱন উৎসৰ্গা কৰিছে।

ইমানবোৰ মহান বলিদানৰ পিছতো কলিতা জনগোষ্ঠী সমাজত অৱহেলিত হৈ থকাটো দুৰ্ভাগ্যজনক বুলি দুখ প্ৰকাশ কৰে কাকতিয়ে।

দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা কলিতা জনগোষ্ঠী সন্মিলনৰ ১৩ সংখ্যক অধিৱেশনৰ পদ্মকান্ত চহৰীয়া মুকলি স্মৃতিচাৰণ সভাত সাধাৰণ সম্পাদক কাকতিয়ে উক্ত মন্তব্য কৰে। লক্ষ্যণীয় যে সোমবাৰতে উক্ত অধিৱেশখনৰ সামৰণি পৰিছিল।

আনহাতে উক্ত সভাতে কাকতিয়ে বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে ঐতিহাসিক অসম আন্দোলনত চহিদ হোৱা লোকৰ ভিতৰত ৫০ শতাংশই আছিল কলিতা সম্প্ৰদায়ৰ। বিটিচি অধ্যুষিত অঞ্চলত বাস কৰা সম্প্ৰদায়ৰ ভিতৰত কলিতা হৈছে তৃতীয় বৃহৎ সম্প্ৰদায়।

‘দুবছৰ পূৰ্বে তামুলপুৰত অনুষ্ঠিত হোৱা সংগঠনটোৰ অধিৱেশনত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিএডিত বাস কৰা অন্য সম্প্ৰদায় লোকৰ ভূমি অধিকাৰ ৰক্ষাৰ যি আশ্বাস প্ৰদান কৰিছিল সেয়া এতিয়ালৈ কাৰ্যত পৰিণিত নকৰিলে’ এই বুলিও তেওঁ ক্ষেদ প্ৰকাশ কৰে।

কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ড০ ভবেন চন্দ্ৰ কলিতাই সভাপতিত্ব কৰা মুকলি সভাত ভৈৰৱকুণ্ড বিটিচি পৰিষদৰ সদস্য ৰিপেন দৈমাৰীৰ লগতে অন্য ব্যক্তিও উপস্থিত থাকে।

এই সন্মিলনখনৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা স্মাৰকগ্ৰন্থ ‘কুলতা’ উন্মোচন কৰে ৰাষ্ট্ৰীয় গ্ৰামীণ উন্নয়ন সংস্থাৰ মুখ্য উপদেষ্টা ড০ ফনীন্দ্ৰ ডেকাই।

উল্লেখযোগ্য যে সন্মিলনৰ অন্তিমদিনাৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাৰ শুভউদ্বোধন কৰে ওদালগুৰিৰ জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে। অন্তিম দিনা নিশা অসমৰ জনপ্ৰিয় গায়িকা গিতালী কাকতিয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।

স্মৰ্তব্য যে অন্তিমখন কাৰ্যনিৰ্বাহকৰ অন্তত এখন নতুন সমিতি গঠন কৰে সংগঠনটোৱে।

নতুনকৈ গঠন হোৱা সমিতিখন হ’ল ড০ ভবেন চন্দ্ৰ কলিতা, সভাপতি, ড০ পবীন্দ্ৰ নাথ তালুকদাৰ কাৰ্যকৰী সভাপতি, ড০ ৰমেন কুমাৰ কাকতি সাধাৰণ সম্পাদক, জয়সূৰ্য্য বৰা আৰু কাজল বৰাক উপসভাপতি, ডালিম বায়ন, দিপক কলিতা, প্ৰদীপ বৰাক সম্পাদক আৰু অখিল কলিতাক প্ৰচাৰ সম্পাদক।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd