DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসহিষ্ণুতা : নলবাৰীত চকুৰ পলকতে বধ্যভূমিত পৰিণত হ’ল বিবাহস্থলী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2018 7:49 pm
Mukalmua-dead-570x320

থানালৈ নিয়াৰ সময়ত নিহত যতীন দাসৰ মৃতদেহ

90
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে মাজ নিশা নামনি অসমৰ নলবাৰীৰ মুকালমুৱা অঞ্চলৰ ঘোঁৰাঠাল গাঁৱত অনুষ্ঠিত বিবাহস্থলী এখনত সংঘটিত হ’ল এটা লোমহৰ্ষক হত্যাকাণ্ড। এই হত্যাকাণ্ডটো সংঘটিত কৰিলে সুৰাপান কৰি মাতাল হোৱা ১০-১২ জনীয়া এদল মানুহে।

ঘটনাৰ বিৱৰণি মতে, বিবাহস্থলীৰ বাহিৰত ফটকা ফুটাবলৈ বাধা দিয়াৰ বাবেই এদল উদণ্ড সুৰাপায়ীৰ হাতত শেষ হৈ গ’ল ৩৫ বছৰ বয়সীয়া এজন লোকৰ জীৱন।

ঘটনাৰ স্থান হৈছে নলবাৰীৰ মুকালমুৱা এলেকাৰ ঘোঁৰাঠাল গাঁও। এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে ফটকা ফুটোৱাক লৈ বাদানুবাদ হোৱাক লৈ ১০-১২ জনীয়া লোকৰ এটা দলে এজন লোকক বেয়াকৈ আঘাত কৰাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। মৃত লোকজনৰ নাম যতীন দাস বুলি জানিব পৰা গৈছে।

হত্যাকাৰীৰ দলটোত চামিল থকাৰ অভিযোগত জিতেন তালুকদাৰ, দীপাংকৰ তালুকদাৰ, বৰুণ তালুকদাৰ, অচ্যুত তালুকদাৰ, হৰেকৃষ্ণ তালুকদাৰ আৰু বিদ্যুত বৰ্মণক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

স্থানীয় লোকসকলে জানিবলৈ দিছে যে কইনা পক্ষৰ যুৱককেইজনে নিশা প্ৰায় ১১.০০ বজাত, দৰা আহি পোৱাৰ কিছু পূৰ্বে বিবাহস্থলীৰ বাহিৰত ফটকা ফুটাবলৈ ধৰে।

‘নিউজ লাইভ’ৰ প্ৰতিৱেদন অনুসৰি,  দিন হাজিৰা কৰা যতীন দাসে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত পাইচাৰী কৰি থাকোঁতে এই মদ্যপায়ীকেইজনৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয়। তাৰ পাছত মদ্যপায়ীৰ দলটোৱে যতীন দাসলৈ বুলি লক্ষ্য কৰি ফটকা দলিয়ায়।

বাক-বিতণ্ডাৰ পাছতেই প্ৰায় ১০-১২জনীয়া মদ্যপায়ীৰ দলটোৱে যতীন দাসক খেদি খেদি মাৰধৰ কৰে আৰু আৰু তাৰ ফলত যতীনৰ মৃত্যু হয়।

এই হত্যাকাণ্ডৰ পাছত এলেকাটোত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোক মোতায়েন কৰা হৈছে। নিহত যতীন দাসে ইহ সংসাৰত পত্নী আৰু দুটা সন্তান এৰি থৈ যায়।

আনহাতে,দৰাঘৰীয়া লোকসকল  কইনা ঘৰলৈ আহিবলৈ অস্বীকাৰ কৰাৰ ফলত এই হত্যাকাণ্ডটোৰ পাছত বিবাহ অনুষ্ঠিত কৰিব পৰা নগ’ল।

Recent News

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd