DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আছিয়ান দেশসমূহলৈ গুৱাহাটীৰ পৰা প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰিবলৈ এয়াৰ এছিয়াক আহ্বান মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2018 10:39 pm
DSC_6025
217
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা বিশ্ব বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ পৰৱৰ্তী কাৰ্য ৰূপায়নৰ অংশ হিচাপে আজি দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এয়াৰ এছিয়াৰ পৰিচালক সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া অমৰ আবৰ’লৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত আছিয়ান দেশসমূহলৈ গুৱাহাটীৰ পৰা প্ৰত্যক্ষভাৱে বিমান সেৱা আৰম্ভ কৰাৰ সম্পৰ্কত সৱিশেষ আলোচনা কৰা হয়।

এয়াৰ এছিয়াই দক্ষিণ পূব এছিয়াৰ দেশসমূহলৈ বিমান চলাচলৰ মুখ্য ক্ষেত্ৰ হিচাপে গুৱাহাটীক গুৰুত্ব দি গ্ৰহণ কৰা আঁচনি সম্পৰ্কত মুখ্যমন্ত্ৰী সোণোৱালক অৱগত কৰে।

আজিৰ বৈঠকত এয়াৰ এছিয়াৰ পৰিচালক সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে গুৱাহাটী বিমান বন্দৰৰ পৰা কোম্পানীটোৱে ৰূপায়িত কৰিব বিচৰা সম্প্ৰসাৰিত আঁচনিৰ এক প্ৰস্তাৱ দাখিল কৰে।

এয়াৰ এছিয়াই আছিয়ান দেশসমূহৰ উপৰি চেন্নাই, হাইদৰাবাদ, বাগদোগ্ৰা, বিশাখাপট্টম ইত্যাদি চহৰসমূহলৈয়ো সঘনে বিমান চলাচলৰ প্ৰস্তাৱ দাখিল কৰে।

বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে কেন্দ্ৰীয় এক্ট পলিচিৰ মুখ্যস্থান হিচাপে গুৱাহাটীক পৰিগণিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ অংশ হিচাপে আছিয়ান আৰু বি বি এন দেশসমূহলৈ প্ৰত্যক্ষভাৱে বিমান সেৱা আৰম্ভ কৰাটো বিচাৰিছে।

মুখ্যমন্ত্ৰীয়ে এয়াৰ এছিয়াৰ মুখ্য কাৰ্যবাহীগৰাকীক অৱগত কৰে যে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ সহযোগত ৰাজ্য চৰকাৰে আছিয়ান দেশসমূহৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে যাতে গুৱাহাটীত এই দেশসমূহৰ বাণিজ্যিক দূতাবাস মুকলি কৰাটো সম্ভৱ হয়।

মুখ্যমন্ত্ৰীয়ে এয়াৰ এছিয়াই গ্ৰহণ কৰা পদক্ষেপসমূহত ৰাজ্য চৰকাৰে সকলোধৰণৰ সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।

মুখ্যমন্ত্ৰীয়ে চলিত বছৰতে ৰঙালী বিহুৰ পূৰ্বে গুৱাহাটীৰ পৰা আন্ত:ৰাষ্ট্ৰীয় বিমান সেৱা যাতে আৰম্ভ কৰিব পৰা যায় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ এয়াৰ এছিয়াক আহ্বান জনায়।

আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালী আৰু বিত্ত বিভাগৰ প্ৰধান সচিব ৰবি কোটা উপস্থিত আছিল।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd