• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০ মে’ৰ ভিতৰত শিক্ষক-কৰ্মচাৰীৰ দাবী পূৰণ কৰক, নহ’লে আন্দোলনত নামিম : বাসৱ কলিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2018 10:40 am
basab kalita
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে শিক্ষক-কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া ন্যায্য দাবী পূৰণ কৰাৰ পৰিৱৰ্তে চৰম প্ৰতাৰণা কৰিছে। প্ৰজ্ঞাৰ পোহৰ বিলোৱা শিক্ষক সমাজৰ সমস্যাৰ ক্ষেত্ৰত চৰকাৰে অনীহা প্ৰকাশ কৰাটো দুৰ্ভাগ্যজনক। শিক্ষক সমাজৰ ন্যায্য দাবীসমূহ ৩০ মে’ৰ ভিতৰত পূৰণ নকৰিলে প্ৰয়োজন সাপেক্ষে ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব।

দেওবাৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই তেজপুৰত এই মন্তব্য কৰে।

Apply Now

উল্লেখ্য যে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰ গোটলুংস্থিত সূৰ্যোদয় উচ্চ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ ২৮ সংখ্যক ৰাজ্যিক অধিৱেশন দেওবাৰে সামৰণি অনুষ্ঠানত বাসৱ কলিতা উপস্থিত থাকে।

শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যাৱলী সন্দৰ্ভত প্ৰদান কৰা ভাষণত বাসৱ কলিতাই পে’ কমিছনে নিৰ্ধাৰণ কৰি দিয়াৰ পাছতো স্নাতক শিক্ষকৰ গ্ৰেড পে’ ৮৭০০ টকা প্ৰদানৰ বাবে আজিকোপতি ৰাজ্য চৰকাৰে কাৰ্যকৰী নকৰা, চৰকাৰী শিক্ষক-কৰ্মচাৰীক ২১ মাহৰ বকেয়া ধন আদায় নিদিয়া আৰু চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কৰ্মচাৰীসকলৰ লগতে পৰিয়ালক চিকিৎসা বীমা প্ৰদানৰ ব্যৱস্থা নকৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

দেওবাৰে অনুষ্ঠিত হোৱা মুকলি সভাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ উপদেষ্টা তথা প্ৰাক্তন সভাপতি কৃষ্ণকান্ত তালুকদাৰে। সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি কন্দৰ্প ডেকাই সভাপতিত্ব কৰা সভাত শোণিতপুৰৰ উপায়ুক্ত মনোজ কুমাৰ ডেকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁৰ বক্তব্যত চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিৰ হাৰ কম হোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰে।

শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত উপায়ুক্তগৰাকীয়ে চৰকাৰক আনুষ্ঠানিকভাৱে অৱগত কৰাব বুলিও সদৰী কৰে। অভ্যৰ্থনা সমিতিৰ সভাপতি তথা এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই আদৰণি ভাষণ পাঠ কৰা অনুষ্ঠানটিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰেও ভাষণ প্ৰদান কৰে।

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক সন্থাৰ সদস্যসকলে শনিবাৰে নাম পঞ্জীয়ন কৰাৰ পাছত প্ৰতিনিধি শিবিৰ মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই। ইয়াৰ পাছতেই সংস্থাৰ মুখপত্ৰ ‘শিক্ষাজ্যোতি’ উন্মোচন কৰে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ প্ৰাক্তন প্ৰধান সম্পাদক শচীন্দ্ৰ বৈশ্যই আৰু অভ্যৰ্থনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা ‘দিক্‌ নিৰ্ণয়’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাসে।

ইফালে শনিবাৰে নিশাৰ ভাগলৈকে চলা বিষয় বাছনি সভাত আগন্তুক কাৰ্যকালৰ কাৰণে ৰাজ্যিক সমিতিখন গঠন কৰা হয়। সভাপতি কন্দৰ্প ডেকাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বিষয় বাছনি সভাত সৰ্বসন্মতি ক্ৰমে নগাঁৱৰ মুকুল বৰাক সভাপতি, শিৱসাগৰৰ কল্যাণ গগৈক উপ-সভাপতি, গুৱাহাটীৰ দ্বীপেন শৰ্মাক প্ৰধান সম্পাদক, নলবাৰীৰ ভয়নুৰ আহমেদ আৰু লক্ষীমপুৰৰ দুলাল শৰ্মাক সহকাৰী সম্পাদক, তেজপুৰৰ প্ৰবীণ কটকীক আলোচনী সম্পাদক হিচাপে লৈ আগন্তুক কাৰ্যকালৰ বাবে এখন শক্তিশালী কাৰ্যকৰী সমিতি গঠন কৰা হয়।

আনহাতে, দেওবাৰে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত সাংবাদিকসকলে সোধা প্ৰশ্নৰ উত্তৰত সভাপতি বাসৱ কলিতাই কয় যে সদৌ অসম কৰ্মচাৰী পৰিষদে আৰম্ভণিৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ ঘোৰ  বিৰোধিতা কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd