কিছুদিন পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদ আৰু সৰুসজাই ষ্টেডিয়ামৰ সমীপত জমা কৰি ৰখা ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহনসমূহ সম্পূৰ্ণৰূপে অচল বুলি এক বাতৰি প্ৰকাশ পাইছিল। লগতে কৰ্ণাটকৰ জি ভি কে (ই এম আৰ আই) নামৰ সংস্থাটোৱে অসমত মৃত্যুঞ্জয় ১০৮ সেৱাৰ জৰিয়তে হাজাৰ কোটি টকা কেলেংকাৰি কৰা বুলিও এক অভিযোগ উত্থাপন হৈছিল।
আজি নৰ্থ-ইষ্ট নাওক এই অভিযোগ সম্পূৰ্ণৰূপে মিছা বুলি জানিবলৈ দিয়ে মৃত্যুঞ্জয় জৰুৰীকালীন সেৱাৰ বিভাগীয় কৰ্তৃপক্ষই।
এই সন্দৰ্ভত বিভাগীয় সূত্ৰটোৱে জনায় যে যোৱা ৫ ডিচেম্বৰ তাৰিখে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৯৫খন নতুন ১০৮ এম্বুলেন্সৰ ব্যৱস্থা কৰিছিল।
‘যিবিলাক এম্বুলেন্স পুৰণা তথা অচল হৈ গৈছে সেই এম্বুলেন্সসমূহৰ সলনি এই নতুন এম্বুলেন্সে বৰ্তমান সেৱা আগবঢ়াই আছে।’ সূত্ৰটোৱে কয়।
আনহাতে জি এম চি এইচ্ছ প্ৰাংগণ আৰু সৰুসজাই ষ্টেডিয়ামৰ সমীপত জমা কৰি ৰখা বাহনসমূহৰ বিষয়ত কয় যে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অচল হৈ থকা এম্বুলেন্সসমূহ সেই স্থান দুটাত ৰাখি থোৱা হৈছে।
তদুপৰি সুত্ৰটোৱে প্ৰকাশ কৰা মতে যিবিলাক বাহনৰ অৱস্থা বেছি বেয়া নহয় সেইসমূহো তাত জমা কৰি ৰখা হৈছে। লগতে সেই বাহনসমূহৰ ম্যাদ মাত্ৰ ৩ বছৰ বুলি সূত্ৰটোৱে সদৰী কৰি কয়, ‘২ লাখ কিল’মিটাৰ চলাৰ পিছত ১০৮ বাহনসমূহ জৰুৰীকালীন ক্ষেত্ৰত ব্যৱহাৰৰ ক্ষেত্ৰত অনুপযোগী হৈ পৰে।’
‘ইতিমধ্যে এই অচল হৈ থকা এম্বুলেন্সসমূহ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নিলাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।’ সূত্ৰটোৱে কয়।
ইয়াৰোপৰি জি ভি কেৰ তৰফৰ পৰা প্ৰেৰণ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত উল্লেখ যে যোৱা ২১ মাৰ্চত প্ৰায়কেইটা সংবাদ মাধ্যমত প্ৰকাশ পোৱা মৃত্যুঞ্জয় সেৱাৰ নামত ২০০০ কোটি টকাৰ কেলেংকাৰিৰ বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন।
লগতে গাঁও অঞ্চলত এম্বুলেন্স সেৱাৰ সঠিক ৰূপায়ণ হোৱা নাই বুলি প্ৰকাশ পোৱা বাতৰিৰ বিৰোধিতা কৰি বিজ্ঞপ্তিখনত সংশ্লিষ্ট কৰ্তৃপক্ষই উল্লেখ কৰে যে মুঠ ৩৮০খন এম্বুলেন্সে ৮০ শতাংশই ইতিমধ্যে গাওঁ অঞ্চলত সেৱা আগবঢ়াই আছে। অসমত বৰ্তমান ৬খন নৌকা মৃত্যুঞ্জয় ১০৮ সেৱাৰ এম্বুলেন্স আছে। মাজুলীত পূৰ্বতে ১খন নৌকা এম্বুলেন্স আছিল যদিও যোৱা ১ জানুৱাৰিৰ পৰা নতুনকৈ ২খন নৌকা এম্বুলেন্সৰ সংযোজন কৰা হৈছে।
আনহাতে, জি ভি কে জৰুৰীকালীন ব্যৱস্থাত কোনো ৰাজনৈতিক হস্তক্ষেপ নাই তথা কিছু কিছু ঠাইত এম্বুলেন্সবিলাকক আৰক্ষী থানাই তেল ভৰাই দিব লাগে বুলি কৰা অভিযোগটোৰ কোনো ভিত্তি নাই। এনেকুৱা কোনো দৃষ্টান্ত নাই।
জানিব পৰা মতে জি ভি কেই জৰুৰীকালীন মৃত্যুঞ্জয় সেৱা আগ বঢ়াবলৈ অসম চৰকাৰৰ সৈতে কৰা এক চুক্তিৰ জৰিয়তে ২০১০ চনৰ জুন মাহৰ পৰা ৰাজ্যখনত জৰুৰীকালীন সেৱা আগ বঢ়াই আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যেকদিনাই অহা প্ৰায় ২০,০০০ ফোনকলৰ সংশ্লিষ্ট কৰ্তৃপক্ষই সঁহাৰি দিয়া বুলি আমাক জানিবলৈ দিয়ে।