• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সকলো খিলঞ্জীয়াক লৈ বৃহৎ আন্দোলনৰ বাবে সাজু অস্তিত্ব ৰক্ষা সমন্বয় সমিতি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 12, 2018 7:03 pm
ARSS

অস্তিত্ব ৰক্ষা সমন্নয় সমিতি, অসমৰ প্ৰথম সংবাদমেল, ১২ মে'ত। স্থান : দিচপুৰ প্ৰেছক্লাব। ফটো : নৰ্থ-ইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“এয়া অসমীয়া জাতিৰ বাবে এটা ডাঙৰ সন্ধিক্ষণ, এক ডাঙৰ ধুমুহা। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে অসমৰ বাবে বিপদ নামি আহিব। গতিকে জাতিক বচাবলৈ সকলো একত্ৰিত হ’ব লাগে। কেন্দ্ৰীয় চৰকাৰে এই বিধেয়ক বাতিল নকৰিলে, আমি সকলো খিলঞ্জীয়া লগ লাগি এক বৃহৎ আন্দোলন গঢ়ি তুলিম, যি আন্দোলন আশীৰ দশকৰ আন্দোলনতকৈও ডাঙৰ হ’ব।” আজি গুৱাহাটীত অনুষ্ঠিত অস্তিত্ব ৰক্ষা সমন্বয় সমিতি, অসমৰ এখন সংবাদমেলত সমিতিৰ আহ্বায়ক ড০ দীনেশ বৈশ্যই এইদৰে কয়।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ৰ ঐক্যবদ্ধ বিৰোধিতাৰ সংকল্পেৰে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু সমাজৰ সকলো অংশৰ প্ৰতিনিধিক লৈ যোৱা ১১ মে’, ২০১৮ গঠিত অস্তিত্ব ৰক্ষা সমন্নয় সমিতি, অসমৰ এইখন আছিল প্ৰথম সংবাদমেল।

Apply Now

আজিৰ সংবাদমেলত উপস্থিত থকা আন এজন আহ্বায়ক অদীপ ফুকনে কয়, “এই বিধেয়কৰ জৰিয়তে বিজেপি আৰু সংঘ পৰিয়ালে অসমীয়া-বঙালীৰ মাজত সংঘাত সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা কৰিছে। হিন্দু-মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে।” তেওঁ লগতে কয় যে বিদেশীক স্বদেশী কৰাৰ বিজেপি আৰু সংঘ পৰিয়ালৰ যি চক্ৰান্ত তাক মষিমূৰ কৰাৰ বাবে সকলো খিলঞ্জীয়া লোক ওলাই আহিছে।

আনহাতে অস্তিত্ব ৰক্ষা সমন্বয় সমিতিৰ এজন আহ্বায়ক হিচাপে থকা, কেন্দ্ৰ সৈতে শান্তি আলোচনাত থকা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়ায়ো কেন্দ্ৰীয় চৰকাৰৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে হুংকাৰ দিয়ে। তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে চৰকাৰৰ লগত চলি থকা আলোচনা প্ৰক্ৰিয়াৰ পৰা আঁতৰি অহাৰ ভাবুকি দিয়ে। “ভাৰত চৰকাৰৰ অসম বিৰোধী স্থিতিৰ বাবে আমি নৰ্থ-ইষ্ট ইণ্ডিজেনিয়াছ পীপলছ ফৰামৰ মঞ্চৰ পৰা উঃ পূবত এটা জনজাগৰণ চলাবলৈ চেষ্টা কৰি আছো।” চেতিয়াই কয়।

আজিৰ সংবাদমেলতে সমন্বয় সমিতিয়ে তেওঁলোকৰ আগন্তুক দিনবোৰত ল’ব লগীয়া আন্দোলন কাৰ্যসূচীও ঘোষণা কৰে।

সংবাদ মাধ্যমক জনোৱা অনুসৰি, ১৩ মে’ত অসমৰ গাঁৱে-ভূঁই, চহৰ, প্ৰতিটো অঞ্চলত গাঁওসভা, পথসভাৰ আয়োজন কৰা হ’ব।

১৭ মে’ত অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক লৈ দিচপুৰত প্ৰতিবাদী অৱস্থান গ্ৰহণ।

১৯ মে’ত চানমাৰি খেলপথাৰ বা ভৰলুৰ সোণাৰাম হাইস্কুলৰ খেলপথাৰত ৪ বজাত প্ৰতিবাদী সাংস্কৃতিক কাৰ্যসূচী।

আজিৰ সংবাদমেলখনত উপস্থিত থকাসকলৰ ভিতৰত উদয়াদিত্য ভৰালী, দীনেশ বৈশ্য, অনুপ চেতিয়া, অদীপ ফুকন, অখিল গগৈ, জোনমনি বৰুৱা খাওন্দ, মৰাণ ছাত্ৰ সন্থাৰ নৱ মৰাণ, মটক যুৱ ছাত্ৰ সন্থাৰ ডেভিদ চেতিয়া, মটক সন্মিলনৰ কাজল গোহাঁই অন্যতম।

উল্লেখযোগ্য যে আজিৰ সংবাদমেলত সমন্বয় ৰক্ষা সমিতিয়ে জানিবলৈ দিয়ে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ কাৰ্য্যসূচীবোৰত সদৌ অসম ছাত্ৰ সন্থায়ো তেওঁলোকক সমৰ্থন আগ বঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd