• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষৰ ভুলৰ বাবেই খচৰাৰ পৰা বহু ভাৰতীয়ৰ নাম বাদ পৰিছে : দেৱব্ৰত শইকীয়া

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 7, 2018 7:47 pm
Debabrata Saikia

এন আৰ চিৰ খচৰাৰ পৰা বহু লাখ ভাৰতীয় লোকৰ নাম বাদ পৰাৰ বাবে চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষক দোষাৰোপ কৰি অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত খচৰাৰ পৰা ৪০ লাখতকৈও অধিক লোকৰ নাম বাদ পৰাক কেন্দ্ৰ কৰি অসমৰ লগতে সমগ্ৰ ভাৰততে প্ৰতিক্ৰিয়া অব্যাহত আছে।

খচৰাৰ পৰা বহু প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰা বুলি বিভিন্ন মহলে দাবী কৰি থকাৰ সময়তে এই ক্ষেত্ৰত ভাৰত চৰকাৰ, ভাৰতৰ মহাপঞ্জীয়ক আৰু এন আৰ চিৰ বিষয়ববীয়াসকলক দোষাৰোপ কৰিছে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

Apply Now

মঙলবাৰে গুৱাহাটীৰ এখন হোটেলত সংবাদমেল সম্বোধন কৰি শইকীয়াই আজি উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনা থকাৰ পাছতো ১৯৭১ চনৰ বহু পূৰ্বৰে পৰা ভাৰতত থকাৰ প্ৰমাণ থকা বহু লোকৰ নাম খচৰাৰ পৰা বাদ পৰা ঘটনাত আশ্চৰ্য প্ৰকাশ কৰে।

তেওঁ কয়, “উচ্চতম ন্যায়ালয়ৰ মহামান্য ন্যায়াধীশ দুগৰাকীয়ে যোৱা ২০১৮ চনৰ ২৭ মাৰ্চত ৰাজ্যিক সমন্বয়ক আৰু ভাৰত চৰকাৰক এটা নিৰ্দেশ দিছিল যে ২০১৮-ৰ মে’ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত যদি আন ৰাজ্য বা বিভিন্ন ৰাজহুৱা খণ্ডৰ অধীনস্থ বেংক, বীমা কোম্পানী অথবা ৰাজ্যৰে বিভিন্ন জিলালৈ পৰীক্ষণৰ বাবে পঠোৱা নথিসমূহ ঘূৰি নাহে তেতিয়া হ’লে জিলা দণ্ডাধীশৰ এটা দল ঘৰে ঘৰে পঠিয়াই যিসকলৰ নথি অহা নাই তেওঁলোকৰ পৰীক্ষণৰ কাম সম্পন্ন কৰিব লাগে। আৰু ৩১ মেৰ ভিতৰত এই কামটো সম্পূৰ্ণ কৰিব লাগে।”

শইকীয়াই কয় যে উচ্চতম ন্যায়ালয়ৰ এনে নিৰ্দেশনা থকাৰ পাছতো এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত ভাৰতৰ মহাপঞ্জীয়ক ড০ শৈলেশে আন ৰাজ্যৰ পৰা বহু নথি ঘূৰাই পঠোৱা নাই বুলি বিভিন্ন ৰাজ্যৰ চৰকাৰক দোষাৰোপ কৰিছে।

উল্লেখ্য যে, এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ক জনোৱা হৈছিল যে ১০ লাখ ৬৭ হাজাৰ নথি বিভিন্ন ৰাজ্য, বিভিন্ন ৰাজহুৱা খণ্ডৰ অধীনস্থ বেংক, বীমা কোম্পানি অথবা আমাৰ ৰাজ্যৰে বিভিন্ন জিলালৈ সত্যাসত্য পৰীক্ষণৰ বাবে পঠোৱা হৈছে আৰু তাৰ মাত্ৰ ৩৭ শতাংশহে ঘূৰি আহিছে। যথেষ্ট সংখ্যক নথি ঘূৰি নহা বাবে পৰীক্ষণ প্ৰক্ৰিয়া আৰু অন্তৰ্ভূক্তিকৰণত পলম হৈছে।

এই সন্দৰ্ভত শইকীয়াই কয়, “উচ্চতম ন্যায়ালয়ে যিহেতু আন ৰাজ্যৰ পৰা নথি নাহিলেও এন আৰ চি কৰ্তৃপক্ষক কামখিনি সম্পূৰ্ণ কৰাৰ কৰ্তৃত্ব দিছিল, তাৰ পাছতো যিসকল লোক ১৯৪৮, ১৯৫৬, ১৯৬৪ চন আদিত পূব পাকিস্তানৰ পৰা বিভিন্ন কাৰণত ভাৰতলৈ আহিছিল বা যিসকলৰ তেতিয়াৰ নাগৰিকত্ব পঞ্জীয়কৰ পৰা লোৱা প্ৰমাণপত্ৰ আছে তেনে বহু লোকৰ নাম খচৰাৰ পৰা বাদ পৰিব নালাগিছিল।”

গতিকে এই ক্ষেত্ৰত তেওঁ ভাৰত চৰকাৰৰ লগতে, মহাপঞ্জীয়ক আৰু এন আৰ চি কৰ্তৃপক্ষক সম্পূৰ্ণৰূপে জগৰীয়া বুলি কয়।

তেওঁ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক এন আৰ চিৰ ক্ষেত্ৰত থকা নিৰ্দেশনাসমূহ কিমান পূৰণ কৰিলে সেয়া এন আৰ চি কৰ্তৃপক্ষৰ যোগেদি উচ্চতম ন্যায়ালয়ত দাখিল কৰাৰো দাবী জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd