আত্মকেন্দ্ৰিকতাই চৌপাশ আৱৰি ধৰাৰ পৰত বয়সৰ লেখেৰে ষাঠিৰ ঊৰ্ধ্বৰ আহমেদ আলী নামৰ কৰিমগঞ্জ পাথাৰকান্দিৰ এজন নিৰক্ষৰ ৰিক্সাচালকে বিৰল দৃষ্টান্তৰে নিজা প্ৰচেষ্টাত এতিয়ালৈকে স্থাপন কৰিলে ন খনকৈ বিদ্যালয়। ৰিক্সাচালকজনৰ অনন্য জীৱন এতিয়া বৰাক উপত্যকাত পৰিণত হৈছে লোক-কাহিনীত।
শ্ৰমজীৱী মানুহ এজনৰ এই ‘অবিশ্বাস্য’ বৰঙনিৰ সত্যাসত্য জানিবৰ বাবে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকলৈ যোৱা বৃ্হস্পতিবাৰে ফ’ন আহিল প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ৰ। সুধিলে আহমেদ আলীয়ে সঁচাকৈয়ে পাতিছেনে ইমানবোৰ বিদ্যালয়!
অন্তৰত অনুভৱ কৰা আল্লাৰ আহ্বানতে বিদ্যালয়সমূহ স্থাপন কৰা বুলি জানিবলৈ দি আহমেদ আলীয়ে ক’লে যে তেওঁৰ কামৰ বাবে এতিয়া চৰকাৰৰ প্ৰধান মন্ত্ৰী পৰ্য্যায়ৰ পৰা প্ৰেৰণা পাই তেওঁ বিশেষভাৱে সন্তোষ পাইছে।
দৰিদ্ৰতাৰ বাবে পঢ়া-শুনা কৰিবলে সুযোগ নোপোৱা আলীয়ে নিজ গাওঁ মধুৰবন্দত থকা তেওঁৰ এটুকুৰা মাটি বেচি ১৯৭৮ চনত পাতিছিল প্ৰথমখন নিম্ন বুনিয়াদী বিদ্যালয়।
তেওঁ নিজে পঢ়াৰ সুবিধা নাপালে, কিন্তু তেওঁৰ দৰে পঢ়াৰ সুবিধা নোপোৱাকে নাথাকক কোনো দৰিদ্ৰ শিশু- এয়ে তেওঁৰ আশা। তেওঁৰ পৰৱৰ্তী লক্ষ্য এখন কলেজ স্থাপন।
আলীয়ে লগতে জনালে যে এমেৰিকা, য়ুকে’ আৰু আন বিভিন্ন দেশৰ পৰাও তেওঁ প্ৰেৰণাদায়ক বহু ফ’ন পাইছে।
প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ৰ ফ’নৰ কথা গম পাই পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে আনন্দ প্ৰকাশ কৰি ক’লে যে আলীক লৈ তেওঁ গৌৰৱান্বিত। বিধায়কগৰাকীয়ে লগতে জনালে যে আলীয়ে পতা বহুকেইখন বিদ্যালয় তেওঁ ইতিমধ্যে পৰিদৰ্শন কৰিছে আৰু সাহায্যও প্ৰদান কৰিছে।
কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ১১ লাখ টকা স্থানীয় বিধায়কগৰাকীয়ে ইতিমধ্যে আলীয়ে পতা উচ্চ মাধ্যমিক বিদ্যালয়খনলৈ আগবঢ়াইছে।





