• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ স্পষ্ট বিৰোধ ঘোষণা নীতীশ কুমাৰৰ দল জে ডি(য়ু)ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2018 5:17 pm
nitish-kumar
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশীক টালি টোপোলা বন্ধোৱাই খেদি ‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰাৰ পিছতে নাগৰিকত্ব বিধেয়কৰ জৰিয়তে ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব দিবলৈ তৎপৰ হৈ উঠা মোদী-সোণোৱালৰ বিপৰীতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ভাষিক আৰু সাংস্কৃতিক পৰিচয় বিপন্ন কৰিব বুলি দাবী কৰি বিধেয়কখনৰ সৰ্বাত্মক বিৰোধিতা কৰিছে বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰে।

‘নাগৰিকত্ব বিধেয়ক ২০১৬ই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ৰাইজৰ সাংস্কৃতিক আৰু ভাষিক পৰিচয় বিপন্ন কৰিব,’ নৰ্থ ইষ্ট নাও-লৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক সঞ্জয় বাৰ্মাই।

Apply Now

বিহাৰৰ মুখ্য মন্ত্ৰী তথা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি নীতীশ কুমাৰে এই বিধেয়কখনৰ সৰ্বাত্মক বিৰোধিতা কৰিছে।

আগত কোনো নিৰ্বাচনী স্বাৰ্থ নথকাকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ হকে মূলতঃ বিহাৰত প্ৰভাৱশালী বিজেপি-মিত্ৰ বিহাৰৰ শাসকীয় দলটোৰ এই স্থিতি নিসঃন্দেহে সমগ্ৰ দেশৰ ৰাজনীতিৰ বাবেও তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হৈছে।

নাগৰিকত্ব বিধেয়কে অসমত চলি থকা এন আৰ চি উন্নীতকৰণকো অৰ্থহীন কৰি পেলাব বুলিও দলটোৱে লগতে মত প্ৰকাশ কৰিছে।

তাৰোপৰি বিজেপি উত্থাপিত এই বিধেয়কখনে দেশৰ ধৰ্মনিৰপেক্ষতাৰ ওপৰতে আঘাত হানিব বুলি অসমৰ সকলো প্ৰতিবাদী দল-সংগঠন-ব্যক্তিৰ সৈতে সহমত পোষণ কৰিছে।

‘ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ আৰু ধৰ্মৰ ভিত্তিত ইয়াত নাগৰিকত্ব নিৰ্ধাৰণ কৰিব নোৱাৰি,’ জে ডি (য়ু)ৰ মত।

অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বে অহাসকলক নাগৰিকত্ব দিয়াৰ বিপৰীতে তাৰ পিছত অসমত প্ৰৱেশ কৰাসকলক নাগৰিকত্ব প্ৰদানৰো দলটোৱে বিৰোধিতা কৰিছে।

উল্লেখযোগ্য যে আছুৰ উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে যোৱা ১৬ মে’ত বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দল (ইউনাইটেড)ৰ নেতা নীতীশ কুমাৰক সাক্ষাৎ কৰিছিল।

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰ বাবে সমৰ্থন বিচাৰি যোৱা আছুৰ দলটোক ‘নীতীশ কুমাৰে অতি স্পষ্ট আৰু দৃঢ়তাৰে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব নিৰূপণ হ’ব নোৱাৰে’ আৰু অবৈধ বিদেশীৰ প্ৰব্ৰজনে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি মত প্ৰকাশ কৰা বুলি যোৱা ১৭ মে’ত গুৱাহাটীত সংবাদমেলযোগে জনাইছিল আছু নেতৃত্বই।

তাৰোপৰি বিধেয়কখনৰ বিৰোধিতাৰ বাবে অগপ দলেও কুমাৰৰ সমৰ্থন বিচাৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd