• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলং-জাতিংগা ঘাইপথ নিৰ্মাণৰ কামত দুৰ্নীতি : তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
March 22, 2018 9:07 pm
Road pic

প্ৰস্তাৱিত হাফলং-জাতিংগা ৰাষ্ট্ৰীয় ঘাইপথৰ এটি দশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাফলং-জাতিংগা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দুইলেন যুক্ত ঘাইপথ নিৰ্মাণৰ কাম ২০১১ চনত আৰম্ভ হৈছিল। এই কামৰ দায়িত্ব লাভ কৰিছিল চিমপ্লেক্স চ’ম দত্ত জয়েন্ট ভেঞ্চাৰ নামৰ ঠিকাদাৰি সংস্থাটোৱে।

জাতিংগা পয়েন্টৰ পৰা হাফলং মুখ্য ডাকঘৰলৈকে ৭.৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কামৰ কাৰণে ২৫.৪৮ কোটি টকা ধাৰ্য কৰা হয়। কিন্তু যোৱা প্ৰায় সাত বছৰত চিমপ্লেক্সে পথ নিৰ্মাণৰ নামত তেইশ কোটি টকা আদায় কৰে। কিন্তু বাস্তৱত ঘাইপথ নিৰ্মাণৰ কাম ত্ৰিশ শতাংশও  সম্পূৰ্ণ হোৱা নাই।

Apply Now

প্ৰকৃততে ঘাইপথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ কাৰণেই পথ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই। যোৱা ১২ জানুৱাৰীত হাফলঙত গড়কাপ্তানি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হোৱাৰ সময়ত বিভিন্ন দল সংগঠনৰ ফালৰ পৰা মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি ঘাইপথৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ কথা কোৱা হৈছিল।

গড়কপ্তানি মন্ত্ৰীগৰাকীক তদন্ত বিচাৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল। অৱশ্যে, মন্ত্ৰী পৰিমল শুক্লবৈদ্যই লগে লগেই তদন্তৰ কথাও ঘোষণা কৰিছিল। কিন্তু আচৰিত কথা হ’ল যে মন্ত্ৰীৰ ঘোষণাৰ  দু’মাহ অতিক্ৰম কৰাৰ পিছত আজি কেইদিনমান আগতে বিভাগীয় অতিৰিক্ত মুখ্য অভিযন্তা স্যামন্ত বেজবৰুৱা হাফলঙত কেইঘন্টামানৰ কাৰণে উপস্থিত হৈ তদন্ত কৰি উভতি যায় বুলি জানিব পাৰা গৈছে।

আনহাতে, কামৰ তত্বাৱধানৰ দায়িত্বত থকা হাফলং গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা ইন্দ্ৰজিত বৰাৰ সংবাদ মাধ্যমৰ লগত কথা পতাৰ সময় নাই।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল উক্ত ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কোনো দায়িত্ব নাই। কামটো দিচপুৰে নিয়ন্ত্ৰণ কৰি আছে আৰু লগতে বিলসমূহো দিচপুৰৰ পৰাই আদায় দিয়া হয়। স্থানীয় হিচাপে দায়িত্বত আছে ইন্দ্ৰজিত বৰা। পিচে, বৰাৰ সময় নথকাৰ বিপৰীতে চিমপ্লেক্সৰ হাফলং প্ৰজেক্টৰ ম্যানেজাৰ অভিজিত দাসে নিজৰ খেয়াল খুচি মতে কাম কৰি গৈছে।

এতিয়া বিভিন্ন সুত্ৰৰ পৰা পোৱা তথ্য অনুসৰি হাফলং-জাতিংগা ঘাইপথত দুৰ্নীতি সন্দৰ্ভত লোকক দেখুৱাই তদন্তৰ কাৰণে বিভাগীয় অতিৰিক্ত মুখ্য অভিযন্তা হাফলঙত আহি গ’লেও বাস্তৱত তদন্তক লৈও ষড়যন্ত্ৰ চলাৰ কথা পোহৰলৈ আহিছে।

জানিব পৰা মতে এতিয়া নিৰ্মাণৰ কাম শেষ কৰাৰ কাৰণে চিমপ্লেক্সক চাপ দিয়া হৈছে। কিন্তু প্ৰশ্ন উঠিছে যে দিচপুৰৰ গড়কপ্তানি বিভাগৰ মুখ্য অভিযন্তাই কিহৰ ভিত্তিত তেইশ কোটি টকা মোকলাই দিছিল ? এনে ঘটনাৰ পৰা এটা বিষয় স্পষ্ট যে হাফলং-জাতিংগা ঘাইপথ নিৰ্মাণত ডাঙৰ চক্ৰ জড়িত হৈ আছে।

আনহাতে, ইন্দ্ৰজিত বৰা এই ঘাইপথ নিৰ্মাণ কামৰ লগত আৰম্ভণিৰ পৰাই এতিয়ালৈকে জড়িত হৈ আছে। সেয়েহে, দুৰ্নীতিৰ আঁৰৰ কাহিনী বৰাই নজনা নহয়, কিন্তু বৰাৰ সংবাদ মাধ্যমৰ সম্মুখীন হোৱাৰ সময় নাই।

ইপিনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হামজানন লাংঠাছাই হাফলং-জাতিংগা ঘাইপথ নিৰ্মাণৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ তদন্তৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাক দিয়াৰ দাবী জনাইছে।

 

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd