• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপায়ুক্তৰ জাল চহীৰে শিক্ষক নিযুক্তিক লৈ সৰৱ আছু, অ: জা: যু: ছা: প:, শিক্ষক সন্মিলনী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 26, 2018 11:03 pm
AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তদানীন্তন উপায়ুক্ত ড০ আনোৱাৰুদ্দিন চৌধুৰীৰ জাল চহীৰে ১৬ জনকৈ ব্যক্তি শিক্ষক পদত নিযুক্ত হৈ থকাৰ আৰ টি আই কৰ্মী নিৰ্মল পায়েঙে পোহৰলৈ অনা বিস্ফোৰক কাহিনী নৰ্থ ইষ্ট নাও-ত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছত বিষয়টোক লৈ সৰৱ হৈ পৰিছে আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগতে জিলাখনৰ কেইবাজনো বঞ্চিত প্ৰাৰ্থী আৰু নাগৰিক।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈয়ে গোটেই বিষয়টোৰ তদন্ত দাবী কৰিছে। ‘চৰকাৰৰ শিক্ষা বিভাগে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইখন চৰকাৰে যিহেতু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয়, গতিকে এই ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তি বিহক,’ গগৈৰ মত।

Apply Now

অসমৰ বৰ্তমানৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু পূৰ্বৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুয়োকে আৰ টি আই কৰ্মীগৰাকীয়ে অৱগত কৰাৰ পিছতো বিষয়টোৰ ‘তদন্ত নকৰাত’ অসন্তুষ্টি ব্যক্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে।

‘সকলো নিযুক্তি প্ৰক্ৰিয়াই আমি স্বচ্ছ হোৱাটো বিচাৰো আৰু প্ৰকৃত যোগ্য ব্যক্তিয়ে নিযুক্তি পোৱাটো বিচাৰো। যদি উপায়ুক্তৰ চহী জাল হৈছিল তাৰ এটা উচিত তদন্ত হ’ব লাগে,’ নৰ্থ ইষ্ট নাও-ত চাংমাইৰ প্ৰতিক্ৰিয়া।

আনহাতে বঞ্চিত যোগ্য প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদানৰ দাবী জনাইছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।

‘উচিত তদন্ত হ’ব লাগে আৰু দোষীক শাস্তি প্ৰদান কৰিব লাগে। যিসকলে চাকৰি লৈছে তেওঁলোকৰ লগতে আৰু যিসকল লোক এই ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকক চিনাক্ত কৰিব লাগে,’ বঞ্চিতসকলক নিযুক্তিৰ দাবীৰে মন্তব্য সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল কুমাৰ গোস্বামীৰ।

উপায়ুক্তৰ চহী জালিয়াতিৰে যোগ্যজনক বহাই ৰাখি বাচনি নোহোৱা প্ৰাৰ্থী শিক্ষক হৈ থকাৰ এই ঘটনাটোৱে স্বাভাৱিকতেই জিলাখনৰ বঞ্চিত প্ৰাৰ্থীসকলৰ মাজত প্ৰচণ্ড ক্ষোভৰ সৃষ্টি কৰিছে। ‘জিলা পৰ্যায়ৰ সভাত অনুমোদন নোপোৱা প্ৰাৰ্থীয়ে চাকৰি পায় আৰু প্ৰকৃত প্ৰাৰ্থী যদি বঞ্চিত হৈ থাকিবলগীয়া হয় কিমান দুখৰ কথা,’ নৰ্থ ইষ্ট নাও-ৰ আগত দুখেৰে জনালে জিতেন বৰুৱা নামৰ প্ৰাৰ্থীজনে।

বঞ্চিত প্ৰাৰ্থীসকলে লখিমপুৰৰ অতিৰিক্ত উপায়ুক্ত দিবাকৰ দলেৰ ওচৰত সকলো তথ্য-পাতি জমা দি এই বিষয়টো অৱগত কৰিছিল বুলিও বৰুৱাই লগতে জানিবলৈ দিয়ে।

তাৰোপৰি ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্য সচিব তথা ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াকো এই বিষয়ে অৱগত কৰোৱাত বিষয়াগৰাকীয়ে তেওঁলোকক নিযুক্তি দিব পাৰি নেকি ‘চাম’ বুলি আশ্বাস দিছিল বুলিও বৰুৱাই নৰ্থ ইষ্ট নাও-ক জনায়।

বঞ্চিত প্ৰাৰ্থীগৰাকীয়ে চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।

ইফালে স্বয়ং উপায়ুক্তৰে চহী জাল হোৱা আৰু ইমানৰ পিছতো চৰকাৰ নীমাতে থকাত আশ্চৰ্য্য প্ৰকাশ কৰিছে লখিমপুৰৰ মনোৰঞ্জন দাস নামৰ এগৰাকী নাগৰিকে।

‘উপায়ুক্তৰ চহী জাল কৰি শিক্ষক নিযুক্তি দিয়াৰ কেলেংকাৰি সংঘটিত কৰাৰ পাছতো চৰকাৰ তথা প্ৰশাসন নিমাত হৈ আছে। এনেকুৱা ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসন বুলি কিবা বস্তু আছে বুলি আমি বিশ্বাস কৰিবলৈ টান পাইছো,’ দাসৰ মত।

চহী জাল হোৱা উপায়ুক্তজনকো তেওঁ তদন্তৰ আওতালৈ আনিব লাগে বুলি মত প্ৰকাশ কৰে।

ইপিনে এই সমগ্ৰ ঘটনা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে ৰাজ্যৰ তদানীন্তন মুখ্য সচিব তথা এই শিক্ষকসকলক নিযুক্তি দিয়া ৰাজ্যিক পৰ্য্যায়ৰ সমিতিৰ অধ্যক্ষ বিনোদ কুমাৰ পিপাৰচিনিয়াই।

‘ৰাজ্যিক পৰ্যায়ৰ সমিতিত মুখ্য সচিব অধ্যক্ষ হয় যদিও বিভাগৰ সচিবেই ইয়াৰো সচিব। ইয়াৰ উপৰিও তাত বিত্ত বিভাগৰ মানুহো থাকে। এতিয়া জিলা পৰ্য্যায়ৰ সমিতিয়ে কি তথ্য দিছিল সেয়া বিভাগেহে জানিব,’ নৰ্থ ইষ্ট নাও-ৰ আগত পিপাৰছিনিয়াৰ মন্তব্য।

উপায়ুক্তৰ চহী জালিয়াতিৰে চাকৰি লোৱাসকলৰ বিৰুদ্ধে কেতিয়া হ’ব তদন্ত?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd