DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন বি টি আৰু অসম প্ৰকাশন পৰিষদৰ উদ্যোগত দ্বিতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2018 8:50 am
প্ৰতিনিধিত্বমূলক চিত্ৰ
172
VIEWS
Share on FacebookShare on Twitter

যোৱাবাৰ আৰম্ভ কৰা ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ দ্বিতীয় সংস্কৰণ তিনি দিনীয়াকৈ অহা ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব। মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই কাৰ্য্যসূচী লোৱা হৈছে।  মঙলবাৰে এখন সংবাদ মেলত নেশ্যনেল বুক ট্ৰাষ্টৰ  সঞ্চালক ড০ ৰীতা চৌধুৰী আৰু অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সংবাদমাধ্যমক এই কথা জনাইছে।

দুয়োটা চৰকাৰী অনুষ্ঠানে যুটীয়াকৈ এই সাহিত্য উৎসৱটো অনুষ্ঠিত কৰিব।

অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী অংশৰো বহু সংখ্যক সাহিত্যিকৰ উপৰি দেশ-বিদেশৰ প্ৰায় ডেৰশ সাহিত্যিকে এই অনুষ্ঠানটোৰ বিভিন্ন কাৰ্য্যসূচীত ভাগ ল’ব বুলি আয়োজকৰ সূত্ৰই জানিবলৈ দিছে।

এই উৎসৱ অহা ৯ ফেব্ৰুৱাৰিৰ পুৱা দহ বজাত উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব ফ্ৰান্সৰ প্ৰসিদ্ধ সাহিত্যিক ডেভিদ ক’লিন।  বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট পণ্ডিত ইন্দ্ৰনাথ চৌধুৰীয়ে। ইয়াৰ লগতে উপস্থিত থাকিব নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ বলদেও ভাই শৰ্মাও।

আয়োজক অনুষ্ঠান দুটাৰ প্ৰতিনিধিকেইজনে সাংবাদিকক কয় যে উৎসৱত এঘাৰখন বিদেশী ৰাষ্ট্ৰৰ ১৪জন বিদেশী লেখককে ধৰি দেশৰ বহু আগশাৰীৰ লেখকে অংশগ্ৰহণ কৰিব।

সাহিত্য উৎসৱত শ্ৰীলংকাৰ আশোক ফেৰী, ইংলেণ্ডৰ বি ৰৌলেট, ছুইডেনৰ জেকঅ’য়াহ, বাংলাদেশৰ নাছৰিন জাহান, মেক্সিকোৰ ছেণ্টিয়াগো ৰুই, গোৱা বিশ্ববিদ্যালয়ৰ পৰ্তুগীজ আৰু লুচ’ফ’ন অধ্যয়নৰ আমন্ত্ৰিত অধ্যাপক ডেলফিন কৰিয়া দা ছিলভা উপস্থিত থাকিব।

উৎসৱত মকৰাণ্ড পৰাঞ্জাপে, ড০ লক্ষ্মীনন্দন বৰা, প্ৰদীপ আচাৰ্য, য়েছে দৰজি ঠংচি, মামাং দাই, মিত্ৰা ফুকন, নন্দ কিশোৰ পাণ্ডে, অনুৰাধা শৰ্মা পূজাৰী, চালমা, শ্যামল ভট্টাচাৰ্য, এ জে থমাছ, ড০ ধনকান্ত কৌৰ প্ৰমুখ্যে বহু ভাৰতীয় লেখকে অংশগ্ৰহণ কৰিব।

ইয়াৰ উপৰি মালিনী অৱস্থি, বাণী ত্ৰিপাঠী, যতীন্দ্ৰ মিশ্ৰকে ধৰি বহু কেইজন খ্যতিমন্ত ব্যক্তিয়ে উৎসৱৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ তিনিটা প্রেক্ষাগৃহত উৎসৱৰ আলোচনা চক্ৰসমূহ অনুষ্ঠিত হ’ব। এই তিনিটা পেক্ষাগৃহৰ মাধৱ কন্দলী, টলষ্টয় আৰু দীনদয়াল উপাধ্যায়ৰ নামেৰে নামকৰণ কৰা হৈছে।  পুৱা দহ বজাৰ পৰা সন্ধিয়া সাত বজালৈ উৎসৱৰ কাৰ্যসূচী অব্যাহত থাকিব। সাহিত্য উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতিদিনে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে। এইবাৰ সাহিত্য উৎসৱত বিভিন্ন কাৰ্য্যসূচীৰ লগতে গ্ৰন্থ বিপণিও থাকিব বুলি জানিবলৈ দিছে আয়োজকে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd