• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মিজোৰাম

মিজোৰামত বিজেপিয়ে কংগ্ৰেছক ক্ষতি কৰিব নোৱাৰে : মুখ্য মন্ত্ৰী লাল থানহাওলা

চাংজুৱালা মাৰ by চাংজুৱালা মাৰ
March 9, 2018 8:33 pm
Lal-Thanwala-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ ভিতৰত ছখনতে চৰকাৰ গঠন বা চৰকাৰৰ অংশীদাৰ হ’বলৈ সক্ষম হোৱা বিজেপি এতিয়া আত্মবিশ্বাসৰ তুংগত থকাৰ সময়তে মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাওলাই এন ই নাওৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কৈছে যে ৰাজ্যখনত (মিজোৰামত) কংগ্ৰেছৰ বাবে বিজেপি ভাবুকি হৈ উঠিব নোৱাৰে।

‘মিজোৰামৰ ৰাজনৈতিক দৃশ্যপট সম্পৰ্কত বিজেপিৰ নেতৃত্ব সম্পূৰ্ণ অজ্ঞ। তেওঁলোকে মোক স্বেচ্ছাই মিজোৰামৰ শাসনভাৰ এৰি দিব লগীয়া হ’ব।’ এইদৰে কয় জ্যেষ্ঠ তথা অভিজ্ঞ কংগ্ৰেছ নেতাজনে।

Apply Now

উল্লেখযোগ্য যে এই বছৰৰে শেষৰফালে মিজোৰামত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

মন কৰিব লগীয়া যে নেডা (NEDA)ৰ প্ৰয়াসত উত্তৰ-পূৰ্বাঞ্চলত বিজেপিয়ে চকুত পৰা ধৰণৰ ৰাজনৈতিক উত্থান ঘটাইছে। নিৰ্বাচনী ফলাফলৰ উপৰি সুকীয়া ৰাজনৈতিক কৌশল অৱলম্বনেৰেও দলটোৱে অঞ্চলটোত নিজৰ খোপনি বৃদ্ধি কৰিছে। কিন্তু মিজোৰামত লাল থানহাওলাৰ নেতৃত্বত কংগ্ৰেছ বেছ শক্তিশালী ৰূপত আছে।

‘মিজোৰাম এখন সম্পূৰ্ণ সুকীয়া ক্ষেত্ৰ, এইখন আমাৰ ঘৰুৱা খেলপথাৰ। তেওঁলোকে ইয়াত আমাৰ একো কৰিব নোৱাৰে। মিজোৰামত কংগ্ৰেছৰ বাবে মোদী এক ভাবুকি নহয়।’ পাঁচবাৰৰ মুখ্য মন্ত্ৰীজনে এইদৰে কয়।

উল্লেখযোগ্য যে বিগত ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত ৪০খন আসনৰ ভিতৰত কংগ্ৰেছে ৩২খন আসন লাভ কৰিছিল। বিৰোধী দলৰ সকলোবোৰ শীৰ্ষ নেতাই পৰাজয়ৰ মুখত পৰিছিল।

মিজোৰামৰ ৰাজ্যিক বিজেপিয়ে ৰাজ্যখনৰ মাৰা ডেম’ক্ৰেটিক ফ্ৰণ্টৰ সৈতে প্ৰাক-নিৰ্বাচনী মিত্ৰতাত উপনীত হোৱাৰ চেষ্টা কৰিছে। কিন্তু এতিয়ালৈকে বিশেষ একো অগ্ৰগতি কৰিব পৰা নাই। বৰং দলটোৰ নেতৃত্বই তেওঁলোকৰ অভ্যন্তৰীণ সংঘাততে ব্যস্ত হৈ পৰা দেখা গৈছে।

‘আমাৰ প্ৰধান প্ৰতিদ্বন্দ্বী কোন হ’ব সেইটো এতিয়া কোৱাটো কিছু আগতীয়া হ’ব, কাৰণ ভিন্ন ৰাজনৈতিক অগ্ৰগতি দেখা গৈছে। কিন্তু এতিয়ালৈকে ৰাজ্যিক বিজেপিয়ে কোনো দলৰ সৈতে এনেকুৱা একো মিত্ৰতাত উপনীত হোৱা নাই, যিটো আমাৰ বাবে ভাবুকি স্বৰূপ হ’ব পাৰে।’ -এইদৰে কয় মিজোৰাম কংগ্ৰেছৰ মিডিয়া বিভাগৰ সভাপতি জেইমছ থাংমিংমাৱাই।

ৰাজ্যখনৰ অন্যান্য কংগ্ৰেছ নেতাসকলৰ দৰে জেমছ থাংমিংমাৱায়ো তেওঁলোকৰ সভাপতি তথা মুখ্য মন্ত্ৰীৰ লাল থাংহাওলাৰ আত্মবিশ্বাসক সমৰ্থন দিয়ে। ‘লাল থানহাওলাৰ সবল নেতৃত্ব সময়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু ই আমাক বিশ্বাস দিছে।’ তেওঁ কয়।

‘আমি মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ডত যি ফলাফল দেখিলো, সেইটো আচল ফলাফল নহয়, এই ফলাফলত ৰাইজৰ জনাদেশৰ প্ৰতিফলন ঘটা নাই। গেৰুৱা দলে আনৰ মাধ্যমেৰে ক্ষমতা হস্তগত কৰিছে।’ জেইমছে কয়।

উল্লেখযোগ্য যে এতিয়ালৈকে বিজেপিয়ে কোনো দলৰ সৈতে প্ৰাক নিৰ্বাচনী মিত্ৰতা নিশ্চিত কৰা নাই যদিও, এই বুলি বাতৰি ওলাই আছে যে দলটোৱে বৃহত্তম আঞ্চলিক দল মিজো নেশ্যনেল ফ্ৰণ্ট (MNF)ৰ সৈতে মিত্ৰতাৰ চেষ্টা চলাই আছে।

চাংজুৱালা মাৰ

চাংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd