• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষী থানাসমূহত মুকলি কৰা হ’ব অভ্যৰ্থনা কক্ষ : ডিজিপি শইকীয়া

NE NOW NEWS স্মিতা ভট্টাচাৰ্য
যোৰহাট , July 16, 2018 10:45 am

2 min read

PR-CONCLAVE-1-570x320

গুৱাহাটীত শনিবাৰে অনুষ্ঠানত ভাষণ দিয়াৰ মুহূৰ্তত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া। ফটো : ৰাজীৱ জ্যোতি শৰ্মা

86
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই  ঘোষণা কৰিছে যে গুৱাহাটী মহানগৰৰ পাঁচখন আৰক্ষী থানাত অভ্যৰ্থনা কক্ষ স্থাপন কৰা হ’ব।

শনিবাৰে গুৱাহাটীৰ নেডফি হাউছত আয়োজন কৰা তৃতীয় সংখ্যক উত্তৰ পূব জনসম্পৰ্ক বিষয়াৰ সন্মিলনত ভাষণ প্ৰদান কৰি আৰক্ষী সঞ্চালক প্ৰধান শইকীয়াই সকলোবোৰ চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত জনসাধাৰণৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত জনসম্পৰ্ক ৰক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সন্মিলনৰ আয়োজক পাব্লিক ৰিলেশ্যন ছচাইটি অৱ ইণ্ডিয়াৰ গুৱাহাটী শাখাৰ অধ্যক্ষ মধুছন্দা অধিকাৰীয়ে কয় যে অসম আৰক্ষীক ৰাইজৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়াসেৰে পাঁচখন থানাত অভ্যৰ্থনা কক্ষ স্থাপন কৰাৰ কথা ডিজিপি শইকীয়াই ঘোষণা কৰিছে।

তেওঁ কয় যে যিসময়ত ডিজিটেল প্ৰযুক্তিয়ে চৌব্বিশ ঘন্টাই গোটেই বিশ্বকে সম্পৰ্কিত কৰি ৰখাটো নিশ্চিত কৰিছে তেনে সময়তে ব্যক্তিৰ মাজত সম্পৰ্ক হ্ৰাস পোৱাটোৱে বৰ্তমান বিশ্বত অৱক্ষয় বৃ্দ্ধি পোৱাৰ এটা কাৰণ।

এই বছৰৰ সন্মিলনৰ মুল বিষয়বস্তু আছিল ‘জন সম্পৰ্ক-ভৱিষ্যত পন্থা।‘

দ্য আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক পি জে বৰুৱাই তেওঁৰ মুখ্য অতিথিৰ ভাষণত কয় যে আমাৰ সমাজত দেখা দিয়া বহু সমস্যাৰ সন্তোষজনক সমাধান অনাত ভাল জন সম্পৰ্ক ৰক্ষা হৈছে প্ৰধান উপায়।

তেওঁ লগতে জনসম্পৰ্কৰক্ষী বৃত্তিধাৰীসকলে সংবাদ মাধ্যমৰ লগতে আন গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ লগত সৌহাৰ্দ্যমূলক সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মধুছন্দা অধিকাৰীয়ে পাব্লিক ৰিলেশ্যন ছচাইটি অৱ ইণ্ডিয়াৰ গুৱাহাটী শাখাই অঞ্চলটোত জনসম্পৰ্ক ৰক্ষা বৃত্তিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে।

Recent News

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd