• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে গুৱাহাটীত অসম সাহিত্য সভাৰ বিশাল জাতীয় অভিৱৰ্তন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 27, 2018 11:25 pm
27-05-18 Guwahati- Assam Sahitya Sabha National Convention (1)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ‘সৰহভাগ বাংলাভাষী হিন্দুৱে লোকপিয়লত নিজভাষা বাংলা বুলি ক’বই, অসমীয়া বুলি মৰি গ’লেও নকয়। ফলত বাংলাভাষী স্বত:স্ফূৰ্তভাৱে সংখ্যাগৰিষ্ঠ হৈ পৰিব আৰু অসমীয়া ভাষা সংখ্যালঘিষ্ঠ হৈ পৰিব’ নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill )ক লৈ এই শংকা অসম সাহিত্য সভাৰ সভাপতি ড: পৰমানন্দ ৰাজবংশীৰ।

অসম সাহিত্য সভাই গুৱাহাটীৰ জিলা পুথিভঁৰালত নাগৰিকত্ব সংশোধন বিধেয়কক লৈ আয়োজন কৰা জাতীয় অভিৱৰ্তনত ৰাজ্যৰ প্ৰায় ৬শ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত আজি ২৭ মে’ত এই আশংকা প্ৰকাশ কৰে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

Apply Now

‘চূড়ান্ত নাগৰিকপঞ্জী প্ৰণয়ন হ’লেও অসমখন বিদেশীমুক্ত হ’ব অথবা সাংবিধানিক ৰক্ষাকৱচ পাব বুলি আমি শংকামুক্ত হ’ব নোৱাৰো। আমাৰ বাবে ৰৈ আছে আন এক শংকা, যি শংকা ভাষাগত অসমীয়া লোকসকল সংখ্যলঘু হৈ পৰিব নেকি ২০২১ চনৰ লোকপিয়লত?’, তেওঁ কয়।

তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা অসমৰ অসমীয়াভাষী আৰু বাংলাভাষী লোকৰ মাজত এক অহেতুক বিদ্বেষৰ বীজ ৰোপন কৰাৰ প্ৰয়াস কৰা বুলি মন্তব্য কৰে।

অসম সাহিত্য সভাই এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ বাবে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলি কোৱাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰি অসম চুক্তিৰ ভিত্তিত ১৯৭১ৰ ২৫ মাৰ্চৰ পাছৰ সকলো বিদেশীক বহিষ্কাৰৰ দাবী জনায় বুলি সভাপতিৰ অভিভাষনত ড: পৰমানন্দ ৰাজবংশীয়ে প্ৰকাশ কৰে।

ইয়াৰ উপৰিও অভিভাৱকে ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমতহে পঢ়াব বিচৰা কথা আৰু নতুন প্ৰজন্মৰ সৰহ সংখ্যকে অসমীয়া ভাষা লিখিব বা পঢ়িব নজনা কথাটো উত্থাপন কৰি ৰাজবংশীয়ে চৰকাৰী ভাষানীতি প্ৰয়োগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আওকনীয়া মনোভাৱৰ কথা প্ৰকাশ কৰে।

অভিৱৰ্তনত ভাষন প্ৰদান কৰি বিশিষ্ট চিন্তাবিদ ড: হীৰেন গোহাঁইয়ে কয়, ‘চৰকাৰৰ উদ্দেশ্য ভাৰতত এখন হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। বিধেয়কখনৰ প্ৰস্তাৱনাতে স্পষ্টকৈ লিখা আছে আফগানিস্তান, পাকিস্তান, বাংলাদেশ ইত্যাদি দেশৰ পৰা অহা হিন্দু, বৌদ্ধ, খ্ৰীষ্টান ইত্যাদি সংখ্যালঘুলোকে যাতে ভাৰতৰ নাগৰিকত্ব পায় তাৰ বাবে কিছুমান কাম কৰিব কোৱা হৈছে আৰু সেইটোক নায্যতা দিবলৈ এই বিধেয়ক অনা হৈছে। আফগানিস্তানত কিমানজন হিন্দু আছে? পাকিস্তানৰ বেছিখিনি ইতিমধ্যই আহিলেই আৰু হয়তো অলপ হিন্দু আছে। গতিকে আহিব লাগিলে বাংলাদেশৰ পৰাই আহিব’। তেওঁ লগতে বাংলাদেশৰ পৰা হিন্দু বিদেশী আহিলে অসম সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব বুলি মত প্ৰকাশ কৰে।

ড: গোহাঁইয়ে লগতে এইক্ষেত্ৰত বঙালী লোকসকল আমাৰ শত্ৰু নহয়, চৰকাৰখন হে শত্ৰু বুলি মন্তব্য কৰে। ইয়াৰ উপৰিও অসমৰ ৰাইজক বিভ্ৰান্ত নহ’বলৈ আহ্বান জনায়।

আনহাতে অভিৱৰ্তনত ভাগ লোৱা আছুৰ সম্পাদক লুৰীনজ্যোতি গগৈয়ে নাগৰিকত্ব বিধেয়কৰ সম্পূৰ্ণ বিৰোধিতা কৰি কয় যে অসম চুক্তিৰ আধাৰত বিদেশী বহিষ্কাৰ হ’বই লাগিব। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা এই বিধেয়কে অসমৰ জনগাঁথনি বিনষ্ট কৰি পেলাব আৰু ছাত্ৰ সন্থাই ইয়াক হ’বলৈ নিদিয়ে।

দেওবাৰৰ এই জাতীয় অভিৱৰ্তনত সদৌ অসম ছাত্ৰ সন্থা, অসম গণ পৰিষদৰ উপৰি অসম সাহিত্য সভাৰ বৰাক উপত্যকাৰ শাখাসমূহেও ভাগ লয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd