DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নাই অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী আনোৱাৰা টাইমূৰৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 2, 2018 11:05 pm
আনোৱাৰা টাইমূৰ
308
VIEWS
Share on FacebookShare on Twitter

১৯৩৬ চনৰ ২৪ নবেম্বৰত জন্মগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা মুখ্য মন্ত্ৰী আনোৱাৰা টাইমুৰৰ নাম যোৱা ৩০ জুলাইত প্ৰকাশ পোৱা  ৰাষ্ট্ৰীয় চূড়ান্ত খচৰাৰ পৰা বাদ পৰা বুলি এক বিশেষ সুত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে বহুতো প্ৰকৃত ভাৰতীয়ৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা বুলি বিভিন্ন দল-সংগঠনে অভিযোগ কৰি থকাৰ সময়তে এগৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰী তথা মহিলা মুখ্য মন্ত্ৰীৰ  নাম অন্তৰ্ভুক্ত নোহোৱা কথাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

আনহাতে, গুৱাহাটীৰ দিচপুৰস্থিত ৰাজধানী মছজিদৰ ওচৰত অৱস্থিত তেওঁৰ বাসগৃহত বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী নাই। শাৰিৰীকভাৱে অসুস্থতাৰ বাবে তেওঁ সম্প্ৰতি অষ্ট্ৰেলিয়াত পুত্ৰৰ সৈতে গৈ আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী গৰাকী ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ৩০ জুন ১৯৮১ চনলৈকে মুখ্য মন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। তেওঁ লগতে ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈকে কংগ্ৰেছ চৰকাৰৰ গড়কপ্তানি বিভাগৰ মন্ত্ৰী আছিল আৰু তেওঁ ১৯৯১ চনত কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে তেখেত সৰ্বভাৰতীয় কংগ্ৰেছৰো এগৰাকী সক্ৰিয় সদস্য আছিল। ইয়াৰোপৰি তেওঁ ১৯৭২, ১৯৭৮, ১৯৮৩ আৰু ১৯৯১ চনত একেৰাহে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ১৯৮৮ চনত ৰাজ্যসভাৰ সদস্য হিচাপেও মনোনীত হৈছিল।

উল্লেখ্য যে, ফ’ৰটি.ভি নিউজ নামৰ এটা টেলিভিশ্যন চেনেলে লোৱা আছুতীয়া সাক্ষাৎকাৰত অসমৰ প্ৰাক্তন তথা প্ৰথম মহিলা মুখ্য মন্ত্ৰীগৰাকীয়ে তেওঁৰ নাম এনআৰচিত নথকাৰ বাবে বহু  দুখ প্ৰকাশ কৰে।

ইয়াৰ মাজতে শেহতীয়াভাৱে ২০১১ চনত আনোৱাৰা টাইমুৰে এআইইউডিএফত যোগদান কৰিছিল। আনহাতে, তেওঁ যোৰহাটৰ দেবীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত ১৯৫৬ চনত অৰ্থনীতি বিজ্ঞানৰ প্ৰবক্তা হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে, প্ৰাক্তন তথা প্ৰথম মহিলা মুখ্য মন্ত্ৰী গৰাকীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰি যোৱাত বিৰোধী দলপতি দেবব্ৰত শইকীয়াইয়ো নৰ্থ ইষ্ট নাওৰ আগত উদ্বিগ্নতা প্ৰকাশ কৰে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, ‘এগৰাকী প্ৰাক্তন তথা প্ৰথম মহিলা মুখ্য মন্ত্ৰীৰ নাম এনআৰচিৰ চুড়ান্ত খচৰাৰ পৰা বাদ পৰাটো অতিকৈ দুৰ্ভাগ্যজনক কথা।‘

তেওঁ লগতে কয়, ‘ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ পৰিয়ালৰ সদস্যৰ নাম তথা যোৰহাটৰ বাহাদুৰ গাওঁবুঢ়া নামৰ স্বাধীনতা সংগ্ৰামী গৰাকীৰ নাতিনীয়েকৰ নামো এন আৰ চি ৰ খচৰাৰ পৰা বাদ পৰিছে।‘

তাৎপৰ্য্যপূৰ্ণভাৱে শইকীয়াই এনআৰচি উন্নীতকৰণৰ সৈতে জৰিত বিষয়াসকলৰ গাফিলতিৰ ফলতে সমাজৰ বিশিষ্ট তথা সমাজত নাম থকা লোকসকলৰ নাম বাদ পৰি যোৱা বুলি সন্দেহ প্ৰকাশ কৰে।

আনহাতে এআইয়ুডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে প্ৰাক্তন তথা প্ৰথম গৰাকী মহিলা মুখ্য মন্ত্ৰীৰ নাম এন আৰ চিত নথকাটো অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে কয়, ‘এনে পৰিস্থিতিত এনআৰচিৰ ওপৰত ৰাইজৰ কি বিশ্বাস থাকিব? চুড়ান্ত খচৰাৰ পৰা যে নাম বাদ পৰিছে, কেনেকৈ বাদ পৰিছে এইটো চিন্তা কৰিবলগীয়া কথা।‘

তেওঁ লগতে কয়, ‘এন আৰ চিৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আছে, গতিকে আমি বিচাৰিছো যিসকল ভাৰতীয়ৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে সেইসকলৰ নাম ওজৰ আপত্তিৰ জৰিয়তে অন্তৰ্ভুক্ত হ’ব লাগে।‘

তাৎপৰ্য্যপূৰ্ণভাৱে কোনো ধৰ্ম বা জাতিৰ প্ৰতি লক্ষ্য নকৰাকৈ সকলো ভাৰতীয়ৰ নামটো অন্তৰ্ভুক্ত হ’ব লাগে বুলি তেওঁ দাবী কৰি কয়, ‘১৯৭১ চনৰ অসম চুক্তি অনুসৰিয়েই সকলো ভাৰতীয়ৰ নাম এনআৰচিত আহিব লাগে।‘

ইপিনে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা এই বিষয়ে জানিব বিচৰাত তেওঁ ব্যক্তিগতভাৱে কাৰোবাৰ নাম বাদ পৰা কথাটো অৱগত নহয় বুলি জানিব দি এই বিষয়ত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

https://assam.nenow.in/wp-content/uploads/2018/08/1a263239-a02b-4207-b1af-9bc99f23d51f.mp4

Recent News

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

gang-rape

কোকৰাঝাৰত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ: তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd