• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

উত্তৰ-পূবৰ তিনিখন ৰাজ্যত ভোটগণনা আৰম্ভ : ত্ৰিপুৰাত সৰ্বাধিক সতৰ্কতা অৱলম্বন কৰা হৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2018 8:39 am
Tripura-vote-

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৮ আৰু ২৭ ফেব্ৰুৱাৰিত নিৰ্বাচন অনুষ্ঠিত হোৱা উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে ত্ৰিপুৰা আৰু মেঘালয়, নাগালেণ্ডত আজি পুৱা ৮ বজাৰ পৰা ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে।

ত্ৰিপুৰাত ১৮ ফেব্ৰুৱাৰিত নিৰ্বাচন হোৱাৰ বিপৰীতে মেঘালয় আৰু নাগালেণ্ডত ২৭ ফেব্ৰুৱাৰিত নিৰ্বাচন অনুষ্ঠিত হৈছিল। আটাইকেইখন ৰাজ্যতে মুঠ ৬০ খনকৈ বিধানসভাৰ আসন আছে যদিও আটাইকেইখনতে ৫৯খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। ত্ৰিপুৰা আৰু মেঘালয়ত একোজনকৈ প্ৰাৰ্থীৰ মৃত্যুৰ বাবে এখনকৈ আসনৰ নিৰ্বাচন স্থগিত ৰখা হৈছিল। আনহাতে নাগালেণ্ডত প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাত ৫৯খন আসনৰ বাবেহে নিৰ্বাচন অনুষ্ঠিত হৈছে।

Apply Now

আটাইকেইখন ৰাজ্যৰ ভিতৰত ত্ৰিপুৰাৰ নিৰ্বাচনী ফলাফললৈ সমগ্ৰ দেশে বিশেষ মনোযোগ দি আছে। কিয়নো যোৱা ২৫ বছৰে শাসনত থকা বাওঁ শক্তিক ওফৰাবলৈ ৰাজ্যখনত বিজেপিয়ে বিশেষ চেষ্টা কৰা দেখা গৈছিল। তাৰ বাবে উবুৰি খাই পৰিছিল বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতাসকল। সেয়েহে দেশৰ ভিতৰতে এখন ক্ষুদ্ৰ ৰাজ্য হোৱা সত্ত্বেও এই ৰাজ্যৰ নিৰ্বাচনে বিশেষ মনোযোগ লাভ কৰিছে। ৰাজনৈতিক বিশ্লেষক সকলেও ইয়াৰ ফলাফল বেচ উৎসুকতাৰে মন কৰি আছে।

আনহাতে ৰাজ্যখনত বাওঁ আৰু সোঁপন্থী ৰাজনৈতিক দল, বিশেষকৈ চি পি আই (এম) আৰু বিজেপিৰ সমৰ্থকে সৃষ্টি কৰিব পৰা অপ্ৰীতিকৰ পৰিস্থিতি তথা আইন-শৃংখলাজনিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত সৰ্বাধিক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখযোগ্য যে বিজেপিয়ে ৰাজ্যখনত শাসনৰ বাঘজৰী লাভ কৰিব নোৱাৰিলেও ভালদৰে খোপনি পোতাৰ স্থিতি এটালৈ অহাটো প্ৰায় নিশ্চিত। ৰাজ্যখনৰ দলীয় নিৰ্বাচনী দায়িত্বত থকা চতুৰ ৰাজনীতিক ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত দলটোৰ উত্থানৰ বাবে প্ৰাণপণ চেষ্টা কৰা দেখা গৈছিল। আনকি অভিযোগ উঠিছিল ধনবলৰ প্ৰয়োগ হোৱা বুলিও। ড০ হিমন্ত বিশ্ব শৰ্মাৰ অতি অনুগত অসমৰ মন্ত্ৰী পল্লৱলোচন দাস নিৰ্বাচনী প্ৰচাৰৰ সময় সীমা পাৰ হোৱাৰ পিছতো ত্ৰিপুৰাত সক্ৰিয় হৈ থকাৰ অভিযোগত আৰক্ষীৰ দ্বাৰা আটক হ’ব লগীয়া হৈছিল।

সেয়া যি নহওক অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশক নিজৰ দখললৈ অনাৰ স্বাভাৱিকতে গেৰুৱা দলটোৱে উত্তৰ পূবত নিজৰ স্থিতি অতি শক্তিশালী স্তৰলৈ নিবলৈ সক্ষম হৈছে। ‘আমি যদি ত্ৰিপুৰাত জয়ী হওঁ আৰু নাগালেণ্ডত আগৰ দৰেই চৰকাৰ থাকে, লগতে মেঘালয়ত চৰকাৰ গঠন কৰিবলৈ সক্ষম হওঁ, তেন্তে মিজোৰামক বাদ দি প্ৰায় সমগ্ৰ উত্তৰ-পূব দখলত সফল হ’ম।’ ভোট গণনাৰ প্ৰাকমুহূৰ্তত এইদৰে কয় ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ত্ৰিপুৰাত শাসনলৈ আহিব নোৱাৰিলেও দ্বিতীয় স্থানত থকাটোও বিজেপিৰ বাবে হ’ব বৃহৎ সাফল্য।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd