• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষি বিভাগে যোগান ধৰা বীজৰ খেতি কৰি সৰ্বাস্বান্ত বৰপেটাৰ কৃষক : কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি দাহ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 15, 2018 10:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

বিগত বৰ্ষত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষকে  আমেৰিকাৰ ‘এডভাণ্টা’ নামৰ বৰ্ণসংকৰ জাতৰ ধানৰ বীজ ব্যৱহাৰ কৰি ধানৰ সলনি পতান লাভ কৰা ঘটনাই কৃষকসকলক সৰ্বস্বান্ত কৰাৰ পিছত এইবাৰো কৃষি বিভাগে যোগান ধৰা ‘চি এইচ আৰ এইচ-৫’ নামৰ বীজ ব্যৱহাৰ কৰি বৰপেটা জিলাত ইৰিধান কৰা কৃষকসকলে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

Apply Now

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ অধীনস্থ বীজ নিগমৰ জৰিয়তে দুমাহ পূৰ্বে বৰপেটা জিলাৰ প্ৰতিখন পঞ্চায়তৰ অন্তৰ্গত কৃষকসকলৰ মাজত বিতৰণ কৰিছিল বিনামূলীয়া ইৰিধানৰ বৰ্ণসংকৰ বীজ। কৃষি বিভাগে যোগান ধৰা ‘চি আৰ এইচ আৰ-৫’ নামৰ হাইব্ৰীড ধানৰ বীজ জিলাখনৰ বিভিন্ন পঞ্চায়ত এলেকাৰ গাঁওসমূহৰ নিৰ্বাচিত কৃষকৰ মাজত বিতৰণ কৰা হয় যদিও ইয়াৰ অধিক সংখ্যক ধান পৈণত হোৱাৰ পিছতো আজি পৰ্যন্ত থোক নোলোৱা ঘটনাই কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

জিলাখনৰ কাদং পঞ্চায়তৰ সোণপুৰা, মহম্মদপুৰ, কাদং, তাপাজুলি, ৰূপাকুছি, কালামপুৰ আৰু জনীয়া অঞ্চলত এনে ঘটনা সৃষ্টি হোৱাত মূৰে-কপালে হাত দিবলগা হৈছে কৃষকসকলে।

চৰকাৰী বীজ লাভ কৰাৰ পিছতে ইয়াৰ কৃষকসকলে প্ৰতিবিঘা মাটিত ট্ৰেক্টৰেৰে চহাই কঠীয়া সিঁচাৰ পিছত পথাৰত এই কঠীয়াসমূহ পথাৰত ৰোপণ কৰিছিল। প্ৰতিবিঘাই ৫-৬ হাজাৰ টকা খৰচ কৰি কঠোৰ পৰিশ্ৰমৰ মাজেৰে কৃষকসকলে এই চৰকাৰী ধান ৰোপণ কৰে যদিও দুমাহ উকলি যোৱাৰ পিছতো আজিলৈকে এই ধানৰ থোক নোলোৱাত কৃষকসকলৰ কষ্টপাৰ্জিত ধন অথলে যোৱাৰ উপক্ৰম হৈছে।

জিলাখনৰ কৃষকসকলৰ মাজত এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত বহু কৃষকে বিষয়টো কৃষি বিভাগৰ গ্ৰামসেৱক আৰু কৃষি বিষয়াক অৱগত কৰিছে যদিও বিষয়টো সন্দৰ্ভত আজি পৰ্যন্ত কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি কৃষকসকলে অভিযোগ কৰিছে।

কৃষি বিভাগৰ এনে ভূমিকাৰ বিৰুদ্ধে সৰব হৈ সোমবাৰে নিখিল ভাৰত কৃষক সভাৰ আঞ্চলিক সমিতিয়ে অঞ্চলটোৰ কৃষকসকলৰ সহযোগত মহম্মদপুৰৰ খেতিপথাৰত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সদস্য চানমামুদ আহমেদ আৰু জনীয়া আঞ্চলিকৰ সম্পাদক জয়নাল আবদিনৰ লগতে কৃষক সভাৰ নেতা-কৰ্মীসকলে কৃষকৰ সহযোগত খেতিপথাৰৰ মাজতে কৃষিমন্ত্ৰী অতুল বৰাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ‘কৃষিমন্ত্ৰী অতুল বৰা মুৰ্দাবাদ, ৰাজ্য চৰকাৰ হায় হায়, কৃষকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক’ আদি শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে।

প্ৰতিবাদস্থলীতে সকীয়নি দি ৰাজ্য চৰকাৰৰ কৃষি বিভাগক তৎকালে এই কৃষকসকলক ক্ষতিপূৰণ আদায় দিবলৈ দাবী জনাই কৃষিমন্ত্ৰী অতুল বৰাৰ পদত্যাগৰো দাবী তোলে। যদি ৰাজ্য চৰকাৰে তৎকালে কৃষকসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা নকৰে তেতিয়া হ’লে মহাৰাষ্ট্ৰৰ দৰে কৃষকসকলে জংগী আন্দোলন গঢ়ি তুলিব বুলিও প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd