• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিম্নতম বুনিয়াদী সা-সুবিধাৰ পৰাও বঞ্চিত কৃষাণ চুবুৰিবাসী

দীপ কুমাৰ কলিতা by দীপ কুমাৰ কলিতা
January 13, 2018 4:50 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘সব কা সাথ সব কা বিকাশ’ৰ শ্লগানক অসাৰ প্ৰতিপন্ন কৰি শোণিতপুৰ জিলাৰ ভিতৰুৱা এখন গাৱঁৰ বাসিন্দা সকলে এতিয়াও এক বিচ্ছিন্ন জনাংশৰ দৰে বাস কৰিবলৈ বাধ্য হৈ আছে। কোনো চৰকাৰী উন্নয়নমূলক আঁচনি, চৰকাৰী সাহায্য তথা দৰিদ্ৰতা নিৰ্মূল আঁচনিৰ আওতাত নপৰা এই গাওঁখন হ’ল শোণিতপুৰ জিলাৰ ন-বিল পথাৰৰ ভিতৰুৱা অঞ্চল কৃষাণ চুবুৰি। ইয়াৰ বাসিন্দাসকলে এতিয়াও চৰম দাৰিদ্ৰ্যৰ সৈতে সহাৱস্থান কৰি আহিছে। তেওঁলোকৰ দৈনন্দিন জীৱন বঞ্চিত হৈ আছে নিম্নতম বুনিয়াদী সা-সুবিধাৰ পৰা। নাই কোনো উপযুক্ত খোৱাপানীৰ ব্যৱস্থা, ৰাস্তাঘাটৰ সুব্যৱস্থা, চৰকাৰী স্বাস্থ্যসেৱা, শিক্ষাৰ আন্তঃগাঁথনি, বিদ্যুৎ সংযোগ। প্ৰায় ৫৪ টা পৰিয়াল থকা এই অঞ্চলটোৰ লোকসকলৰ মাজত সাক্ষৰতাৰ হাৰ তেনেই ক’ম, সামাজিক সজাগতাও নাই। ফলত তেওঁলোকে গম নাপায় কি কি চৰকাৰী আঁচনি আছে, কি কি নিম্নতম বুনিয়াদী সা-সুবিধা তেওঁলোকৰ প্ৰাপ্য। কোনো ৰাজনৈতিক দলৰ বাবেই এই সৰু বিচ্ছিন্ন জনাংশ সিমান মূল্যৱান নহয় বাবে স্থানীয় কোনো ৰাজনৈতিক নেতা-প্ৰতিনিধিয়ে তেওঁলোকৰ কেতিয়াও খবৰ লোৱা নাই।

আক্ষৰিক অৰ্থতে মধ্য যুগীয়া এটা মানৰ ভিতৰত ৰৈ গৈছে তেওঁলোকৰ জীৱন। প্ৰতিটো দিন যাপনৰ বাবেই তেওঁলোকে কৰিব লগীয়া অকল্পনীয় কষ্ট।

Apply Now

তেওঁলোকে নাজানে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ বিষয়ে। তেওঁলোকে নাজানে দাৰিদ্ৰ্য সীমা ৰেখা বা বি পি এল কি, তেওঁলোকে নাজানে ৱান জিৰ’ এইট সেৱা কি। আনকি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ৰেচন কাৰ্ডৰ পৰাও তেওঁলোক বঞ্চিত। শেহতীয়াকৈ চৰকাৰে প্ৰচলন কৰা অতল অমৃত অভিযান কি সেইটোও নাজানে তেওঁলোকে।

আনহাতে আদিবাসী জনগোষ্ঠীৰ লোকেৰে ভৰা এই সৰু জনাংশটো ভুক্তভোগী হৈছে গৰাখহনীয়াৰো। ওচৰতে থকা বেঙেনাজুলি নদীৰ খহনীয়াই তেওঁলোকৰ ভালেকেইজনৰ কেইবা বিঘাকৈ মাটি নিশ্চিহ্ন কৰি পেলালে।

তেওঁলোকৰ হৈ মাত মাতিবলৈ বা তেওঁলোকক নিজৰ অধিকাৰ সম্বন্ধে সচেতন কৰিবলৈ কোনো ওলাই অহা চকুত পৰা নাই। আনকি জনগোষ্ঠীটোৰ কোনো সংগঠনো।

দীপ কুমাৰ কলিতা

দীপ কুমাৰ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd