• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি টি এ ডিৰ অবড়ো লোকসকলৰ ভূমিৰ অধিকাৰলৈ সংকট আনিবলৈ ওলাইছে বি টি চি প্রশাসন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 7:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবড়ো লোকৰ সংখ্যাতকৈ কম সংখ্যক বড়ো লোক থকা বি টি এ ডিত বড়োসকলক অতিমাত্ৰা ৰক্ষাকৱচ দিবলৈ গৈ অবড়োসকলৰ অধিকাৰ খৰ্ব কৰা হৈছে নেকি- এনে প্ৰশ্ন উত্থাপন কৰিছে অঞ্চলটোৰ অবড়ো ৰাইজে।

বড়ো লোকসকলৰ বিভিন্ন অধিকাৰক ৰক্ষণাবেক্ষণ দিবলৈ বি টি চি প্ৰশাসনে লোৱা কিছুমান কাৰ্য্যসূচীয়ে দীৰ্ঘদিনৰ পৰা অবড়োসকলৰ অধিকাৰ খৰ্ব কৰি আহিছে।

Apply Now

ইয়াৰ শেহতীয়া এটা উদাহৰণ হ’ল বি টি চি অঞ্চলত বি টি চি প্ৰশাসনে গ্ৰহণ কৰা এটা সিদ্ধান্ত। জানিব পৰামতে বি টি চি প্ৰশাসনে ৰাজ্য চৰকাৰৰ কোনো অনুমতি অবিহনেই, অৰ্থাৎ প্ৰায় গোপনে ভূমিৰ অধিকাৰ তথা মাটি-বাৰী কিনা-বেচাৰ ক্ষেত্ৰত বি টি চি অঞ্চলৰ ভিতৰৰ বিভিন্ন সংৰক্ষিত শ্ৰেণীবোৰে ভোগ কৰি থকা অধিকাৰ কৰ্তন কৰিবলৈ ওলাইছে।

সূত্ৰটোৱে জনোৱা মতে, যোৱা ১২ জানুৱাৰিত বি টি এ ডিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বহা পৰিষদৰ এখন বৈঠকে সিদ্ধান্ত লৈছে যে মাটি-বাৰী কিনাবেচাৰ ক্ষেত্ৰত বি টি এ ডিৰ ভিতৰত থকা বিভিন্ন সংৰক্ষিত শ্ৰেণীবোৰক (কোচ, নেপালী, চাওতাল, নাথ-যোগী ) সাধাৰণ শ্ৰেণী হিচাপে গণ্য কৰা হ’ব।

এই সিদ্ধান্ত কাৰ্য্যকৰী হ’লে অঞ্চলটোত সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদাসহকাৰে দীৰ্ঘদিন ধৰি বসবাস কৰি অহা জনগোষ্ঠীসমূহে তেওঁলোকৰ বিশেষাধিকাৰ হেৰুৱাব লাগিব। তেওঁলোকে মাটি কিনাৰ ক্ষেত্ৰত ইমানদিনে ভোগ কৰি অহা অধিকাৰ আৰু ভোগ কৰিব নোৱাৰিব।

উল্লেখযোগ্য যে ২০০৩ চনত বি টি চি গঠন কৰাৰ সময়ত বি টি এ ডিত বসবাস কৰা সকলো জনগোষ্ঠীকে সম অধিকাৰ প্ৰদান কৰাৰ কথা কোৱা হৈছিল।

সেইমতে বড়োসকলৰ উপৰি বি টি এ ডিত বসবাস কৰা আন জনগোষ্ঠীৰ ক্ৰমে কোচ ৰাজবংশী, চাওতাল, নেপালী আৰু নাথ যোগীসকলক সংৰক্ষিত জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়া হৈছিল।

আনহাতে, ১৯৯০ চনত হিতেশ্বৰ শইকীয়া মুখ্য মন্ত্ৰী হৈ থকাৰ সময়তে সেই সময়ৰ বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ (বি এ চি)ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰেমসিং ব্ৰহ্মই বি এ চিত উক্ত জনগোষ্ঠীকেইটাক সংৰক্ষিত শ্ৰেণী হিচাপে ঘোষণা কৰি ভূমিৰ অধিকাৰ প্ৰদান কৰিছিল।

সেই অনুসৰি বি টি এ ডিৰ উক্ত জনগোষ্ঠীকেইটাই ‘আছাম লেণ্ড ৰেভিনিউ ৰেগুলেইশ্যন এক্ট ১৮৮৬’ অনুসৰিয়ে সকলো সুবিধা লাভ কৰি আহিছিল। অৰ্থাৎ এই জনগোষ্ঠীসমূহে বি টি এ ডিত মাটি ক্ৰয়-বিক্ৰয় বা হস্তান্তৰ কৰিব পাৰিছিল।

কিন্তু এতিয়াৰ বি টি চি প্ৰশাসনে অঞ্চলটোত সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা লাভ কৰি থকা এই জনগোষ্ঠীবোৰক সংৰক্ষিত শ্ৰেণীৰ পৰিৱৰ্তে সাধাৰণ শ্ৰেণী কৰি তেওঁলোকৰ পৰা ভূমিৰ অধিকাৰ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

জানিব পৰামতে যোৱা ১২ জানুৱাৰিত হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ কেবিনেট বৈঠকখনত ভূমি-ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভূমিৰ হস্তান্তৰ প্ৰস্তাৱটো উহ্থাপন কৰিছিল। এই প্ৰস্তাৱৰ আধাৰতে উক্ত বৈঠকত গোটেই বিষয়টো আলোচনা কৰি সংৰক্ষিত শ্ৰেণীৰ লোকসকলৰ সংৰক্ষণ বাতিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

ফলত এতিয়াৰ পৰা জনগোষ্ঠীকেইটাক বি টি এ ডিত অজনজাতি অৰ্থাৎ সংৰক্ষিত শ্ৰেণীৰ পৰিৱৰ্তে সাধাৰণ শ্ৰেণী বুলিহে গণ্য কৰা হ’ব বুলি সিদ্ধান্ত লয়। আনহাতে বৈঠকতে এই সন্দৰ্ভত ভূমি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়া হয়। সূত্ৰটোৱে জনোৱামতে যোৱা ১২ জানুৱাৰিত গ্ৰহণ কৰা এই সিদ্ধান্তৰ আনুষ্ঠানিক প্ৰস্তাৱত হাগ্ৰামা মহিলাৰীয়ে যোৱা ৩১ জানুৱাৰিত স্বাক্ষৰ কৰি সিদ্ধান্তবোৰ কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় অধিসূচনা জাৰি কৰিবলৈও নিৰ্দেশ দিছিল।

এই নিৰ্দেশ কাৰ্য্যকৰী হ’লে উপৰি উক্ত শ্ৰেণীবোৰে বি টি এ ডিত বড়ো জনগোষ্ঠীৰ লোকৰ পৰা ভূমি ক্ৰয় কৰিব নোৱাৰিব। আনকি এই জনগোষ্ঠীবোৰে নিজৰ মাজত ভূমি কিনা-বেচা কৰিবলৈও পৰিষদৰ অনুমতি ল’ব লাগিব। বি টি চি প্ৰশাসনৰ এই অন্যায় সিদ্ধান্তই বি টি এ ডিত বসবাস কৰা উক্ত জনগোষ্ঠীসকলক ক্ষুদ্ধ কৰি তোলা বুলি জানিব পৰা গৈছে।

হাগ্ৰামা তথা বি টি চি প্ৰশাসনৰ এই এক পক্ষীয় সিদ্ধান্তই এতিয়া সকলোকে ভাবিবলৈ বাধ্য কৰিছে যে বড়োসকলৰ অধিকাৰ সংৰক্ষণৰ নামত আচলতে এটা অন্যায় তথা ওলোটা শোষণ ব্যৱস্থাক আনিব বিচৰা হৈছে নেকি?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

June 25, 2026 8:29 pm
ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd