• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱনিৰ্মিত ন্যায়িক অকাডেমীৰ শৈক্ষিক ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2018 10:33 pm
মুখ্য মন্ত্ৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উচ্চতম ন্যায়ালয়ৰ জ্যোষ্ঠ ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যয়াধীশ শাৰদ অৰৱিন্দ ববড়ে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং প্ৰমুখ্যে আন বহু আইনজ্ঞৰ উপস্থিতিত গুৱাহাটীৰ আমিনগাঁওস্থিত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক অকাডেমীৰ চৌহদত নৱনিৰ্মিত ন্যায়িক অকাডেমীৰ শৈক্ষিক ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

সময়ৰ গতিত ন্যায় ব্যৱস্থাত সংযোজিত হোৱা নতুন নীতি আৰু আইনসমূহৰ ক্ষেত্ৰত এই অকাডেমীয়ে অধিক তাৎপৰ্য বহন কৰিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে প্ৰায় ২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই শৈক্ষিক ভৱনে ন্যায়িক বিষয়াসকলক গুণগত আইন শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হ’ব।

Apply Now

ন্যায়িক ব্যৱস্থাটোৰ আন্তঃগাঁঠনিৰ সৱলীকৰণত দিশত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে সমগ্ৰ ব্যৱস্থাটোত এক আমূল পৰিৱৰ্তন আনিছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি ৰাজ্যখনত বৰ্তমান ৩০০ কোটি টকাৰ বিভিন্ন প্ৰকল্প ৰূপায়িত হৈ আছে বুলি কয়।

মুখ্য মন্ত্ৰীয়ে ন্যায়ালয় সমূহত নিষ্পত্তি নোহোৱাকৈ থকা বৃহৎ সংখ্যক গোচৰৰ প্ৰসংগ দাঙি ধৰি কয় যে দেশৰ ন্যায় ব্যৱস্থাৰ সন্মুখত এয়া এক ডাঙৰ প্ৰত্যাহ্বান আৰু গোচৰ সমূহ নিষ্পত্তিৰ কৰাৰ বাবে ন্যায়ালয় সমূহে অভিযান আকাৰে কাম কৰিব লাগিব বুলি কয়। তাৰোপৰি তেওঁ ব্যৱসায়িক ক’ৰ্ট সমূহৰ গোচৰসমূহৰ দ্ৰুত গতিত নিষ্পত্তি কৰা ওপৰত গুৰুত্ব আৰোপ কৰি এনে পদক্ষেপে বিশ্ব বিনিয়োগ সন্মিলনৰ জৰিয়তে চৰকাৰে ৰাজ্যখনত যি বিনিয়োগমুখী পৰিৱেশ গঢ় দি তুলিছে তাক অধিক গতিশীলতা প্ৰদান কৰিব।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ৰঞ্জন গগৈয়ে ভাষণ প্ৰসংগত ন্যায়িক বিষয়া সকলৰ যোগ্যতা আৰু কৰ্মদক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। লগতে ১৯৮১ চনৰ পৰা ধাৰবাহিকভাৱে বিগত সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ ন্যায়িক বিষয়াসকলক সুযোগ্য কৰি তোলাৰ ক্ষেত্ৰত নৰ্থ ইষ্ট জুডিচিয়েল অফিচাৰ্ছ ট্ৰেইনিং ইনষ্টিটিউটে লৈ অহা ভূমিকাৰ কথাও স্বীকাৰ কৰে।

ন্যায়াধীশ গগৈয়ে নৱনিৰ্মিত অকাডেমীটোৱে ন্যায়িক বিষয়া সকলৰ মাজত ভুল-শুদ্ধৰ ধাৰণা অধিক দৃঢ় কৰি মূল্যবোধ সম্পন্ন ব্যক্তিত্ব গঢ় দি তুলিব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ শাৰদ অৰৱিন্দ ববড়েই ন্যায়াধীশ সকলৰ চাৰিটা মূল বৈশিষ্টৰ কথা উল্লেখ কৰি ন্যায়িক বিষয়া সকলক সতৰ্কতাৰে সকলোৰে কথা শুনা, জ্ঞানগতভাৱে দায়িত্ব সম্পাদন কৰিবলৈ, সহৃদয়তাৰে বিবেচনা কৰিবলৈ আৰু নিৰপেক্ষভাৱে সিদ্ধান্ত ল’বলৈ পৰামৰ্শ আগবঢ়ায়।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ হৃষীকেশ ৰয়েও অনুষ্ঠানত ভাষণ প্ৰদান কৰে। উদ্বোধনী অনুষ্ঠানত ন্যায়িক অকাডেমীৰ সঞ্চালক অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ চি উপাধ্যায়ে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনীয়াই শলাগৰ শৰাই আগবঢ়ায়।

অনুষ্ঠানটোত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত আৰু বৰ্তমানে কাৰ্যনিৰ্বাহ কৰি থকা কেইবাগৰাকীও ন্যায়াধীশ, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক এছ চি পাটিল, অসম চৰকাৰৰ মহাধিবক্তা ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বহু সংখ্যক ন্যায়িক বিষয়া, চৰকাৰী বিষয়াকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm
কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

July 16, 2026 2:34 pm
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm
গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm
কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

July 16, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd