DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত প্ৰথম : পুৰুষ বা মহিলা নহয়, ‘তৃতীয় লিংগ’ৰ স্বাতী বিধান বৰুৱা নিযুক্ত হ’ল ন্যায়াধীশৰূপে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2018 5:23 pm
swati bidhan baruah assam
1.3k
VIEWS
Share on FacebookShare on Twitter

লিংগ পৰিৱৰ্তনকাৰী স্বাতী বিধান বৰুৱা অসমৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছে। দেশৰ ভিতৰতে তৃতীয় লিংগৰ তৃতীয়গৰাকী ন্যায়াধীশ হিচাপে পৰিগণিত হোৱা বৰুৱাই গুৱাহাটীত অহা শনিবাৰে অনুষ্ঠিত হ’ব লগা লোক আদালতত ২০ গৰাকী ন্যায়াধীশৰ এগৰাকী হিচাপে ভাগ ল’ব।

কামৰূপ (মহানগৰ)জিলা আইনী সাহায্য কৰ্তৃপক্ষই বৰুৱাক এই পদত নিযুক্তি দিছে।

তৃতীয় লিংগৰ লোকসকলৰ অধিকাৰৰ বাবে দীৰ্ঘদিনধৰি যুঁজি অহা স্বাতীয়ে এই নিযুক্তিত আনন্দ প্ৰকাশ কৰিছে। ‘আমি, তৃতীয় লিংগৰ ব্যক্তিসকল, প্ৰায়েই একাংশ মানুহৰ দ্বাৰা ৰাজহুৱাকৈ ঠাট্টা-মস্কৰাৰ সন্মুখীন হ’ব লগা হয়। মই নিশ্চিত যে মোৰ এই নিযুক্তিয়ে তেওঁলোকক এই কথা উপলব্ধি কৰোৱাব যে তৃতীয় লিংগৰ ব্যক্তিসকল অস্পৃশ্য নহয়,’ সংবাদ মাধ্যমত মন্তব্য উল্লসিত স্বাতীৰ।

লিংগ পৰিৱৰ্তনত পৰিয়ালৰ বিৰোধিতা কৰি বম্বে’ উচ্চ ন্যায়ালয়ত ২০১২ চনত তৰা এক গোচৰৰ জৰিয়তে স্বাতী দেশজোৰা চৰ্চালৈ আহিছিল।

গুৱাহাটীৰ কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশ চৌহদত শনিবাৰে হ’ব লগা লোক আদালতত অধ্যক্ষতা কৰিব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এইচ আলী হাজৰিকাই।

স্বাতীৰ পূৰ্বে পশ্চিম বংগৰ জয়িতা মণ্ডলে দেশৰ প্ৰথমগৰাকী আৰু মহাৰাষ্ট্ৰৰ ৱিদ্যা কাম্বলে দ্বিতীয়গৰাকী তৃতীয় লিংগৰ ন্যায়াধীশৰূপে নিযুক্ত হৈছিল।

পুৰুষ আৰু মহিলা এই দুই লিংগৰ বাহিৰৰ সমকামী, উভয়কামী আৰু ত্ৰান্সজেন্দাৰ (LGBT) ব্যক্তিসকল বিশ্বজুৰি তৃতীয় লিংগ হিচাপে স্বীকৃত।

Recent News

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd