DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এপিএছচি কেলেংকাৰি : শীঘ্ৰেই জেৰাৰ সন্মুখীন হ’ব ৰাকেশ পালৰ পত্নী সুনন্দা পাল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2018 12:31 pm
ৰাকেশ পাল

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি বিক্ৰী কৰা কেলেংকাৰিৰ মূল নায়ক ৰাকেশ পাল। ফাইল ফটো

112
VIEWS
Share on FacebookShare on Twitter

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি বিক্ৰী কৰা কেলেংকাৰিৰ মূল নায়ক ৰাকেশ পালৰ পত্নী সুনন্দা পালক শীঘ্রেই আৰক্ষীয়ে জেৰা কৰিব। বিগত প্রায় ডেৰবছৰ ধৰি আৰক্ষীয়ে তদন্তৰ আওতাৰ পৰা আঁতৰাই ৰখা সুনন্দা পালৰ বিৰুদ্ধে ৰাকেশ পালৰ দুর্নীতিত সহযোগ কৰাৰ পর্যাপ্ত তথ্য লাভ কৰাৰ পাছতে তেওঁক জেৰা কৰিবলৈ আৰক্ষী সাজু হৈছে বুলি  জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰাকেশ পালৰ পত্নী সুনন্দা পালৰ বিৰুদ্ধে লোকসেৱা আয়োগৰ  তথ্য-প্রমাণ নষ্ট কৰাৰ অভিযোগ আছে। আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰাৰ সম্ভাৱনাও বৃদ্ধি পাইছে।

বিগত ২০১৬ চনৰ ৪ নৱেম্বৰত আয়োগৰ মুখ্য কার্যালয়ৰ নিজ কক্ষৰ পৰাই তদন্তকাৰী ডিব্রুগড় আৰক্ষীয়ে ৰাকেশ পালক গ্রেপ্তাৰ কৰিছিল। গ্রেপ্তাৰ কৰাৰ দিনা নিশাই আৰক্ষীয়ে তেওঁৰ ভঙাগড়স্থিত ফ্লেটত অভিযান চলাইছিল।

আৰক্ষীয়ে অভিযান চলোৱাৰ পূর্বেই পালৰ পত্নী সুনন্দা পালে তেওঁৰ গাড়ীচালক অপূর্ব দাসৰ সহায়ত বহু তথ্য-প্রমাণ নষ্ট কৰাৰ অভিযোগ উঠিছিল।

ৰাকেশ পালক গ্রেপ্তাৰৰ খবৰ বিয়পি পৰাৰ পাছতে তেওঁৰ পত্নীয়ে গাড়ীচালকজনৰ সৈতে ঘৰখনত থকা বৃহৎ পৰিমাণৰ নগদ ধন, আ-অলংকাৰ আৰু গোপন নথিপত্র নিৰাপদ স্থানলৈ লৈ যোৱাৰ সন্দেহ কৰা হৈছিল।

ইয়াৰ পাছতো  আৰক্ষীয়ে ঘৰটোৰ পৰা কেইবা লক্ষ নগদ ধনকে ধৰি বহুসংখ্যক আয়োগৰ পৰীক্ষাৰ উত্তৰবহী আৰু নম্বৰৰ তালিকা উদ্ধাৰ কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে গাড়ীচালক অপূর্ব দাসক আটক কৰি জেৰাও কৰিছিল।

আৰক্ষীয়ে তদন্ত প্রক্রিয়া চলি থকাৰ মাজতে সুনন্দা পালৰ এটা ফ্লেটত অভিযান বহু তথ্য-প্রমাণ লাভ কৰাৰ লগতে উত্তৰবহী আদি জব্দ কৰিছিল। এতিয়া ৰাকেশ পালক গ্ৰেপ্তাৰ কৰাৰ প্রায় ডেৰবছৰ পাছত আৰক্ষীয়ে তেওঁৰ পত্নী সুনন্দা পালক জেৰা কৰিবৰ বাবে সাজু হৈছে।

জেৰাৰ বাবে সুনন্দা পাললৈ চমন জাৰি কৰিছে বুলিও জানিব পৰা গৈছে।  তদুপৰি আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গ্রেপ্তাৰ কৰিব পৰাকৈ পর্যাপ্ত তথ্য-প্রমাণ লাভ কৰিছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

Recent News

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd