• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

অনিশ্চয়তাত মনৰেগা শ্ৰমিক, দুটা দশকত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা নকৰিলে মজুৰিৰ নতুন হাৰ

by
May 21, 2026 11:15 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি নিশ্চিতকৰণ আঁচনিৰ (মনৰেগা) অধীনত কাম কৰা কোটি কোটি শ্ৰমিক এই বছৰ মজুৰি বৃদ্ধিৰ বাবে অপেক্ষা কৰিবলগীয়া হ’ব পাৰে। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, কেন্দ্ৰীয় চৰকাৰে যেতিয়ালৈকে নতুন আঁচনি ‘বিকশিত ভাৰত-গেৰাণ্টী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ)’ চমুকৈ ভিবি-জি ৰাম জি কাৰ্যকৰী নকৰে, তেতিয়ালৈকে মজুৰিৰ নতুন হাৰ ঘোষণা নকৰে।

যোৱা দুটা দশকত এইটোৱেই প্ৰথমবাৰৰ বাবে ঘটিছে যে কেন্দ্ৰীয় চৰকাৰে ফেব্ৰুৱাৰী-মাৰ্চ মাহত মনৰেগাৰ সংশোধিত মজুৰিৰ হাৰৰ অধিসূচনা জাৰি কৰা নাই। সাধাৰণতে প্ৰতি বছৰে বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ আগতে নতুন হাৰ ঘোষণা কৰা হয়, যিটো ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হয়। সূত্ৰৰ পৰা জানিব পৰা মতে, গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ৰাজ্যসমূহক জনাইছে যে ২০২৬-২৭ বৰ্ষৰ বাবে নতুন মজুৰিৰ হাৰ ভিবি-জি ৰাম জি আঁচনি কাৰ্যকৰী হোৱাৰ পিছতহে নিৰ্ধাৰণ কৰা হ’ব। তেতিয়ালৈকে ২০২৫-২৬ বৰ্ষৰ বৰ্তমানৰ মজুৰিৰ হাৰেই বাহাল থাকিব।

Apply Now

শেহতীয়াকৈ হোৱা এক ভিডিঅ’ কনফাৰেন্সত মন্ত্ৰালয়ৰ বিষয়াসকলে ৰাজ্যৰ প্ৰতিনিধিসকলক এই তথ্য প্ৰদান কৰে। মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, নতুন আঁচনিখন কাৰ্যকৰী হোৱাৰ লগে লগে মজুৰিৰ হাৰ সংশোধন কৰি অধিসূচনা জাৰি কৰা হ’ব আৰু তেতিয়ালৈকে বৰ্তমানৰ হাৰতে ধন পৰিশোধ কৰি থকা হ’ব। মনৰেগাৰ অধীনত মজুৰিৰ হাৰ উপভোক্তা মূল্য সূচকাংকৰ (কৃষি শ্ৰমিক) ভিত্তিত নিৰ্ধাৰণ কৰা হয়, যিয়ে গ্ৰামাঞ্চলৰ মুদ্ৰাস্ফীতিক প্ৰতিফলিত কৰে।

চৰকাৰী তথ্য অনুসৰি, ২০২৬ চনৰ ১৪ এপ্ৰিললৈকে মনৰেগাৰ অধীনত ১১.০৩ কোটি সক্ৰিয় শ্ৰমিক পঞ্জীয়নভুক্ত হৈ আছিল আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত ৫.৩৪ কোটি পৰিয়ালে (প্ৰায় ৭.২ কোটি লোক) এই আঁচনিৰ অধীনত কাম কৰিছিল। যোৱা বছৰ ২৭ মাৰ্চত কেন্দ্ৰই নতুন মজুৰিৰ হাৰ ঘোষণা কৰিছিল, য’ত ২ৰ পৰা ৭ শতাংশলৈকে বৃদ্ধি কৰা হৈছিল। কিন্তু এইবাৰ এতিয়ালৈকে কোনো অধিসূচনা জাৰি কৰা হোৱা নাই।

উল্লেখযোগ্য যে ২০২৫ চনৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে ভিবি-জি ৰাম জি আইন, ২০২৫ গৃহীত কৰিছিল, যাৰ জৰিয়তে প্ৰায় দুটা দশক পুৰণি মনৰেগা আঁচনিখন বাতিল কৰি এখন নতুন গ্ৰাম্য নিযুক্তি আঁচনি কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। অৱশ্যে এই নতুন আইনখনৰ বহুকেইটা ব্যৱস্থাক লৈ বিৰোধীয়ে উদ্বেগ প্ৰকাশ কৰিছে। বিশেষকৈ পুজিৰ আৱণ্টন আৰু খেতিৰ ব্যস্ত বতৰত নিযুক্তি নিশ্চিতকৰণ সাময়িকভাৱে বন্ধ কৰাৰ দৰে ব্যৱস্থাসমূহক সমালোচনা কৰা হৈছে।

নতুন আঁচনিখনৰ অধীনত ৰাজ্যসমূহৰ অংশগ্ৰহণো বৃদ্ধি কৰা হৈছে। ভিবি-জি ৰাম জি আইন অনুসৰি, ১১ খন বিশেষ ৰাজ্যৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত পুজিৰ অনুপাত ৯০:১০ হ’ব, আনহাতে আন ৰাজ্যসমূহৰ বাবে ই ৬০:৪০ হ’ব। ইয়াৰ বিপৰীতে মনৰেগাত মজুৰিৰ সম্পূৰ্ণ খৰচ কেন্দ্ৰীয় চৰকাৰে বহন কৰিছিল আৰু সামগ্ৰী তথা প্ৰশাসনিক ব্যয়ৰ ৭৫ শতাংশও কেন্দ্ৰই দিছিল।

নতুন আঁচনিখন কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব সেয়া এতিয়ালৈকে চৰকাৰে স্পষ্ট কৰা নাই। তেতিয়ালৈকে মনৰেগা চলি থাকিব, যাৰ বাবে ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ৩০,০০০ কোটি টকা আৱণ্টন কৰা হৈছে।

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd