• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিক বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থ সিদ্ধিত ব্যৱহাৰৰ চেষ্টা চলাইছে : প্ৰদেশ কংগ্ৰেছ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 16, 2018 10:08 pm
ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেলত সভাপতি ৰিপুণ বৰা আৰু বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া। ফটো : য়ু বি।

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেলত সভাপতি ৰিপুণ বৰা আৰু বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমক বিদেশী নাগৰিকৰ সমস্যাৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত অসম চুক্তিৰ আধাৰত উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে। এনে সময়তে এন আৰ চি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ সলনি শাসকীয় দলৰ হেঁচাতহে কাম কৰি থকা বুলি এক অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।

আজি ১৬ জুলাইত গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই অভিযোগ আনিছে। সংবাদমেলখনত বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াও উপস্থিত থাকে।

Apply Now

“এন আৰ চি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে কাম কৰিব পৰা নাই। শাসনাধিষ্ঠিত চৰকাৰে তেওঁলোকক চৰকাৰৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাৰ খবৰ পাইছো। তেওঁলোকক হেঁচা প্ৰয়োগ কৰিছে যাতে এন আৰ চিখন সম্পূৰ্ণৰূপে শাসনাধিষ্ঠিত বিজেপি দলে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰে।” প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এইদৰে কয়।

তেওঁ কয় যে বিবাহিত মহিলাৰ ক্ষেত্ৰত পঞ্চায়তৰ সচিবে প্ৰদান কৰা প্ৰমাণ পত্ৰক উচ্চতম ন্যায়ালয়ে বৈধতা দিয়াৰ পাছতো বহুতো এন আৰ চি সেৱা কেন্দ্ৰসমূহত তলৰ পৰ্যায়ৰ এন আৰ চি কৰ্মীসকলে পঞ্চায়তৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰা নাই আৰু বিভিন্ন ধৰণৰ খুঁত উলিয়াই সেইখন নাকচ কৰিছে।

আনহাতে নথি পৰীক্ষণৰ সময়ত যি ধৰণে পৰীক্ষণ কৰি ন্যায় প্ৰদান কৰিব লাগে সেইধৰণে নকৰাৰো অভিযোগ কৰে ৰিপুণ বৰাই। এন আৰ চি কৰ্মীসকলক ‘যিমান পাৰি সিমান নাম কৰ্তন কৰিব লাগে’, এনে ধৰণৰ চিন্তা এটা মনত সুমাই দিয়া হৈছে বুলিও বৰাই সংবাদমেলত কয়।

লগতে এন এৰ চিত কাৰ নাম থাকিব আৰু কাৰ নাম নাথাকে তাৰ বাবে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ৰ পৰা সেৱা কেন্দ্ৰসমূহলৈ তালিকা প্ৰস্তুত কৰি পঠিওৱা বুলিও ৰিপুণ বৰাই গুৰুতৰ অভিযোগ কৰে। সেই তালিকাৰ জৰিয়তে কাৰ নাম কৰ্তন হ’ব লাগে সেয়া সেৱাকেন্দ্ৰৰ বিষয়াসকলক নিৰ্দেশ দিয়া বুলিও তেওঁ অভিযোগ কৰে।

ইয়াৰ উপৰি যিবিলাক বিধান সভা সমষ্টিত ধৰ্মীয় সংখ্যালঘু আৰু আন সম্প্ৰদায়ৰ মানুহৰ মাজৰ সংখ্যাৰ ব্যৱধান কম তেনে সমষ্টি সমূহত এটা বিশেষ ধৰ্মৰ লোকসকলৰ নাম ব্যপকভাৱে কৰ্তনৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিৰ্দেশ দিয়া বুলিও তেওঁ মন্তব্য কৰে।

লগতে এই আটাইখিনি তথ্য ground level-অৰ পৰা জানিব পৰা বুলিও উল্লেখ কৰে।

ৰিপুণ বৰাই কয়, “চৰকাৰে এন আৰ চিৰ পৰা বহু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰি ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে। পাছত আইনী প্ৰক্ৰিয়াৰে সেই লোকসকল এন আৰ চিত অন্তৰ্ভুক্ত হওক তাত তেওঁলোকৰ আপত্তি নাই। কিন্তু নিৰ্বাচনৰ আগত ৰাজ্যখনত এটা ধৰ্মীয় মেৰুকৰণ হ’ব লাগে, এই উদ্দেশ্যত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোক ব্যৱহাৰ কৰি আছে।”

আনহাতে, এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰকৃত ভৰতীয় নাগৰিকসকলক ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনাই কংগ্ৰেছে আইনী প্ৰক্ৰিয়াৰে তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ তেওঁলোকক সকলো ধৰণৰ সহায় কৰিব বুলি ৰিপুণ বৰাই জানিবলৈ দিয়ে।

ইয়াৰ উপৰি বৰাই এন আৰ চি প্ৰক্ৰিয়াত হৈ থকা আৰু তেওঁ লাভ কৰা বিসংগতিসমূহৰ তথ্য কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ ওচৰত দাখিল কৰিব বুলিও জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd