• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ ভোটাইগাঁৱত মৰেল পুলিচৰ অতপালিত অতিষ্ঠ পৰিয়ালৰ এজাহাৰ, আমনিত পিষ্টল দেখুৱাই ধন লুট দুৰ্বৃত্তৰ

মিণ্টু দাস by মিণ্টু দাস
July 5, 2018 1:45 pm
moral
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও চহৰৰ নিকটৱৰ্তী ভোটাইগাঁৱত কালি নিশা একাংশ লোকে মৰেল পুলিচৰ ভূমিকা লোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত নগাঁও বাইপাছৰ ভোটাইগাঁও অংশত থকা উৰণীয়া সেতুৰ তলত কালি নিশা প্ৰায় ১১ মান বজাত নিজকে গাঁওৰক্ষী বাহিনীৰ লোক বুলি পৰিচয় দিয়া পাঁচজনীয়া দুৰ্বৃত্তৰ এটা দলে বঢ়মপুৰ পুতনি গোমোঠাগাঁৱৰ আত্মীয়ৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰি স্কুটি আৰু গাড়ীৰে নগাঁও চহৰৰ ডিমৰুগুৰি লাচিতপুৰস্থিত বাস ভৱনলৈ উভতি অহা এটা পৰিয়ালৰ ওপৰত মৰেল পুলিচগিৰি দেখুৱাই শাৰিৰীক আৰু মানসিকভাৱে নিৰ্যাতন চলায়।

হাতে হাতে দা,লাঠি লৈ নিচাসক্ত অৱস্থাত থকা দুৰ্বৃত্তৰ দলটোৱে পৰিয়ালটো উঠি অহা স্কুটি আৰু গাড়ীখন টৰ্চ মাৰি ৰখাই এঘণ্টাৰো অধিক সময় পৰিয়ালটোৰ পুৰুষ সদস্যৰ লগতে মহিলা সদস্যাসকলকো নিৰ্যাতন চলায় বুলি জানিব পৰা গৈছে। দলটোৰ নিৰ্যাতনৰ পৰা আনকি সাৰি নগল এবছৰীয়া এটা শিশুও। পাছত উপস্থিত বুদ্ধি খটুৱাই পৰিয়ালটোৱে দুৰ্বৃত্তৰ দলটোৰ কবলৰ পৰা কথমপি সাৰি আহিবলৈ সক্ষম হয়৷

Apply Now

আজি এই বিষয়ে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰি ন্যায় দাবী কৰে ভুক্তভোগী পৰিয়ালটোৰ সদস্য ৰাজেশ্বৰী মহন্ত(ৰশ্মি)ই।

উল্লেখযোগ্য যে নগাঁৱত সম্প্ৰতি বৃদ্ধি পাইছে চুৰি- ডকাইতিৰ দৰে অপৰাধৰ ঘটনা৷ যোৱা দুটা দিনত নগাঁৱত সংঘটিত হয় দুটাকৈ দিন ডকাইতিৰ ঘটনা। আনহাতে নগাঁৱৰ বঢ়মপুৰত আজি দিনৰভাগত ৰাজপথতে এক দিন ডকাইতিৰ ঘটনা সংঘটিত হয়৷ বঢ়মপুৰৰ আমনি গাঁৱত এগৰাকী বন্ধন বেংকৰ কৰ্মচাৰীৰ পৰা পিষ্টল দেখুৱাই লক্ষাধিক টকা লুট কৰি নিয়ে দুৰ্বৃত্তই। মামণি বিশ্বাস নামৰ বন্ধন বেংকৰ কৰ্মচাৰীগৰাকীয়ে বন্ধন গোটৰ সাপ্তাহিক কিস্তিৰ ধন সংগ্ৰহ কৰি এখন স্কুটীৰে বেংকলৈ গৈ থাকোতে তিনি অস্ত্ৰধাৰী যুৱকে যুৱতী কৰ্মচাৰীগৰাকীক আগচি ধৰি আক্ৰমণ কৰে আৰু টকাখিনি কাঢ়ি লৈ যায়। দুৰ্বৃত্তই আনকি কৰ্মচাৰীগৰাকীৰ স্কুটীৰ ছাবিটোও কাঢ়ি লৈ যায় ৷ এই দিন ডকাইতিৰ ঘটনা সম্পৰ্কত বেংক কৰ্তৃপক্ষই ইটাচালি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে, নগাঁৱৰ ৰাইদংগীয়াত কালি বিয়লি এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হয়। অস্ত্ৰৰে সুসজ্জিত হৈ  অহা তিনি দুৰ্বৃত্তই দুজনকৈ লোকক আক্ৰমণ কৰাৰ লগতে শূন্যলৈ গুলী ফুটাই লুটি লৈ যায় নগদ ১,৮০,০০০ টকা। গোবিন্দ শৰ্মা আৰু সুব্ৰত দে নামৰ হিন্দুস্হান লিভাৰৰ  দুই কৰ্মচাৰীৰ পৰা লুটি নিয়ে টকাখিনি। ঘটনাস্থলিত জাজৰি আৰক্ষী উপস্থিত হৈ তদন্ত কাৰ্য অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো ধৰণৰ শুংসূত্ৰ উলিৱাব পৰা নাই বুলি জানিব পৰা গৈছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd