• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰাঘৰত স্কুল চলাই থকাৰ উদ্বেগজনক পৰিণাম : মালিকে ঘৰ ভাৰালৈ নিদিয়াৰ সিদ্ধান্ত লোৱাত বলিৰ পঠা হ’ল ছাত্ৰ-ছাত্ৰী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 14, 2018 6:33 pm
School
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যক্তিগত খণ্ডত শিক্ষা এক লাভজনক ব্যৱসায় হৈ পৰাৰ ফলত চাৰিওফালে কাঠফুলাৰ দৰে বাঢ়ি অহা ব্যক্তিগতখণ্ডৰ বিদ্যালয়বোৰ বহু সময়ত শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে হৈ পৰিছে ছিটিকাসদৃশ। চৰকাৰৰ উচিত তদাৰকৰ অভাৱত এইবোৰে কেতিয়াবা মইমতালিৰে জ্বলা-কলা খুৱায় অভিভাৱক আৰু শিক্ষাৰ্থীক।

শেহতীয়াকৈ মহানগৰীত ঘটা এটা ঘটনাই শিক্ষাৰ নামত লাভজনক ব্যৱসায় কৰা চক্ৰৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ কেনে বিলৈ হ’ব পাৰে তাৰ উদাহৰণ পোৱা গৈছে।

Apply Now

এইটো হাতীগাওঁ অঞ্চলৰ এখন বিদ্যালয়ৰ কাহিনী। আছাম ভেলি এডুকেইশ্যন চ’ছাইটি নামৰ এটা গোটে হাতীগাৱঁৰ মাদাৰ টেৰেচা পথৰ ৩৯ নম্বৰ ঘৰটো ভাৰলৈ লৈ আছাম ভেলি ইণ্টাৰনেশ্যনেল স্কুল নামৰ এখন স্কুল চলাই আছিল। নাম যদিও ‘ইণ্টাৰনেশ্যনেল’ ছাত্ৰ-ছাত্ৰী মাত্ৰ ১০০ মানহে আছিল। কিন্তু এবছৰ মান চলাৰ পিছত ঘৰটোৰ মালিক, অৱসৰপ্ৰাপ্ত ডি এফ অ’ ফিৰদোচ আলীয়ে ঘৰটো ভাৰালৈ নিদিয়াৰ সিদ্ধান্ত লয় আৰু ঘৰটোৰ মূল গেইটত তলা বন্ধ কৰি দিয়ে। ফলত বিদ্যালয়খনত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত হাহাকাৰ লাগে। অৱশেষত বুজাবুজিৰ আধাৰত মালিকপক্ষই যোৱা বছৰৰ পৰীক্ষালৈকে যেনে-তেনে পাঠদান আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি দিয়ে।

এই বিষয়টো সংবাদ মাধ্যমক জনাবলৈ আজি আছাম ভেলি এডুকেইশ্যন চ’ছাইটিৰ অধ্যক্ষ মঃ লুটফুৰ ৰহমানে দিচপুৰ প্ৰেছক্লাবত এখন সংবাদমেল দি কয় যে মালিকপক্ষৰ লগত ২০ বছৰৰ বাবে ঘৰটো ভাৰাত লোৱাৰ তেওঁলোকে চুক্তি কৰিছিল। আৰু এই চুক্তিমৰ্মেই ২০১৬ চনত তেওঁলোকে ২ লাখ টকা আমানত ধন হিচাপে জমা দিছিল। কিন্তু মালিকপক্ষই খেয়াল-খুচি আৰু ক্ষমতা প্ৰয়োগেৰে ২০১৭ চনত ঘৰটো ভাৰালৈ নিদিয়াৰ সিদ্ধান্ত লৈ মূল গেইটত তলা লগাই দিয়ে।

ছ’চাইটিৰ অধ্যক্ষ ৰহমানে জানিবলৈ দিয়া মতে যোৱা ফেব্ৰুৱাৰি মাহৰ পৰা বন্ধ হৈ আছে বিদ্যালয়খন আৰু প্ৰায় সংখ্যক দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যলয়খন বন্ধ হ’ব লগীয়া হোৱাত বিপদত পৰে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকল।

তেওঁ জনোৱামতে, অৱসৰপ্ৰাপ্ত ডি এফ অ’ ফিৰদোচ আলীৰ পত্নী ৰাবিয়া আহমেদৰ নামত থকা ঘৰটোৰ বাবে ছ’চাইটিয়ে মাহিলি ৬৮ হাজাৰ টকাৰ ভাৰা দি আহিছিল। ছটা ফ্লেট আৰু ওপৰ মহলাত চাৰিটা অসম আৰ্হিৰ কোঠা থকা ঘৰটোত তলৰ মহলাত শ্ৰেণীকোঠা ৰাখি ওপৰ মহলাকেইটাত ছাত্ৰাৱাস আৰু শিক্ষকৰ আৱাসৰ ব্যৱস্থা কৰিছিল।

প্ৰায় এটা বছৰ সুন্দৰ ভাৱে পাঠদান চলি যোৱাৰ পাছত বিদ্যালয়খনৰ পৌৰ নিগমৰ পঞ্জীয়নৰ বাবে প্ৰয়োজন হোৱা মাটিৰ খাজনা ৰচিদ, আৰু আন তথ্যসমূহ ঘৰৰ মালিকক বিচৰাত তেওঁলোকে দিবলৈ অস্বীকাৰ কৰে। তাৰ বিপৰিতে বিদ্যালয়খন সেই স্থানৰ পৰা স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

তেওঁ লগতে জনায় যে ২০১৭ চনৰ ২১ ছেপ্তেম্বৰ তাৰিখে ঘৰৰ মালিকে বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰত তলা লগাই দিয়ে আৰু ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ নাহিবলৈ কয়। পৰৱৰ্তী সময়ত ২০১৭ৰ নৱেম্বৰ মাহত তলৰ মহলাত থকা শ্ৰেণীকোঠাত তলা লগায়। অৱশেষত, বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাবৰ্ষ শেষ নোহোৱা পৰ্যন্ত ওপৰৰ মহলাত থকা অসম আৰ্হিৰ চাৰিটা কোঠাত পুতৌলগা অৱস্থাত পাঠদান আৰু পৰীক্ষা পাতিব লগীয়া হয়।

অভিযোগ অনুসৰি ২০১৭ৰ ১৮ নৱেম্বৰত ফিৰদোচ আলীয়ে প্ৰায় ২০জনীয়া গুণ্ডা বাহিনী লগাই বিদ্যালয়খনৰ আচবাব লণ্ড-ভণ্ড কৰাৰ লগতে হোষ্টেল, শিক্ষকৰ আৱাসত তলা লগাই দিয়ে।

আনহাতে ছ’চাইটিয়ে জানিবলৈ দিয়ামতে, ফিৰদোচ আলী আৰু তেওঁৰ পত্নী ৰাবিয়া আহমেদে প্ৰতিমাহত ভাৰাৰ বাবত কেৱল নগদ ধন লৈছিল। চেক বা বেংক একাউন্ট ট্ৰান্সফাৰ তেওঁলোকে গ্ৰহণ কৰা নাছিল আৰু ভাৰা লোৱাৰ কোনো ৰচিদ বিদ্যালয় কৰ্তৃপক্ষক দিয়া নাছিল।

সম্প্ৰতি উপায়হীন হৈ বিষয়টো সন্দৰ্ভত আদালতৰ দ্বাৰস্থ হৈছে আছাম ভেলি এডুকেইশ্যন ছ’চাইটি।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd