ৰাজেন্দ্ৰ অগ্ৰৱালৰ নেতৃত্বাধীন ২৬ জনীয়া যুটীয়া সংসদীয় কমিটীৰ সদস্যসকল মঙলবাৰে আবেলি আহি শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানঘাটিত উপস্থিত হয়। নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনিৰ মাজত দলটোক শিলচৰ এন আই টিলৈ লৈ যোৱা হয়। এই স্থানতেই শুনানি গ্ৰহণ কৰাৰ যাৱতীয় প্ৰস্তুতি কৰা হৈছে।
মঙলবাৰে আবেলি ২-৩০ৰ পৰা ৫-০০ বজালৈকে কৰিমগঞ্জ জিলাৰ ২০৩টা সংগঠন আৰু আৰু হাইলাকান্দি জিলাৰ পৰা ৮৪টা সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে নিজৰ মতামত প্ৰদান কৰাৰ কথা। আনহাতে ৯ মে’ত কাচাৰ জিলাৰ ১৫৩টা সংগঠনে যুটীয়া সংসদীয় কমিটীৰ ওচৰত নিজৰ মতামত ব্যক্ত কৰিব।
ইতিমধ্যে, চহৰখনৰ বিভিন্ন অংশৰ লগতে এন আই টিৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। এই ৰায়দানৰ সময়ত ঘটিব পৰা সাম্ভাব্য অনাকাংখ্যিত পৰিস্থিতি ৰোধ কৰা বা নিয়ন্ত্ৰণ কৰাৰ বাবে জনসাধাৰণৰ চলাচল তথা সামগ্ৰিকভাৱে দৈনন্দিন জীৱনশৈলীৰ ওপৰত চি আৰ পি এফৰ জোৱানসকলে কাঢ়া নজৰ ৰাখিছে।