• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আগজাননী নিদিয়াকৈ হঠাৎ ক্ৰীড়া বিভাগৰ পৰীক্ষা বাতিল : সৰুসজাইত প্ৰাৰ্থীৰ ক্ষোভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 27, 2018 7:49 am

2 min read

Sports-and-Youth-Welfare-Department-Assam
75
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ পৰীক্ষা বাতিলৰ বিষয়ে আগতীয়াকৈ নজনাই হঠাতে পৰীক্ষা বাতিল কৰা বুলি ঘোষণা কৰাত পৰীক্ষা দিবলৈ আহি উপস্থিত হোৱা প্ৰাৰ্থীসকলে প্ৰতিবাদেৰে উত্তাল কৰি তুলিলে সৰুসজাই ষ্টেডিয়াম চৌহদত থকা পৰীক্ষা কেন্দ্ৰ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত হোৱা খেলিমেলিৰ পাছতে শনিবাৰে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ কেইবাটাও পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা আচম্বিতে বাতিল কৰা হয়।

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত মুঠতে ১৭টা কনিষ্ঠ সহায়ক পদৰ বাবে শনিবাৰে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। পৰীক্ষাৰ বাবে কেন্দ্ৰ আছিল গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত থকা কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়াম।

পূৰ্বনিৰ্ধাৰিত সময়সূচী অনুসৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা পৰীক্ষাৰ্থীসকলে শুকুৰবাৰে আহি গুৱাহাটীত উপস্থিত হয় আৰু শনিবাৰে পুৱা পৰীক্ষা দিবলৈ সৰুসজাই ষ্টেডিয়ামত উপস্থিত হয় যদিও পৰীক্ষাকেন্দ্ৰলৈ গৈ প্ৰাৰ্থীসকল হতভম্ব হৈ পৰে। কিয়নো কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে অনিবাৰ্য কাৰণবশতঃ বিভাগটোৰ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে বুলি এখন জাননী আঁৰি থোৱা আছিল।

স্বাভাৱিকতে পৰীক্ষা বাতিলৰ এই খবৰ পাই পৰীক্ষা দিবলৈ উপস্থিত হোৱা প্ৰাৰ্থীসকল ক্ষোভত ফাটি পৰে। বিভিন্ন স্থানৰ পৰা পৰীক্ষা দিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষোভৰ মূল কাৰণ হ’ল যদি পৰীক্ষা বাতিল কৰা হৈছে তেন্তে আগতীয়াকৈ কিয় খবৰ দিয়া নহ’ল। প্ৰাৰ্থীসকলক ইমান হাৰাশাস্তি দিয়াৰ বিষয়টোক লৈ উত্তেজিত হৈ পৰা প্ৰাৰ্থীসকলে চৰকাৰবিৰোধী শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে।

প্ৰাৰ্থীসকলৰ এই ক্ষোভৰ উমান ল’বলৈ তাত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী উপস্থিত নাছিল। জিলা পৰ্যায়ৰ কনিষ্ঠ সহায়ক পদৰ পৰীক্ষা আচম্বিতে বাতিল কৰাৰ বিষয়টোক লৈ স্বাভাৱিকতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে পূৰ্বনিৰ্ধাৰিত সময়সূচী অনুসৰি পৰীক্ষা অনুষ্ঠিত হ’ব বুলি আবেদনকাৰীসকললৈ এডমিট কাৰ্ডো প্ৰেৰণ কৰা হৈছিল। আবেদনকাৰীসকলে বিভাগটোৱে কি কাৰণত কোনো আগজাননী নিদিয়াকৈ শেষ মুহূৰ্তত পৰীক্ষা বাতিল কৰিলে তাক লৈ ক্ষোভ ব্যক্ত কৰে।

আনহাতে, শনিবাৰে বাতিল হোৱা পৰীক্ষা পুনৰ অনুষ্ঠিত হ’ব নে নহয় অথবা কেতিয়াকৈ পৰীক্ষা অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত তোনো তথ্য ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে অৱগত কৰোৱা নাই। বিভাগটোৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd