• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰকিবুল হুছেইনৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাৰ গোচৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 28, 2018 5:07 pm
de9947c2-9dc8-4e0f-a717-f148754fbb92
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতি তথা অপৰাধৰ অভিযোগে যেন লগ এৰা নাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ। আজি পুনৰ দিচপুৰ থানাত কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে।

প্ৰদীপ কলিতাই কৰা অভিযোগ অনুসৰি ‘ৰকিবুল হুছেইনৰ নগাঁৱৰ বাসভবনৰ ঠিকনা দি বাংলাদেশী দুধৰ্ষ উগ্ৰপন্থী নেতা মুক্তাৰ আলীয়ে উগ্ৰপন্থী দলত যুৱকসকলক ভৰ্তি কৰাই মেঘালয়ৰ বৰ্ণিহাটত প্ৰশিক্ষণ দিছিল।  চিঠিখনত সমগ্ৰ কথাখিনি স্পষ্ট ৰূপত উল্লেখ আছে।‘

Apply Now

তদুপৰি তেওঁ নৰ্থ ইষ্ট নাওৰ আগত কয় কয় যে ২০০৬ চনত মেঘালয় আৰু অসম দুয়োখনতে কংগ্ৰেছ চৰকাৰ আছিল। সেই সময়তে মেঘালয়ৰ বৰ্ণিহাটত উগ্ৰপন্থী দলে কেম্প কৰি থকা ঘটনাটো ডেকি চেইম নামৰ এগৰাকী গাওঁবুঢ়াই গম পাইছিল আৰু তেতিয়াই তেওঁ চীল-মোহৰ মাৰি এখন চিঠি লিখি মেঘালয় চৰকাৰৰ মুখ্য সচিব তথা কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল।

Case Application 2

তাৎপৰ্য্যপূৰ্ণ কথা যে সেই সময়ত অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনৰ নাম চিঠিখনৰ সৈতে সাঙোৰ খাই থকাৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা মেঘালয় চৰকাৰে কোনোধৰণৰ তদন্ত নকৰা বুলি কলিতাই এক গুৰুতৰ অভিযোগ তোলে।

তেওঁ লগতে কয়, ‘সমগ্ৰ ঘটনাৰ ব্লু-প্ৰিন্ট ৰচনা ৰকিবুল হুছেইনৰ নেতৃত্বত হৈছিল। শিল, বালি, কয়লা, গঁড়ৰ খৰ্গৰ চিণ্ডকেট চলাই সেই ধনখিনি উগ্ৰপন্থী দলৰ প্ৰশিক্ষণৰ বাবদ খৰচ কৰিছিল। এই চিণ্ডিকেটৰাজো সংঘটিত কৰিছিল মোক্তাৰ আলীয়ে। তেওঁক ৰক্ষণাবেক্ষণ দিছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।‘

আনহাতে, সভাপতিগৰাকীয়ে মেঘালয় চৰকাৰকো এই ঘটনাৰ সৈতে জড়িত থকা বুলি মন্তব্য কৰি কয়, ‘গাওঁবুঢ়াই প্ৰদান কৰা চিঠিখন মেঘালয় চৰকাৰৰ মুখ্য সচিবে লাভ কৰাৰ পিছতো বিষয়টোৰ সন্দৰ্ভত তদন্ত ঘোষণা নকৰিলে। লগতে প্ৰভাৱশালী লোকসকল আইনৰ আওতালৈ আহিবলগীয়া হোৱাৰ ভয়ত সমগ্ৰ বিষয়টো গাপ দি ৰাখিলে।‘

মুক্তাৰ আলী সম্পৰ্কত তেওঁ নৰ্থ ইষ্ট নাওক জনাই যে মুক্তাব আলী পাকিস্তানৰ হোৱাৰ পিছতো তেওঁ বাংলাদেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল। বাংলাদেশৰ নাগৰিক হৈ ৰকিবুল হুছেইনৰ গৃহৰ ঠিকনাটো তেওঁ কেনেকৈ অবগত হ’ব? গতিকে আমি এটা কথাই জানিব পাৰিছো যে তেওঁৰ নিশ্চয়কৈ মুক্তাৰ আলীৰ সৈতে সম্পৰ্ক আছে।‘

Case Application

তেওঁ নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি দিছপুৰ থানাত ১৯৫৯/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে। এই গোচৰটো দিছপুৰ থানাই খানাপাৰা থানালৈ প্ৰেৰণ কৰিব।

 

তেওঁ লগতে অসম চৰকাৰক এই বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত কৰিবৰ বাবে আহ্বান জনায়। তদুপৰি যদি অসম চৰকাৰে এই বিষয়টো গুৰুত্ব আৰোপ নকৰে তেন্তে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি সদৰী কৰে।

আনহাতে, কৃষক শ্ৰমিক পৰিষদৰ সভাপতি প্ৰদীপ কলিতাক গোচৰ ৰুজু কৰাৰ ক্ষেত্ৰত গৰীয়া মৰীয়া যুব ছাত্ৰ পৰিষদেও সহায়-সহযোগিতা আগবঢ়াইছে।

Case Application 3

গৰীয়া মৰীয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মইনুল হকে কৰা অভিযোগ অনুসৰি ‘মেঘালয়ৰ গাওঁবুঢ়াগৰাকীয়ে প্ৰদান কৰা চিঠিৰ ওপৰত ভিত্তি কৰি অসমৰ এগৰাকী জিলা আৰক্ষী অধীক্ষক শংকৰ প্ৰসাদ নাথে সেই সময়ত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তদন্ত কৰি থকা থকাৰ সময়ত জিলা আৰক্ষী অধীক্ষক গৰাকীক মৃত্যুৰ ভাবুকি দিয়া বুলি লিখিত অভিযোগ দিছিল। কিছুদিন পিছতে তেওঁৰ ৰহস্যজনকভাবে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি লয়। ইয়াক আমি পৰিকল্পিত হত্যাকাণ্ড বুলি ক’ব খোজো। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত গুৱাহাটী ট্ৰেফিক আৰক্ষীয়ে দিয়া তথ্য অনুসৰি তেওঁক ডাউন টাউন হাস্পতাললৈ নিয়া হৈছিল। কিন্তু ডাউন টাউন হাস্পতালত তেওঁক ভৰ্ত্তি কৰোৱাৰ কোনো তথ্য নাই। গতিকে ইয়াৰ পৰা এইটোৱেই প্ৰমাণ হৈছে যে শংকৰ প্ৰসাদ নাথৰ হত্যাৰ সৈতে ৰকিবুল হুছেইনৰ গুণ্ডাবাহিনী জৰিত হৈ আছে।‘

তাৎপৰ্য্যপূৰ্ণভাৱে মইনুলে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে যিদৰে হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতি কৰাৰ পিছতো ছাঁ দি ৰাখিছিল তেনেকৈয়ে ৰকিবুলকো সুৰক্ষা দিয়া বুলি সন্দেহ প্ৰকাশ কৰে।

কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, মেঘালয়ৰ নংপহ জিলাৰ ৰাজহ বিষয়া এন. এ. কে চেইম,  দিল্লী পাব্লিক স্কুলৰ স্বত্বাধিকাৰী  ৰাম অবতাৰ সিং, অধিবক্তা এছ পি ৰয়, আৰক্ষী বিষয়া বীৰেণ বৰা, উগ্ৰপন্থী নেতা মুক্তাৰ আলী, শ্বিলঙৰ অধিবক্তা এইচ. এছ. থাঙখিউ আৰু মেঘালয়ৰ কেন চেইমৰ বিৰুদ্ধেও দিচপুৰ থানাত গোচৰ ৰুজু কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd