• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শক্তি বিভাগৰ মৰণফান্দ: বেবেজীয়াৰ উলুবাৰীত উন্মুক্ত ট্ৰেন্সফৰ্মাৰে মাতিছে বিপদ

মিণ্টু দাস by মিণ্টু দাস
July 29, 2018 9:15 am
transformer
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিয়াগোম বিভাগসমূহৰ ভিতৰত অন্যতম শক্তি বিভাগটোৱে সাধাৰণ জনতাক হাৰাশাস্তি প্ৰদান কৰাই নহয়, বিভাগটোৰ উপস্থিতি সন্দৰ্ভতো ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰ কিম্বা মন্ত্ৰীও সলনি হ’ল পিছে সলনিহে ন’হল বিভাগটোৰ বিষয়-ববীয়াৰ কাণ্ডজ্ঞানহীন কৰ্মৰ নমুনা।

গ্ৰীষ্মৰ দিনকেইটাত দিনে ২ ঘন্টাকৈ ৰাইজক বিদ্যুৎ যোগান ধৰিব নোৱাৰা বিভাগটোৰ একাংশ বিষয়াই জধে-মধে ভুৱা বিল প্ৰস্তুত কৰি গ্ৰাহক ৰাইজক হাৰাশাস্তি চলাই আহিছে। কেইদিনমান পূৰ্বে অত্যধিক হাৰত ভুৱা বিদ্যুৎ বিল প্ৰস্তুত কৰি লক্ষ লক্ষ টকা লুণ্ঠন চলোৱা চৰাইবাহী বৈদ্যুতিক উপ-সংমণ্ডল বিষয়া লাটুমণি বৰ্মণ নিলম্বিত হ’ব লগা হোৱাৰ ঘটনা সংঘটিত হৈছে।

Apply Now

ইয়াৰ মাজতে চৰাইবাহী উপ-সংমণ্ডলৰ বাৰপূজীয়া বিতৰণ কেন্দ্ৰৰ অধীনস্থ তথা নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী উলুবাৰীত পথৰ কাষতে উন্মুক্ত অৱস্থাত থকা এটা উচ্চক্ষমতা সম্পন্ন টেন্সফৰ্মাৰে অঞ্চলটোত ভয়ংকৰ বিপদৰ আশংকা ঘণীভূত কৰিছে।

ৰাজ্যত সঘনে বিদ্যুৎস্পৃষ্ট হৈ বহু লোক, পশুধন মৃত্যুমুখত পৰা ঘটনাৰ পৰা যেন অলপো শিক্ষা লোৱা নাই ৰাজ্যৰ বিদ্যুৎ বিভাগে। বেবেজীয়া- নমাটি-কুৱাপাৰ সংযোগী পথৰ উলুবাৰী গাঁৱত পথৰ কাষতে উন্মুক্ত অৱস্থাত থকা উচ্চ ক্ষমতা সম্পন্ন টেন্সফৰ্মাৰটোৰ বাবেই কণ-কণ ল’ৰা-ছোৱালী, পথচাৰীৰ জীৱনলৈ যিকোনো সময়তে অন্ধকাৰ নামি আহিব পাৰে।

স্থানীয় ৰাইজৰ তৰফৰপৰা বাৰম্বাৰ অভিযোগ দিয়া স্বত্বেও আজি পৰ্যন্ত চৰাইবাহী সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীয়ে ট্ৰেন্সফৰ্মাৰ টোৰ চৌপাশ বেৰি দিবলৈ সক্ষম নহ’ল। ঘটনা সংঘটিত হোৱাৰ পাছতহে সাৰ পোৱা অকৰ্মণ্য চৰাইবাহী সংমণ্ডলক স্থানীয় ৰাইজে অতি শীঘ্ৰে টেন্সফৰ্মাৰটোত ফেন্সিঙৰ ব্যৱস্থা কৰি ৰাইজক সুৰক্ষা প্ৰদান কৰিবলৈ দাবী জনাইছে। অন্যথা কোনো অঘটন সংঘটিত হ’লে চৰাইবাহী বিদ্যুৎ সংমণ্ডল ইয়াৰ বাবে জগৰীয়া হ’ব বুলি ক্ষোভ ব্যক্ত কৰিছে উলুবাৰীৰ ৰাইজে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd