• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি চিত্ৰগৃহত মুক্তি পাব বহু প্ৰতীক্ষিত অসমীয়া চলচ্চিত্ৰ আলিফা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 8:09 am
alifa-2-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া চলচ্চিত্ৰ উদ্যোগত সংযোজিত হ’ল আৰু এখন মননশীল ছবি। আজি অসমৰ কেইবাটাও চিত্ৰগৃহত মুক্তি পাব দীপ চৌধুৰী পৰিচালিত বহু প্ৰতীক্ষিত ছবি আলিফা।

যোৱা ৩০ মাৰ্চত কলকাতাত মুক্তি পোৱাৰ পিছত দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি পোৱা আলিফাই অসমতো যথেষ্ট সমাদৰ লাভ কৰিব বুলি আশা কৰিছে প্ৰযোজক গোষ্ঠীয়ে।

Apply Now

অসমীয়া চলচ্চিত্ৰ জগতত নতুন সংযোজন এই চলচ্চিত্ৰখনৰ ব্যতিক্ৰমী দিশটো হ’ল ইয়াৰ বিষয়বস্তুৰ লগতে শিল্পীসকলৰ অভিনয়। জীৱনৰ আশা, বিষাদ আৰু সংঘাত সকলোখিনিয়ে ছবিখনত নান্দনিকতাৰে স্থান পাইছে।

চলচ্চিত্ৰখন চিত্ৰ সমালোচকৰ বাবে যেনেকৈ এখন নতুন মাত্ৰাৰ ছবি, একেদৰে সাধাৰণ দৰ্শকৰ বাবেও ই এখন উপভোগ্য ছবি।

কলকাতাত মুক্তি পোৱাৰ পিছত প্ৰসিদ্ধ ছবি নিৰ্মাতা অনিন্দিতা সৰ্বাধিকাৰীয়ে আলিফাক এখন পেইন্টিঙৰ সৈতে ৰিজাই সৰ্বাংগসুন্দৰ ছবি বুলি অভিহিত কৰিছে।

Jaua-Alifa
আলিফাৰ এটি দৃশ্যত জয়া শীল ঘোষ

কলকাতাৰ দৰ্শকে ছবিখনত অভিনয় কৰা শিল্পীসকলৰ অভিনয়ক ভূয়সী প্ৰশংসা কৰিছে। ছবিখনৰ মূখ্য ভূমিকাত অভিনয় কৰা অভিনেত্ৰী জয়া শীল ঘোষ আৰু অভিনেতা বাহাৰুল ইছলামৰ অভিনয়ে মুগ্ধ কৰিছে ৰুচিশীল দৰ্শকসকলক।

আলিফা চলচ্চিত্ৰখনত গান মাথোঁ এটাই আছে। বিক্ৰম ঘোষৰ আবহ সংগীতে ছবিখনক বিশেষ মাত্ৰা প্ৰদান কৰিছে।

পৰিচালক দীপ চৌধুৰীৰ পৰিচালনাৰ দিশটোও শলাগিবলগীয়া। ছবিখনৰ শিল্পীসকলেও পৰিচালকগৰাকীৰ কামৰ প্ৰতি থকা প্ৰগাঢ় নিষ্ঠাৰ কথা সুঁৱৰি কৃতজ্ঞতা প্ৰকাশ কৰিছে।

কলকাতাৰ সমান্তৰালভাৱে অসমতো ছবিখনে ৩০ মাৰ্চত মুক্তি পোৱাৰ কথা আছিল যদিও ‘বিশেষ কাৰণ’ত অসমত মুক্তিৰ দিন ৬ এপ্ৰিললৈকে স্থগিত ৰাখিবলগীয়া হৈছিল।

Baharul-alifa
আলিফাত বাহাৰুল ইছলাম

আজি আলিফা অসমৰ ছয়টা চিত্ৰগৃহত মুক্তি পাব। গুৱাহাটীৰ অনুৰাধা চিনেমাৰ লগতে পল্টনবজাৰৰ গ’ল্ড এ এছ টি চিত, বৰপেটাৰ ইন্দ্ৰপুৰী চিনেমা, ধুবুৰীৰ বিষ্ণু টকীজ, খাৰুপেটীয়াৰ শ্ৰীগণেশ টকীজ আৰু গোৱালপাৰাৰ কল্পনা চিনেমাত ছবিখন মুক্তি পাব।

উল্লেখযোগ্য যে সচৰাচৰ অসমীয়া ছবিৰ প্ৰিমিয়াৰৰ দিনটোত ছবিখনৰ লগত জড়িত লোকসকলে গুৱাহাটীত দৰ্শকৰ সৈতে ভাৱ-বিনিময় কৰাৰ পৰম্পৰাৰ বিপৰীতে প্ৰথমবাৰৰ বাবে আলিফাৰ পৰিয়ালে আজি বৰপেটাত প্ৰথমটো দৰ্শনীৰ পিছতে দৰ্শকৰ সৈতে ভাৱ-বিনিময় কৰিব।

চলচ্চিত্ৰখনৰ প্ৰযোজক গোষ্ঠীয়ে অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজে ছবিখন উপভোগ কৰাৰ লগতে ৰাজ্যখনত ভাল ছবি নিৰ্মাণত উৎসাহ যোগাব বুলি আশা ব্যক্ত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd