• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ভাৰতক হিন্দুৰাষ্ট্ৰ কৰি তুলিবলৈ অনা হৈছে নেকি নাগৰিকত্ব সংশোধনী বিধেয়ক?

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
May 12, 2018 8:42 pm
protest against citizenship amendment bill in assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধন বিধেয়ক ২০১৬ ( Citizenship Amendment Bill 2016 )ক লৈ যুটীয়া সংসদীয় সমিতিৰ চাৰিদিনীয়া অসম আৰু মেঘালয় ভ্ৰমণৰ লগে লগে ৰাজনৈতিক যুদ্ধভূমিত পৰিণত হৈছে অসম।

বিতৰ্কিত এই বিধেয়কখনে ব্ৰহ্মপুত্ৰ উপত্যকাত ব্যাপক বিৰোধৰ সন্মুখীন হোৱাৰ বিপৰীতে বাঙালী-অধ্যূষিত বৰাক উপত্যকাত দেখা গৈছে সম্পূৰ্ণ বিপৰীত ছবি। বৰাক উপত্যকা বাংলাদেশৰ পৰা অহা বাঙালী হিন্দুক নাগৰিকত্ব দিয়াৰ পক্ষে।

Apply Now

ৰাজনৈতিকভাৱে মেৰুকৃত দুই উপত্যকাৰ ব্যৱধানে অসমত সৃষ্টি কৰিছে এক জটিল পৰিস্থিতি আৰু বিতৰ্কিত বিধেয়কখন গৃহীত কৰাটো হৈ পৰিছে অত্যন্ত কঠিন। আৰু এই সন্ধিক্ষণত সামান্য এক ভুলে উগ্ৰপন্থা-বিধ্বস্ত ৰাজ্যখনৰ শান্তি-সম্প্ৰীতি গুৰুতৰভাৱে অশান্ত কৰি তুলিব পাৰে।

নাগৰিকত্ব বিধেয়ক ২০১৬-এ আফগানিস্থান, বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়সমূহৰ ‘অবৈধ অনুপ্ৰৱেশকাৰী’ক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব খুজিছে। উক্ত দেশকেইখনৰ হিন্দু, শিখ, বৌদ্ধধৰ্মী, জৈন, পাৰ্চি আৰু ক্ৰিষ্টান অবৈধ অনুপ্ৰৱেশকাৰীক ই নাগৰিকত্ব প্ৰদান কৰিব খুজিছে।

নাগৰিকত্বৰ আবেদন কৰাৰ ক্ষেত্ৰত এনে অনুপ্ৰৱেশকাৰীৰ ভাৰতত ন্যূনতম বসবাসকাল ১১ৰ পৰা ৬ বছৰলৈ এই বিধেয়কে কমাব খুজিছে। কিন্তু অবৈধ মুছলমান অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত বিধেয়কখন প্ৰযোজ্য নহয়। জ্যু বা বাহাই আদি সংখ্যালঘু সম্প্ৰদায়ৰ কথাও ই আলোচনা কৰা নাই।

সামাজিক আৰু ৰাজনৈতিক শক্তিসমূহে এই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে শক্তিশালীভাৱে প্ৰচাৰ চলোৱাৰ বিপৰীতে এতিয়াও বাংলাদেশৰ পৰা অহা হিন্দু বাঙালীৰ আচল পৰিমাণটো সন্দৰ্ভত অসমৰ বেছিসংখ্যক মানুহেই কিন্তু এতিয়াও অৱগত নহয়। ৰাজ্যৰ সোণোৱাল চৰকাৰেই হওক বা কেন্দ্ৰই হওক কোনেও এতিয়ালৈকে আচল সংখ্যাটো জনোৱা নাই।

চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰী বা বিদেশীৰ সংখ্যাটো কিদৰে নিৰ্ধাৰণ কৰিব? উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আধাৰত ই নিৰ্ধাৰিত হ’ব নেকি? বা নহ’লে বিদেশী বা অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ বাবে চৰকাৰৰ আন কিবা ব্যৱস্থা আছে নেকি?

এই ধূসৰতাৰ মাজত এই বিতৰ্কিত বিধেয়কখন অসমত এক গুৰুতৰ ৰাজনৈতিক বিষয় হৈ পৰিছে। বৰ্ণহিন্দু অসমীয়া সৰৱ হৈছে যে নাগৰিকত্ব আইনৰ সংশোধনে অৱমাননা কৰিব ১৯৮৫ চনৰ অসম চুক্তিক য’ত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ কথা স্পষ্টকৈ উল্লেখ আছে।

বিধেয়কখনৰ বিৰুদ্ধে সামাজিক সংগঠন আৰু বিৰোধী দলবোৰে চিঞৰ-বাখৰ কৰাৰ সময়তে, আনকি বিজেপি-মিত্ৰ অগপয়ো সংসদত বিধেয়কখন গৃহীত হ’লে মিত্ৰতা ভংগৰ সকীয়নি দিছে।

কেন্দ্ৰৰ পদক্ষেপৰ প্ৰতি হঠাতে অসম বিজেপিৰ কিছুসংখ্যক নেতাও সৰৱ হৈ উঠিছে। পূৰ্বে ইয়াক প্ৰাক নিৰ্বাচনী ‘প্ৰতিশ্ৰুতি’ বুলি বিজেপিয়ে প্ৰচাৰ চলাই আহিছিল। যোৱা ১০ মে’ত গুৱাহাটীৰ বিজেপি সাংসদ বিজয়া চক্ৰবৰ্তীয়ে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি কৈছিল যে ১৯৭১ চনলৈকে বিদেশীৰ বোজা অসমে ল’লে।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক’লে অসমে বিদেশীৰ আৰু বোজা ব’ব নোৱাৰে। তেওঁ ক’লে হিন্দু বাংলাদেশীক আশ্ৰয় আৰু নাগৰিকত্ব দিলে, অসমে নহয়, আন ৰাজ্যই এতিয়া বোজাটো লওক।

বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰা চক্ৰবৰ্তী অসম বিজেপিৰ দ্বিতীয়গৰাকী জ্যেষ্ঠ নেতা। তাৰ পূৰ্বে যোৱা ৯ মে’ত দিচপুৰৰ বিজেপি বিধায়ক অতুল বৰাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আৰু অসমক এক ‘জনগাঁথনিৰ বিপদজনক পৰিৱৰ্তন’ৰ পৰা বচাবলৈ অনুৰোধ কৰিছিল।

অসমৰ বিজেপি নেতাসকল এই পদক্ষেপত উদ্বিগ্ন হোৱাটো স্বাভাৱিক। কাৰণ তেওঁলোকে জানে যে অসমত এই নাগৰিকত্ব বিধেয়কখনৰ বাবে কেন্দ্ৰই হেঁচা দিলে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পথত বিজেপিৰ নিৰ্বাচনী সম্ভাৱনাৰ ক্ষেত্ৰত ই হৈ পৰিব এক বৃহৎ বিপৰ্য্যয়। ২০১৪ চনৰ নিৰ্বাচনত ১৪ খন আসনৰ ৭ খন দখল কৰা দলটোৱে হয়টো ২০১৯ চনত দুখনতকৈ অধিক আসন নাপাব।

২০১৯ চনৰ লোকসভা আৰু ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক লৈ অসম বিজেপিৰ নেতাসকল যদি চিন্তিত, তেন্তে কেন্দ্ৰীয় নেতৃত্বক কিয় এই সম্পৰ্কে পতিয়ন নিয়াব পৰা নাই?

আশ্বৰ্য্যজনকভাৱে বিতৰ্কিত বিধেয়কখনৰ বাবে দিয়া অধিক হেঁচাই বিজেপিৰ নিৰ্বাচনী সমীকৰণ দুৰ্বল কৰাই নহয়, ই হ’ব এক ৰাজনৈতিক ভুল আৰু ই অসমৰ শান্তি নোহোৱা কৰিব বুলি নতুন দিল্লীৰ বিজেপি নেতৃত্বক ৰাজনীতিত যোগদানৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও পতিয়ন নিয়াব পৰা নাই।

বিষয়টোৰ ক্ষেত্ৰত সোণোৱালৰ নীৰৱতা দুখদায়ক। সোণোৱালৰ পৰা অসমৰ ৰাইজৰ বিশেষকৈ বৰ্ণহিন্দু অসমীয়াই বহু আশা কৰিছিল আৰু তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে এখোপ বেছি কাম কৰিব বুলি তেওঁলোকে সদায় বিশ্বাস কৰিছিল। নাগৰিকত্ব আইনৰ সংশোধনে নিশ্চিতভাৱে প্ৰব্ৰজনক উৎসাহিত কৰিব।

সোণোৱাল আৰু তেওঁৰ চৰকাৰক লৈ অসমৰ খিলঞ্জীয়া লোকসকল বিতুষ্ট হোৱাটো স্বাভাৱিক। বিতৰ্কিত আই এম ডি টি আইন বাতিলৰ ক্ষেত্ৰত সোণোৱালক তেওঁলোকে সদায় নায়কৰূপে গণ্য কৰি আহিছে। সোণোৱালে উচ্চতম ন্যায়ালয়ত তৰা এটা গোচৰতে অসমৰ বিদেশীক চিনাক্তকৰণ আৰু বিতাড়ণৰ বাটত প্ৰধান বাধাৰূপে সদায় বিশ্বাস কৰি অহা আই এম ডি টি বাতিল কৰা হৈছিল।

আচৰিত কথাটো হ’ল, অবৈধ অনুপ্ৰৱেশকাৰীক লৈ সদাসৰৱ সোণোৱাল নাগৰিকত্ব বিধেয়ক সংক্ৰান্তত হঠাতে নীৰৱ হৈ পৰিল কিয়? সোণোৱালকে ধৰি ৰাজ্যিক বিজেপিৰ আন নেতাসকল কিবা এক চাপৰ মাজত আছে নেকি?

নাগৰিকত্ব বিধেয়কক লৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ইমান কঠোৰ হেঁচা কিয় দিছে? বিশ্বৰ শেষখন হিন্দু ৰাষ্ট্ৰ নেপালৰ পতনৰ পিছত ভাৰতক এক নতুন হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংঘ পৰিয়ালৰ এক বৃহৎ পৰিকল্পনাৰ ই অংশ নেকি?

বহুলোকে, বিশেষকৈ অসমৰ বুদ্ধিজীৱীসকলে, বিধেয়কখনৰ বাবে হেঁচা দিয়া এন ডি এ’ চৰকাৰৰ অভিপ্ৰায় বিশ্লেষণ আৰম্ভ কৰিছে। অসমৰ মানুহে তেওঁলোকৰ ৰাজনৈতিক আকাংক্ষাৰ সৈতে খেলা কৰিবলৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰক কিয় অনুমতি দিব?

সংঘ পৰিয়ালৰ হিন্দুত্বৰ পৰা অসমৰ মানুহে পাব কি? আৰ এচ এচৰ হিন্দুত্ব আদৰ্শৰ পৰা অসমৰ ৰাইজ সদায় আঁতৰি আছে। তাৰোপৰি ‘গো মণ্ডল’তকৈ অসমৰ হিন্দু ধৰ্ম বহুত বেলেগ আৰু ৰাজ্যখন চিৰদিনে শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰৰ উদাৰ ভূমি।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পাহৰাটো ঠিক নহ’ব যে ধৰ্মৰ ভিত্তিত এক নিৰ্দিষ্ট সম্প্ৰদায়ক বিশেষ শ্ৰেণীৰ নাগৰিকত্ব প্ৰদান ভাৰতৰ ‘ধৰ্মনিৰপেক্ষ পৰিচয়’ৰ ওপৰত হ’ব এক বৃহৎ কালিমা। যিমান যি হ’লেও এক বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ পক্ষ গ্ৰহণ ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদৰ উলংঘন।

সংবিধানে ধৰ্ম, জাত, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্য নিষিদ্ধ কৰিছে। বাংলাদেশৰ পৰা অহা কেৱল হিন্দু অবৈধ অনুপ্ৰৱেশকাৰীক যদি নাগৰিকত্ব দিয়ে, চৰকাৰে কি মুছলমান অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰত্যৰ্পণ কৰিব?

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদ বিচাৰি অহাৰ সময়ত ভাৰতৰ ওপৰত এনে ‘সাম্প্ৰদায়িক চেকা’ বিশ্বৰ মঞ্চত মোদীৰ বাবে হয়তো অস্বস্তিদায়ক হ’ব।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd