১৯৩৬ চনৰ ২৪ নবেম্বৰত জন্মগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা মুখ্য মন্ত্ৰী আনোৱাৰা টাইমুৰৰ নাম যোৱা ৩০ জুলাইত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় চূড়ান্ত খচৰাৰ পৰা বাদ পৰা বুলি এক বিশেষ সুত্ৰৰ পৰা জানিব পৰা গৈছে।
উল্লেখ্য যে বহুতো প্ৰকৃত ভাৰতীয়ৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা বুলি বিভিন্ন দল-সংগঠনে অভিযোগ কৰি থকাৰ সময়তে এগৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰী তথা মহিলা মুখ্য মন্ত্ৰীৰ নাম অন্তৰ্ভুক্ত নোহোৱা কথাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।
আনহাতে, গুৱাহাটীৰ দিচপুৰস্থিত ৰাজধানী মছজিদৰ ওচৰত অৱস্থিত তেওঁৰ বাসগৃহত বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী নাই। শাৰিৰীকভাৱে অসুস্থতাৰ বাবে তেওঁ সম্প্ৰতি অষ্ট্ৰেলিয়াত পুত্ৰৰ সৈতে গৈ আছে।
তাৎপৰ্য্যপূৰ্ণভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী গৰাকী ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ৩০ জুন ১৯৮১ চনলৈকে মুখ্য মন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। তেওঁ লগতে ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈকে কংগ্ৰেছ চৰকাৰৰ গড়কপ্তানি বিভাগৰ মন্ত্ৰী আছিল আৰু তেওঁ ১৯৯১ চনত কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
উল্লেখ্য যে তেখেত সৰ্বভাৰতীয় কংগ্ৰেছৰো এগৰাকী সক্ৰিয় সদস্য আছিল। ইয়াৰোপৰি তেওঁ ১৯৭২, ১৯৭৮, ১৯৮৩ আৰু ১৯৯১ চনত একেৰাহে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ১৯৮৮ চনত ৰাজ্যসভাৰ সদস্য হিচাপেও মনোনীত হৈছিল।
উল্লেখ্য যে, ফ’ৰটি.ভি নিউজ নামৰ এটা টেলিভিশ্যন চেনেলে লোৱা আছুতীয়া সাক্ষাৎকাৰত অসমৰ প্ৰাক্তন তথা প্ৰথম মহিলা মুখ্য মন্ত্ৰীগৰাকীয়ে তেওঁৰ নাম এনআৰচিত নথকাৰ বাবে বহু দুখ প্ৰকাশ কৰে।
ইয়াৰ মাজতে শেহতীয়াভাৱে ২০১১ চনত আনোৱাৰা টাইমুৰে এআইইউডিএফত যোগদান কৰিছিল। আনহাতে, তেওঁ যোৰহাটৰ দেবীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত ১৯৫৬ চনত অৰ্থনীতি বিজ্ঞানৰ প্ৰবক্তা হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।
উল্লেখ্য যে, প্ৰাক্তন তথা প্ৰথম মহিলা মুখ্য মন্ত্ৰী গৰাকীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰি যোৱাত বিৰোধী দলপতি দেবব্ৰত শইকীয়াইয়ো নৰ্থ ইষ্ট নাওৰ আগত উদ্বিগ্নতা প্ৰকাশ কৰে।
নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, ‘এগৰাকী প্ৰাক্তন তথা প্ৰথম মহিলা মুখ্য মন্ত্ৰীৰ নাম এনআৰচিৰ চুড়ান্ত খচৰাৰ পৰা বাদ পৰাটো অতিকৈ দুৰ্ভাগ্যজনক কথা।‘
তেওঁ লগতে কয়, ‘ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ পৰিয়ালৰ সদস্যৰ নাম তথা যোৰহাটৰ বাহাদুৰ গাওঁবুঢ়া নামৰ স্বাধীনতা সংগ্ৰামী গৰাকীৰ নাতিনীয়েকৰ নামো এন আৰ চি ৰ খচৰাৰ পৰা বাদ পৰিছে।‘
তাৎপৰ্য্যপূৰ্ণভাৱে শইকীয়াই এনআৰচি উন্নীতকৰণৰ সৈতে জৰিত বিষয়াসকলৰ গাফিলতিৰ ফলতে সমাজৰ বিশিষ্ট তথা সমাজত নাম থকা লোকসকলৰ নাম বাদ পৰি যোৱা বুলি সন্দেহ প্ৰকাশ কৰে।
আনহাতে এআইয়ুডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে প্ৰাক্তন তথা প্ৰথম গৰাকী মহিলা মুখ্য মন্ত্ৰীৰ নাম এন আৰ চিত নথকাটো অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে কয়, ‘এনে পৰিস্থিতিত এনআৰচিৰ ওপৰত ৰাইজৰ কি বিশ্বাস থাকিব? চুড়ান্ত খচৰাৰ পৰা যে নাম বাদ পৰিছে, কেনেকৈ বাদ পৰিছে এইটো চিন্তা কৰিবলগীয়া কথা।‘
তেওঁ লগতে কয়, ‘এন আৰ চিৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আছে, গতিকে আমি বিচাৰিছো যিসকল ভাৰতীয়ৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে সেইসকলৰ নাম ওজৰ আপত্তিৰ জৰিয়তে অন্তৰ্ভুক্ত হ’ব লাগে।‘
তাৎপৰ্য্যপূৰ্ণভাৱে কোনো ধৰ্ম বা জাতিৰ প্ৰতি লক্ষ্য নকৰাকৈ সকলো ভাৰতীয়ৰ নামটো অন্তৰ্ভুক্ত হ’ব লাগে বুলি তেওঁ দাবী কৰি কয়, ‘১৯৭১ চনৰ অসম চুক্তি অনুসৰিয়েই সকলো ভাৰতীয়ৰ নাম এনআৰচিত আহিব লাগে।‘
ইপিনে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা এই বিষয়ে জানিব বিচৰাত তেওঁ ব্যক্তিগতভাৱে কাৰোবাৰ নাম বাদ পৰা কথাটো অৱগত নহয় বুলি জানিব দি এই বিষয়ত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।