• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা ভাৰতীয়ক আইনী সহায় আগ বঢ়াব কংগ্ৰেছে : হৰিশ ৰাৱত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 28, 2018 7:20 pm
HarishRawat

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত তত্ত্বাৱধায়ক হৰিশ ৰাৱতৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত শনিবাৰে গুৱাহাটীৰ এ বি চিস্থিত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত তত্ত্বাৱধায়ক হৰিশ ৰাৱতে কয় যে প্ৰকৃত ভাৰতীয়ৰ নাম যাতে খচৰাৰ পৰা বাদ নপৰে তাৰ বাবে কংগ্ৰেছ সদায় সজাগ হৈ থাকিব।

তদুপৰি, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতেই জিলা আৰু ব্লক পৰ্য্যায়ত কংগ্ৰেছে হেল্প চেণ্টাৰ খুলি এন আৰ চিৰ পৰা নাম কৰ্তন হোৱা ভাৰতীয়সকলক সহায়ৰ হাত আগ বঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কজনে।

Apply Now

আনহাতে, স্বাধীনতা আন্দোলনৰ সময়ৰ মুক্তিযোদ্ধা পৰিয়ালৰ সদস্যকো বিদেশী সজোৱা হৈছে বুলি কংগ্ৰেছৰ হাতত তথ্য আহি পৰিছে বুলি তেওঁ জানিবলৈ দি ৰাৱতে কয়, “ৰাজনৈতিক স্বাৰ্থৰ বাবে প্ৰকৃত ভাৰতীয়সকলৰ নাম যদি এন আৰ চিৰ পৰা বাদ দিব বিচাৰে, সেইটো কংগ্ৰেছে কেতিয়াও হ’বলৈ নিদিয়ে।”

তাৎপৰ্য্যপূৰ্ণভাৱে কোনো কাৰণতে প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰিবলৈ দিয়া নহ’ব বুলি তেওঁ সংবাদমেলত উল্লেখ কৰি লগতে কয় যে প্ৰকৃত ভাৰতীয় হোৱা সত্ত্বেও এন আৰ চিৰ পৰা নাম বাদ পৰাসকলক প্ৰয়োজন সাপেক্ষে কংগ্ৰেছে আইনী সহায়ো আগ বঢ়াব।

আনহাতে, একেখন সংবাদমেলতে বিজেপি দলে জনসম্পৰ্ক অভিযান বাতৰিৰ শিৰোনাম দখলৰ বাবে কৰা বুলি মন্তব্য কৰি তেওঁ কয়, “কংগ্ৰেছে ইয়াৰ উত্তৰ নিশ্চয়কৈ দিব। সমাজৰ সকলো শ্ৰেণীৰ লোককে একত্ৰিত কৰি কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব।”

উল্লেখ্য যে, নতুনকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়কৰ দায়িত্ব পোৱা হৰিশ ৰাৱতে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ৰণনীতিৰ বিষয়েও সংবাদ মাধ্যমক অৱগত কৰে। মন কৰিব লগীয়া যে এই ৰণনীতিৰ সৈতে অলপতে বিজেপিয়ে প্ৰকাশ কৰা ৰণনীতিৰ কিছু মিল থকা দেখা যায়।

তেওঁ উক্ত সংবাদমেলতে জানিবলৈ দিয়ে যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে এটা বুথৰ ১০০জন ভোটাৰৰ বিপৰীতে এজন সক্ৰিয় কংগ্ৰেছ কৰ্মীক নিয়োগ কৰা হ’ব আৰু তেওঁ উক্ত ভোটাৰসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহৰ বুজ ল’ব।

তেওঁ লগতে কয় “উক্ত সক্ৰিয় কংগ্ৰেছ কৰ্মীগৰাকীৰ দায়িত্ব হ’ব নতুন নতুন সদস্যক কংগ্ৰেছত অন্তৰ্ভুক্ত কৰোৱা।”

আনহাতে, “গণতন্ত্ৰ ৰক্ষাৰ বাবে আগন্তুক লোকসভা নিৰ্বাচন কংগ্ৰেছৰ বাবে এখন বিশাল যুঁজ” বুলি উল্লেখ কৰি তেওঁ কয় “যি পূৰ্বতে কংগ্ৰেছ দল এৰি গুচি গৈছে, তেওঁলোক পুনৰ কংগ্ৰেছ দললৈ আহিব পাৰিব। কৌৰৱ পক্ষত থকাসকল এতিয়া পাণ্ডৱৰ পক্ষত আহিব পাৰিব।”

তাৎপৰ্য্যপূৰ্ণভাৱে কংগ্ৰেছৰ মাজত থকা বিভাজনৰ বা-বাতৰি বিভিন্ন সময়ত প্ৰচাৰ হৈ থকাৰ সময়তে তেওঁ সংবাদমেলত কয় যে কংগ্ৰেছৰ মাজত কোনোধৰণৰ হাই-কাজিয়া নাই। অসম প্ৰদেশ কংগ্ৰেছৰ নেতাসকলৰ মাজত বহুত মিলা-প্ৰীতি আছে বুলিও তেওঁ দাবী কৰে।

তেওঁ লগতে দাবী কৰি কয় “কংগ্ৰেছ দল গণতান্ত্ৰিক দল, বিজেপিৰ দৰে ধৰ্মভিত্তিক দল নহয়। কংগ্ৰেছ দলে নিজৰ সিদ্ধান্ত নিজে লয়, কিন্তু বিজেপি দল পৰিচালনা কৰে আৰ এছ এছে, তেওঁলোকে দলীয়ভাৱে কোনো ডাঙৰ সিদ্ধান্ত ল’ব নোৱাৰে।”

আনহাতে, মোদীয়ে উত্তৰ পূবক অষ্টলক্ষ্মী আখ্যা দিয়া প্ৰসংগ উত্থাপন কৰি ৰাৱতে কয়, “’অষ্ট’টো ইয়াত থাকিল, কিন্তু ‘লক্ষ্মী’ ইয়াৰ পৰা কেতিয়াবাই আঁতৰি গ’ল। উত্তৰ-পূবক দিয়া ‘বিশেষ’ মৰ্য্যাদাটোও বিজেপিয়ে কৰ্তন কৰি দিলে।”

তদুপৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাস কৰা ব্ৰহ্মপুত্ৰ অতিথিশালাৰ কাষতে থকা এগৰাকী মহিলাই ৰাৱতক সাক্ষাৎ কৰি তেওঁ পূৰ্বতে পেন্সন লাভ কৰি আছিল, কিন্তু এতিয়া নোপোৱা হ’ল বুলি ৰাৱতক জনোৱা বুলি সংবাদমেলত তেওঁ জানিবলৈ দিয়ে।

তেওঁ লগতে কয়, “তৰুণ গগৈ শাসনৰ পৰা গ’ল, বৃদ্ধ পেন্সনো সেইদিনাৰ পৰা নাইকিয়া হ’ল। কংগ্ৰেছ শাসনৰ পৰা গ’ল, বি পি এল কাৰ্ডো লগতে গ’ল। মোদী শাসনলৈ আহিল, আম্বানী আৰু আদানী আহিল।”

তাৎপৰ্য্যপূৰ্ণভাৱে বিশ্বৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ৰাফেল বিমান ক্ৰয়ত ব্যাপক কেলেংকাৰি সংঘটিত কৰা বুলি মোদী চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনি তেওঁ কয়, “ৰাহুল গান্ধীয়ে সদনত ৰাফেল বিমানৰ বাবদ ভাৰতে কিমান মূল্য দিব লাগিব বুলি মোদীক সোধাত মোদীয়ে সোঁৱে-বাঁৱে চালে। তেতিয়াই প্ৰতিৰক্ষা মন্ত্ৰী থিয় হৈ ক’লে যে এইটো সম্পূৰ্ণ গোপনীয় আৰু এইটো প্ৰকাশ কৰিব নোৱাৰি। কিন্তু সংবিধান অনুসৰি ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে যি বিমানেই ক্ৰয় নকৰক তাৰ মূল্য সকলোকে জনোৱাটো দৰকাৰ। কিন্তু ফ্ৰান্সৰ সংসদে বিমানৰ মূল্য কিমান সেই কথা ৰাজহুৱা কৰি দিলে।”

“কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ দ্বাৰা প্ৰধান মন্ত্ৰী মোদীক তিনিটা বিষয়ত উদং কৰি দিলে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে। নৰেন্দ্ৰ মোদীৰ কথা আৰু কামৰ মাজত বিশাল পাৰ্থক্য আছে।” এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd