• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণকাৰীক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদানৰ দাবী অসম ৰাজ্যিক শিশু সুৰক্ষা অধিকাৰ আয়োগৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 26, 2018 3:06 pm
c3f70bdc-391d-4afa-902e-ff6d14e76af9
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বটদ্ৰবাত যোৱা শুকুৰবাৰে সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ মূল খলনায়ক জাকিৰ হুছেইনক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে অসম ৰাজ্যিক শিশু সুৰক্ষা অধিকাৰ আয়োগে।

গুৱাহাটীৰ আয়োগৰ কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত আয়োগৰ সদস্য ইন্দ্ৰানী তাহবিলদাৰে কয়, ‘’কালি আমি ধৰ্ষণৰ বলি হৈ মৃত্যুক সাবটি লোৱা শিশুটিৰ ঘৰলৈ গৈ তেওঁলোকৰ পৰিয়ালক লগ ধৰিছিলো। লগতে আমি গাঁৱৰ জ্যেষ্ঠ লোকসকলৰ লগতো কথা পাতিছিলো। তেতিয়া আমি গম পালো যে ধৰ্ষণৰ মূল খলনায়কটোৱে পূৰ্বেও বহুকেইটা অপৰাধ সংঘটিত কৰিছিল। আমি জানিব পৰা মতে সি ১৪ বছৰ বয়সৰ পৰা এনেধৰণৰ অপৰাধৰ সৈতে জড়িত হৈ আছিল।‘’

Apply Now

‘’আমি আৰক্ষীক ধৰ্ষণকাৰীৰ বিৰুদ্ধে অভিযোগনামাখন শক্তিশালীকৈ প্ৰস্তুত কৰিবলৈ কৈছো যাতে আইনৰ সুৰুঙাৰে ওলাই আহিব নোৱাৰে। ধৰ্ষণকাৰীজন যিহেতু পূৰ্বেও বহুকেইটা দুষ্কাৰ্যৰ সৈতে জড়িত গতিকে তেওঁৰ মানসিকতাটোৱে তেনেদৰে গঢ় লৈ উঠিছে। কাৰাগাৰৰ পৰা ওলাই আহি আকৌ সেই অপৰাধমূলক কামত জড়িত হৈ পৰিব,’’- তহবিলদাৰে কয়।

লক্ষ্যণীয় কথা যে সেই অঞ্চলৰ লোকসকলে পূৰ্বে সংঘটিত হোৱা অপৰাধমূলক কাৰ্য্যসমূহ গাপ দি ৰাখে বুলিও তেওঁ আজিৰ সংবাদমেলত সদৰী কৰে।

তেওঁ লগতে কয়, ‘‘ আমি তেওঁলোকক বুজাইছিলো যে যদি এই অপৰাধমূলক ঘটনাসমূহ আপোনালাকে গাপ দি ৰাখে তেন্তে এনেধৰণৰ অপৰাধসমূহ দিনক দিনে বাঢ়ি যাব। তেতিয়া তেওঁলোকে আমাক ক’লে যে ধৰ্ষণৰ মূল অভিযুক্ত ডিমাপুৰ নাইবা লাওগাঁৱত থাকিব পাৰে। এই কথাটো আমাৰ বাবে উপযোগী বুলি ভাবি আমি আৰক্ষী থানাত কথাটো অৱগত কৰিলো। তেতিয়াই আৰক্ষীয়ে তদন্ত কৰি মূল অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়।‘’

আনহাতে, উক্ত সংবাদমেলতে উপস্থিত থকা আয়োগৰ সদস্যা ড০ পিলু হাজৰিকাই মন্তব্য প্ৰকাশ কৰে যে পূৰ্বেও এনেধৰণৰ অপৰাধ সংঘটিত হৈ থাকে। কিন্তু এইবাৰ ধৰ্ষিতা ছোৱালীগৰাকীৰ মৃত্যু হোৱাৰ বাবেহে তেওঁলোক সজাগ হৈ পৰিল। সেই অঞ্চলসমূহত বাল্যবিবাহ, যৌনতামূলক কাৰ্য্যসমূহ একেবাৰে সাধাৰণ কথা।

লগতে তেওঁ এনেধৰণৰ অপৰাধমূলক কাম-কাজৰ কাৰণ সন্দৰ্ভত সন্দৰ্ভত কয়, ‘’ইন্টাৰনেটত বৰ্তমান সময়ত নীলা ছবিসমূহ সহজলভ্য হৈ পৰিছে। সেয়েহে এনেকুৱাধৰণৰ অপৰাধমূলক কামসমূহ বেছিকৈ সমাজত শিপাই গৈছে।‘

তেওঁ ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰণয়ণ কৰা আইনখন সঠিক নহয় বুলি মন্তব্য কৰি কয়, ‘’ধৰ্ষণকাৰী ৭ বছৰ কাৰাগাৰত থকাৰ পিছত পুনৰ ওলাই আহে। গতিকে এই সময়সীমাটো আৰু অধিক দীঘলীয়া হোৱাটো বিচাৰো। কোনো কোনো ৰাজ্যত ধৰ্ষণকাৰীৰ বিৰুদ্ধে চৰম শাস্তিৰো ব্যৱস্থা আছে।সেই ৰাজ্যসমূহত ১২ বছৰ অনুৰ্ধৰ ছোৱালীক ধৰ্ষণ কৰিলে এই চৰম শাস্তি প্ৰদান কৰে। আমাৰ ৰাজ্যতো তেনে এটা ব্যৱস্থা হাতত লোৱাটো আমি বিচাৰো।‘’

সংবাদমেলৰ শেষত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎকাৰত ইন্দ্ৰানী তহবীলদাৰে উল্লেখ কৰে যে বটদ্ৰৱাত সংঘটিত হোৱা হত্যাকাণ্ডৰ সৈতে মুল অভিযুক্তই দুজন শিশুক ব্যৱহাৰ কৰিছিল। তেওঁলোক খুব কম বয়সৰ আৰু চতুৰ্থ-পঞ্চম শ্ৰেণীত অধ্যয়নৰত।আনহাতে, নিহত কণমানিগৰাকীৰ পিতৃয়ে আমাক কয় যে এই শিশুদুগৰাকীক ধৰ্ষণকাৰীয়ে ডেগাৰ দেখুৱাই হত্যাৰ ভাবুকি দিছিল।

আনহাতে, তহবিলদাৰে এই শিশুকেইটিক জুভেনাইল আইনৰ অধীনত শিশু অপৰাধ গৃহত ৰাখিবৰ বাবে আহ্বান জনায়। লগতে তেওঁ কয়, ‘’এই শিশু দুটিক যাতে ভবিষ্যতে সু-নাগৰিক হিচাপে গঢ় দিব পাৰি তাৰ বাবে প্ৰশিক্ষণৰো ব্যৱস্থা কৰিবলৈ চৰকাৰক আমি আহ্বান জনাইছো।‘’

 

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd