বজালী মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাষিকৰ ছাত্ৰ এজনক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰাৰ ঘটনা এটা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভাৰেগাঁৱত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছে।
সদানন্দ গায়ন আৰু স্বৰস্বতী গায়নৰ পুত্ৰ কিশোৰ গায়নৰ ঘৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভাৰেগাঁৱত। আক্ৰমণটোত কিশোৰ দেহৰ বাঁওফাল আৰু বুকুত যথেষ্ট আঘাত পায়। কিশোৰৰ পৰিয়ালৰ লোকে আক্ৰমণকাৰী একেই গাঁৱৰে অসীম কলিতাৰ (২৮) বিৰুদ্ধে এখন এজাহাৰ দিছে।
প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে সোমবাৰে পুৱা ৯-০০ মান বজাত কিশোৰে ঘৰৰ পৰা ওলাই যোৱাৰ পাছত অসীমে হঠাতে তেওঁক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি ঘাইল কৰে।
আৰক্ষী সূত্ৰই জনাইছে যে বেয়াকৈ আঘাতপ্ৰাপ্ত কিশোৰক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু পাছত তেওঁক গুৱাহাটীৰ এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়। বৰ্তমান আহত ছাত্ৰজন আইচিইউত আছে বুলি জানিব পৰা গৈছে। এতিয়ালৈকে আক্ৰমণৰ উদ্দেশ্য স্পষ্টভাৱে জানিব পৰা হোৱা নাই।
আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩২৬ ধাৰাৰ অধীনত ৩৭০/১৮ নম্বৰত এটা গোচৰ পঞ্জীয়ণভুক্ত হৈছে। বালাপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দাসে জনাইছে যে দোষীক কৰায়ত্ব কৰিবলৈ এটা তালাচী অভিযান আৰম্ভ কৰা হৈছে।
ইতিমধ্যে বজালী মহাবিদ্যালয় ছাত্ৰ একতা সভাই দোষীক অতি সোনকালে কৰায়ত্ব কৰিবলৈ দাবী কৰিছে বুলি মহাবিদ্যালয়খনৰ একতা সভাৰ সম্পাদক ৰাকেশ তালুকদাৰে জনাইছে।