• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্রিপুৰাত আইপিএফটিৰ সৈতে মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে বিজেপিয়ে

পিনাকি দাস by পিনাকি দাস
January 25, 2018 7:18 pm
আগৰতলাত অনুষ্ঠিত বিজেপিৰ অভিৱৰ্তনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো : পিনাকি দাস

আগৰতলাত অনুষ্ঠিত বিজেপিৰ অভিৱৰ্তনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো : পিনাকি দাস

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাত বিজেপিয়ে ইণ্ডিজেনিয়াছ পীপুলছ ফ্ৰন্ট অফ ত্ৰিপুৰা (আইপিএফটি)ৰ সৈতে  ইয়াৰ নিৰ্বাচনী মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। অহা ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত আইপিএফটিয়ে ৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।

অসমৰ বিত্তমন্ত্ৰী তথা উত্তৰ পূব গণতান্ত্ৰিক মৰ্চাৰ (নেডা) আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে আইপিএফটিৰ সৈতে বিজেপিৰ মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

Apply Now

আগৰতলাৰ টাউন হলত অনুষ্ঠিত বিজেপিৰ বৈঠকৰ মাজতে সাংবাদিকৰ আগত তেওঁ কয় যে ‘’বিজেপি আৰু আইপিএফটিয়ে আসন্ন নিৰ্বাচনত মিত্ৰতা কৰাৰ তথা আসন ভগাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনজাতিৰ বাবে সংৰক্ষিত ২০ খন আসনৰ ভিতৰত ৯ খন আসনত আইপিএফটিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। বিজেপিয়ে বাকী ৫১ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।‘’

শৰ্মাই বিজেপিৰ ৰাজ্যিক সভাপতি বিপ্লৱ কুমাৰ দে আৰু কেন্দ্ৰীয় পৰ্যবেক্ষক সুনীল দেওধৰৰ উপস্থিতিত জনায় যে বিজেপিয়ে জনজাতিসকলৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে দিয়া প্ৰতিশ্ৰুতিৰ ভিত্তিত মিত্ৰতা সম্পন্ন হৈছে আৰু আইপিএফটিৰ সৈতে হোৱা উমৈহতীয়া কাৰ্যসূচীৰ বিষয়ে শীঘ্ৰেই প্ৰকাশ কৰা হ’ব।

‘’বিজেপিয়ে আন দলৰ বাবে দুৱাৰ বন্ধ কৰি দিছে যদিও বিজয়ৰ সম্ভাৱনা থকা ব্যক্তিয়ে দলত যোগ দিব পাৰে তথা বিজেপিৰ প্ৰতীকত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে কিয়নো বহু প্ৰতীকে ভোটাৰৰ মনত খেলিমেলিৰ সৃষ্টি কৰিব পাৰে,’’-তেওঁ কয়।

পৃথক জনজাতি ৰাজ্য তিপ্ৰালেণ্ড সম্পৰ্কত ত্ৰিপুৰাৰ নিৰ্বাচনৰো দায়িত্বত থকা অসমৰ মন্ত্ৰী গৰাকীয়ে কয়,’’ আমি এবাৰ শাসনত অহাৰ পিছত পৃথক তিপ্ৰালেণ্ডৰ কোনো দাবী নাথাকে।এই দাবীটো চিপিআই-এম দলে উত্থাপন কৰিছে কিয়নো বিকাশৰ সম্পৰ্কত তেওঁলোকৰ কোনো কাৰ্যসূচী নাই আৰু এইবাৰ জনসাধাৰণক উগ্ৰবাদৰ দৰে বিষয়েৰে দৃষ্টি আকৰ্ষণৰ কোনো সম্ভাৱনা নাই বুলি উপলব্ধি কৰি নিৰাশ হৈ পৰিছে।‘’

চিপিআই-এমে আইপিএফটি আৰু বিজেপিৰ মিত্ৰতাক ‘অপৱিত্ৰ আৰু বিদ্ৰোহীৰ মুখা’ বুলি সমালোচনা কৰিছে।

আনহাতে ত্ৰিপুৰা নিৰ্বাচনৰ দায়িত্বত থকা কংগ্ৰেছ নেতা ভূপেন বৰাই কয়  যে তেওঁ দলে গোটেই ৬০ আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব কিয়নো তৃণমূল কংগ্ৰেছ আৰু আন জনজাতীয় দলসমূহে অধিক আসন বিচাৰিছে যিটো গ্ৰহণযোগ্য নহয়।

 

পিনাকি দাস

পিনাকি দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd