• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ চলচ্চিত্ৰ মহোৎসৱত দৰ্শক, ছাত্ৰ-ছাত্ৰীৰ বিপুল সঁ‌হাৰি

মিণ্টু দাস by মিণ্টু দাস
August 9, 2018 4:21 pm
nagaon college.docx photo

নগাঁও মহাবিদ্যালয়ত মহাৰজত জয়ন্তী উপলক্ষে আয়োজিত চলচ্চিত্ৰ মহোৎসৱত পৰিচালকদ্বয় অৰূপ মান্না আৰু কুলদা কুমাৰ ভট্টাচাৰ্য। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ বুধবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হয়৷ উক্ত চলচ্চিত্ৰ মহোৎসৱত তিনিখনকৈ অসমীয়া কলাত্মক কথাছবি প্ৰদৰ্শন কৰা হয়। মহাবিদ্যালয়খনৰ ছহিদ অনিল বৰা প্ৰেক্ষাগৃহত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা কথাছবি কেইখন হৈছে ক্ৰমে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ৰঞ্জিত দাসৰ ‘সংস্কাৰ’, ধ্ৰুৱজ্যোতি বৰদলৈৰ ‘দূৰণিৰ নিৰলা পঁজা’, আৰু পৰিচালক চিত্ৰনিৰ্মাতা অৰূপ মান্নাৰ ‘আৰোহী’ ৷

পুৱা ১১ বজাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই বন্তি প্ৰজ্বলেনেৰে এই চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধন কৰে। নগাঁও মহাবিদ্যালয়ৰ দৰে ৰাজ্যৰ এখন ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠানৰ মহাৰজত জয়ন্তীৰ কাৰ্যসূচীত চলচ্চিত্ৰ মহোৎসৱক অন্তৰ্ভুক্ত কৰাত সন্তুষ্টি প্ৰকাশ কৰি ভট্টাচাৰ্যই কয় যে চলচ্চিত্ৰ মহোৎসৱক এই মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ অংশ হিচাপে স্থান দিয়া হৈছে৷ এই মহোৎসৱ একক নহয়। চলচ্চিত্ৰ মহোৎসৱ চলচ্চিত্ৰৰ দৰ্শক আৰু নিৰ্মাতা গঢ়াৰ এটা  অবিৰত যাত্ৰা৷ এই যাত্ৰাৰ সংগী এইসকল দৰ্শক।

Apply Now

আনহাতে, সাংস্কৃতিক ক্ষেত্ৰত নগাঁৱৰ অৱদানৰ কথা উনুকিয়াই বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ভট্টাচাৰ্যই কয় যে নগাঁৱে বহু চলচ্চিত্ৰৰ প্ৰতিভা জন্ম দিছে। নগাঁৱৰ পৰা প্ৰথম যিখন চলচ্চিত্ৰ নিৰ্মাণ হৈছিল তাৰ পৰিচালক আছিল নগাঁৱৰ সন্তান অসিত সেন। এই নগাঁৱৰে নমস্য অভিনেতা পৰিচালক দুগৰাকী হৈছে চন্দ্ৰ ফুকন আৰু সাৰদাকান্ত বৰদলৈ। সাংস্কৃতিক জগতলৈ অৰিহণা আগবঢ়োৱা অভিনেতা তচদ্দুক ইউচুফ, সংগীত জগতৰ ইক্ৰামুল মজিদ, তাৰিক উদ্দিন আহমেদ, দুৰ্গা বৰা, বিবেকানন্দ ভট্টাচাৰ্য, পাৰবিন চুলতানা আদি নগাঁৱৰ সন্তান।

আনহাতে, চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক, অৰূপ মান্নাই নগাঁও মহাবিদ্যালয়ৰ চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা কাৰ্যই সুস্থ চলচ্চিত্ৰৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ লগতে দৰ্শকৰ আগ্ৰহ বৃদ্ধি কৰিব বুলি ব্যক্ত কৰে। নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শৰৎ বৰকটকীয়ে আদৰণী ভাষণ প্ৰদান কৰে। চলচ্চিত্ৰ মহোৎসৱত পৰিচালক ৰঞ্জিত দাস, ধ্ৰুৱজোতি বৰদলৈ আৰু চলচ্চিত্ৰপ্ৰেমী কনক কলিতাক উদ্যোক্তাসকলে আদৰণী জনায়৷ চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে নাট্য কৰ্মী সপোনটি বৰদলৈয়ে।

মহাবিদ্যালয়খনৰ ছহিদ অনিল বৰা প্ৰেক্ষাগৃহত আন এক কাৰ্যসূচী ৰূপায়ন কৰা হয়। সদ্য প্ৰয়াত সাংবাদিক তথা সাপ্তাহিক কলংপাৰ কাকতৰ সম্পাদক বলেন বৰাৰ সোঁ‌ৱৰণত মেধাৱী ছাত্ৰী তথা শ্ৰেষ্ঠ স্নাতক ধীৰাংকনা বৰাক ”সাংবাদিক বলেন বৰা সোঁ‌ৱৰণী শৈক্ষিক বঁ‌টা” প্ৰদান কৰা হয়। বিশিষ্ট সাংবাদিকজনৰ প্ৰতি শ্ৰদ্ধা জনাই এই বঁটা প্ৰদান কৰিছে সাংবাদিকগৰাকীৰ ভাগিনীয়েক ত্ৰিবেণী বৰাই। ত্ৰিবেণী বৰাই জনোৱা মতে প্ৰয়াত বলেন বৰাই শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকক সদায় উৎসাহিত কৰি আহিছিল। সেয়ে তেখেতৰ এনে আদৰ্শ নৱ প্ৰজন্মৰ আগত দাঙি ধৰাৰ বাবেই এই বঁটা প্ৰদানৰ ইচ্ছা প্ৰকাশ কৰি নগাঁও মহাবিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে আৰু তেওঁলোকেও সন্মতি প্ৰকাশ কৰে।

ইপিনে মহাবিদ্যালয় কৰ্তৃপক্ষই কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা ধীৰাংকনা বৰাক শ্ৰেষ্ঠ স্নাতক বঁটা, ইংৰাজী বিষয়ত স্নাতক পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰা পল্কী দত্ত, কলা শাখাৰ ভুগোল বিজ্ঞানত প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰা চিন্তুমণি বৰা, বিজ্ঞান শাখাৰ ভূগোল বিজ্ঞানত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰা মধুস্মৃতা শইকীয়াকো বঁটা প্ৰদান কৰে। তদুপৰি অসমীয়া বিভাগত মহাবিদ্যালয়ৰ ভিতৰত শ্ৰেষ্ঠ স্থান লাভ কৰা পল্লৱী শৰ্মাক প্ৰয়াত তাৰিনী প্ৰসাদ শৰ্মা আৰু প্ৰতিভাদেৱী সোঁৱৰণী বঁটা আগবঢ়ায় তেওঁৰ পুত্ৰ ডাঃ দীপক শৰ্মাই।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd