• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱাল কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ ৰাতিপুৱা ৯.৩০ বজাত আৰম্ভ হ’ব চৰকাৰী কাৰ্যালয়, নতুন ক্ৰীড়া নীতি ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2017 8:12 am
বুধবাৰে নিশা অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত সাংবাদিকৰ আগত সদৰি কৰিছে জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

বুধবাৰে নিশা অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত সাংবাদিকৰ আগত সদৰি কৰিছে জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত উন্নয়নমূলক কাম কাজ স্থবিৰ হৈ পৰা বুলি উত্থাপিত অভিযোগৰ মাজতে বুধবাৰে নিশা অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাখনো অভিলাষী আঁচনিত অনুমোদন জনোৱাৰ লগতে চৰকাৰী কৰ্যালয়ৰ কাম কাজ ৰাতিপুৱা ৯.৩০ বজাত আৰম্ভ কৰাৰ দৰে গুৰুত্বপূৰ্ণ  সিদ্ধান্তও গ্ৰহণ কৰা হয়। বুধবাৰে নিশা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে ৰাতিপুৱা ৯.৩০ বজাত কাৰ্যালয়ত উপস্থিত হৈ আবেলি ৫ বজালৈকে থাকিব লাগিব। দুপৰীয়া আধা ঘন্টা আহাৰ বিৰতিৰ সময় নিৰ্দ্ধাৰণ কৰা হৈছে।

কেবিনেট বৈঠকত আন কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিত অনুমোদন জনোৱা হয়। সৌৰশক্তিৰে ৫৯০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ এখন অভিলাষী আঁচনিত কেবিনেটে অনুমোদন জনাইছে। বৃহৎ উদ্যোগ খণ্ডকে ধৰি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ঔদ্যোগিক ক্ষেত্ৰত বাধা হিচাপে চিহ্নিত ভুমিৰ সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ পৰা টিহুলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সুদীৰ্ঘ এলেকাক ঔদ্যোগিক ক্ষেত্ৰ বা ইণ্ডাষ্ট্ৰিয়েল ক’ৰিডৰ হিচাপে গ্ৰহণ কৰা এখন আঁচনিতো কেবিনেটে অনুমোদন জনাইছে।

Apply Now

কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা সদৰি কৰি জনতা ভৱনত সাংবাদিকৰ আগত জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে গুৱাহাটীৰ পৰা টিহুলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৫০০ মিটাৰ এলেকা বাদ দি বাকী ভূমিক ঔদ্যোগিক অঞ্চল হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। ইয়াৰ ফলত এই অঞ্চলসমূহত ঔদ্যোগীকৰণৰ পথ প্ৰশস্ত হ’ব। মন্ত্ৰী গৰাকীয়ে লগতে জনায় যে ঔদ্যোগীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে উদ্যোগীসকলৰ কাৰণে সকাহৰ ব্যৱস্থা কৰিছে। ইয়াৰে অংশ হিচাপে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ১৫০ শতাংশ আৰু বৃহৎ উদ্যোগৰ বাবে ২০০ শতাংশ এছ জিএছটি ৰেহাইৰ ব্যৱস্থা কৰা হৈছে।

ৰাজ্যৰ ক্ৰীড়া খণ্ডত পৰিৱৰ্তন অনাৰ বাবে এক সুকীয়া ক্ৰীড়া নীতিতো  চৰকাৰে অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষ গুৰুত্ব আৰোপ কৰা এই ক্ৰীড়া নীতিয়ে আগন্তুক দিনত ৰাজ্যখনৰ ক্ৰীড়াক্ষেত্ৰলৈ আশানুৰূপ পৰিৱৰ্তন কঢ়িয়াই অনাৰ আশা কৰা হৈছে। কেবিনেটৰ এক সিদ্ধান্ত অনুসৰি অলিম্পিকত পদক লাভ কৰাসকলক অসম লোক সেৱা আয়োগৰ চাকৰিত মকৰল কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়।

কেবিনেটৰ আন এক সিদ্ধান্ত অনুসৰি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক হেলথ্ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ’ব। এই আঁচনিত অনুমোদন দিয়াৰ পিছত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীসকলে হেলথ্ কাৰ্ডৰ জৰিয়তে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰো যিকোনো চৰকাৰী বা ব্যক্তিগত চিকিৎসালয়ত উন্নত চিকিৎসা সেৱা লাভ কৰিব পাৰিব।

বুধবাৰে নিশা অনুষ্ঠিত কেবিনেট বৈঠকে গাওঁবুঢ়াসকলৰ দৰমহা পূৰ্বৰ ৪২০০ টকাৰ পৰিৱৰ্তে ৬৫০০ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইদৰে কেজুৱেল কৰ্মচাৰীসকলৰ দৰমহা ৯০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd