• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ ফটফটীয়া মহানগৰীৰ আঁৰৰ কদৰ্য্যময় ৰূপ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 4, 2018 7:08 pm
Dirt_Guwahati
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৭ খনৰ দেশৰ প্ৰায় ২০০গৰাকী বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰা বিশ্ব বিনিয়োগকাৰী সন্মিলন উপলক্ষে মহানগৰীৰ নিৰ্বাচিত অংশ অতি জাক-জমকতাৰে সজাই-পৰাই তোলা হৈছে। খানাপাৰাৰ পৰা আৰম্ভ কৰি দিচপুৰ, ছয়মাইল, গণেশগুৰি, বশিষ্ঠ চাৰিআলিকে ধৰি যিবিলাক অঞ্চল বিনিয়োগকাৰী সকলৰ দৃষ্টিগোচৰ হয়, সেই সেই অঞ্চলসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলাৰ লগতে বিজুলীবাতি নথকা অথবা বিকল হৈ পৰা বিজুলীবাতি সলাই তাৰ ঠাইত চীনত নিৰ্মিত জিকমিক লাইট লগোৱা হ’ল।

কিন্তু এইবোৰৰ বিপৰীতে গণেশগুৰিতে ইয়াৰ বিপৰীত দৃশ্য আমাৰ চকুত পৰিছে। গণেশগুৰি অঞ্চলৰ ৰাস্তাৰ দুয়োকাষ অতি সুন্দৰভাৱে সজাই-পৰাই তোলা হ’ল যদিও প্ৰশাসনৰ চকু নপৰিল নলাসমূহৰ ওপৰত। এতিয়াও এই গণেশগুৰি অঞ্চলৰ ফুটপাথেৰে অহা-যোৱা কৰিলে ৰাইজে নাকত হাত দি পাৰ হ’ব লগা হয়। দিচপুৰ, গণেশগুৰি অঞ্চলৰ মাজেৰে বৈ যোৱা জুৰিটো বৰ্তমান পৰিণত হৈছে নৰ্দমাত। বিশেষকৈ মহানগৰীৰ কিছুসংখ্যক তথাকথিত সভ্য নাগৰিকে এই জুৰিত জাবৰ-জোঁথৰ পেলাই এক কদৰ্য্যময় পৰিৱেশৰ সৃষ্টি কৰিছে। কিন্তু মহানগৰ পৌৰ নিগমৰ বৰ্তমান পৰ্যন্ত এই সমূহত দৃষ্টিগোচৰ হোৱা নাই। যাৰ ফলস্বৰূপে পথচাৰীসকলে জীয়াতু ভুগিব লগীয়া পৰিস্থিতি হয়।

Apply Now

এডভাণ্টেইজ অসম অথবা বিশ্ব বিনিয়োগকাৰী সন্মিলন উপলক্ষে পথ সমূহ অত্যাধুনিকভাৱে সজাই-পৰাই তোলা হ’ল যদিও এই নলা-নৰ্দমা সমূহ কিহৰ বাবে পৰিষ্কাৰ কৰি তোলা নহ’ল সেইটো চিন্তনীয় প্ৰশ্ন।

তদুপৰি স্বচ্ছ ভাৰতৰ লক্ষ্য আগত ৰাখি মহানগৰীখনক স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলাৰ স্বপ্ন দেখা বিজেপি চৰকাৰৰ অৱহেলাৰ ফলতেই এই কৰ্দয্যময় পৰিবেশৰ মাজত মহানগৰবাসীয়ে দিন অতিবাহিত কৰিব লগীয়া হৈছে।

আনহাতে অন্য এক হাস্যকৰ দৃশ্য পৰিলক্ষিত হ’ল- স্বচ্ছতাৰ বাবে শ্ল’গান সহ যি পোষ্টাৰ সমূহ লগোৱা হৈছে সেই খুঁটাৰ তলতে দেখিবলৈ পোৱা গৈছে তামোল-পানৰ পিক। এনে পৰিপ্ৰেক্ষিতত এখন স্বচ্ছতাৰে পৰিপূৰ্ণ মহানগৰৰ পৰিকল্পনাৰে সজাগতাৰ সৃষ্টি কৰিবলৈ যিমানে বেনাৰ-পোষ্টাৰ নলগাওক তাৰ সুফল সুদূৰত। এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হয় যে জনসাধাৰণৰ মানসিকতাৰ বাবে নে চৰকাৰ তথা পৌৰসভাৰ অৱহেলাৰ বাবে আজিৰ গুৱাহাটীৰ এই ৰূপ দেখা পোৱা গৈছে?

Gutkha_Platform

তদুপৰি এনে এক কদৰ্যময় পৰিৱেশৰ মাজত কিদৰে বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ জৰিয়তে অসমক উদ্যোগীকৰণ কৰা হ’ব নে এয়া এক সপোন হিচাপেই থাকি যাব।

আনহাতে অসম ৰাজ্যিক চিৰিয়াখানাত আজি দেওবাৰ উপলক্ষে বহুতো পৰ্যটক তথা বনভোজৰ দল আহি থূপ খোৱা দেখিবলৈ পোৱা গ’ল। কিন্তু দুৰ্ভাগ্যজনক কথা এনে এটা পৰ্যটন কেন্দ্ৰলৈ সোমাই যোৱা পথছোৱাৰ কাষত থকা নলাত দেখিবলৈ পোৱা গ’ল জাবৰৰ দ’ম। চিন্তনীয় বিষয় যে এই নলা-নৰ্দমাত পেলোৱা জাবৰৰ পৰা ওলোৱা গোন্ধত পৰ্যটক তথা বনভোজৰ দল সমূহে শান্তি আৰু আনন্দ অনুভৱ কৰিব পৰা নাই।

আজি পল্টনবজাৰস্থিত ৰেইলৱে প্লেটফৰ্মতে মুক্তভাৱে গুটখা জাতীয় সামগ্ৰী বিক্ৰী কৰি থকাও দেখিবলৈ পোৱা গ’ল। কাৰ ছত্ৰছায়াত এইসকল ব্যৱসায়ীয়ে এনেধৰণৰ গুটখা বিক্ৰী কৰি আছে সেয়া এক লক্ষণীয় বিষয়। গুটখাৰ বিৰুদ্ধে সততে অভিযান চলাই থকা মহানগৰ প্ৰশাসনৰ অনুমতিত এইসকলে গুটখাজাতীয় দ্ৰব্য বিক্ৰী কৰিছে নেকি সেই বিষয়ে এক প্ৰশ্ন উত্থাপন হয়।

২০০৮ চনৰ ৩০ অক্টোবৰত মহানগৰীৰ গণেশগুৰিত হোৱা বোমা বিস্ফোৰণত নিহতসকলৰ স্মৃতিত অসম চৰকাৰৰ উদ্যোগত গণেশগুৰিৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেঁতুৰ তলত প্ৰত্যেক বছৰৰ ৩০ অক্টোবৰ দিনটোত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। মৃতকৰ পৰিয়াল তথা আত্মীয় স্বজন আৰু অন্যান্য লোকসকলে মৃতকৰ আত্মাৰ সদগতি কামনাৰে ইয়াত চাকি-বন্তি জ্বলায়। কিন্তু পৰিতাপৰ বিষয় যে ৩০ অক্টোবৰ দিনটোক বাদ কৰি এই বেদীৰ অৱস্থা তেনেই অৱহেলিত হৈ থাকে। সেই দিনটোক বাদ দি উৰণীয়া সেঁতুৰ তলৰ ঠাইখিনি বহু লেতেৰা জাবৰ-জোঁথেৰে ভৰি থাকে।

প্ৰশ্ন হয়- সেই বিশেষ দিনটোতে আমি বিস্ফোৰণত নিহতসকলক স্মৰণ কৰাটোতে আমাৰ কৰ্তব্য শেষ নেকি?

ওপৰত উল্লিখিত এই সমূহ সামান্য এক উদাহৰণ হে মাথো। এনেকুৱা ধৰণৰ বহু দৃশ্য বৰ্তমান মহানগৰীত অতি সহজলভ্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd