• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এবছৰৰ পিছত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিলে গৌৰীসাগৰ আৰক্ষীয়ে

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , January 5, 2018 10:17 pm

1 min read

এবছৰৰ পিছত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিলে গৌৰীসাগৰ আৰক্ষীয়ে
76
VIEWS
Share on FacebookShare on Twitter

এক তথ্যৰ পম খেদি গৌৰীসাগৰ আৰক্ষীয়ে আজি গৌৰীসাগৰ বেজগাঁৱৰ ওচৰৰ চুলাই ভাটিত এক নৃশংস হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰী ৰিতুৰাজ ওৰফে জননদ্বীপ ফুকনক গ্ৰেপ্তাৰ কৰে।

এবছৰ আগতে মাছৰ বিতৰণক লৈ কনকলতা কোঁৱৰৰ স্বামী ৰাজীৱ কোঁৱৰক নৃশংসভাৱে হত্যা কৰা হৈছিল। বাতৰি অনুসৰি জননদ্বীপ আৰু ৰমানন্দ দাসে ৰাজীৱ কোঁৱৰক ৰডেৰে প্ৰহাৰ কৰি মিটং নদীত অজ্ঞান অৱস্থাত পেলাই দিছিল।

আৰক্ষীয়ে এইটো পৰিকল্পিত হত্যাকাণ্ড বুলি নিশ্চিত হৈছে। ৰাজীৱ কোঁৱৰৰ পৰিয়ালে দিয়া এজাহাৰৰ পিছত তেতিয়া আৰক্ষীয়ে হত্যাকাণ্ডটোৰ লগত জড়িত ৰমানন্দ দাসক গ্ৰেপ্তাৰ কৰিছিল।

ৰমানন্দ দাসক জেৰা কৰাৰ পিছত আৰক্ষীয়ে নিশ্চিত হয় যে গৌৰীসাগৰ ফুকন ফদিয়া গাওঁৰ বাসিন্দা ৰিতুৰাজ ওৰফে জননদ্বীপ ফুকনে হত্যাকাণ্ডটোৰ মুখ্য অভিযুক্ত। কিন্তু আৰক্ষীয়ে তেতিয়াৰে পৰা পলাই থকা বাবে তেওঁক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয়।

ৰিতুৰাজে দীৰ্ঘদিন ধৰি মনিপুৰত আত্মগোপন কৰি আছিল আৰু অলপতে ঘৰলৈ আহিছিল।  কিন্তু আজি এক বিশ্বস্ত সূত্ৰৰ খবৰ ভিত্তিত গৌৰীসাগৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া দাদু বৰাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে গৌৰীসাগৰৰ বোজগাওঁৰ ওচৰৰ চুলাই ভাটিৰ পৰা গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ৩০২, ২০১, ৩৪ ধাৰাৰ অধীনত গৌৰীসাগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ তদন্ত অৱশ্যে অব্যাহত আছে।

Recent News

Rhino-1140x570

আকৌ গঁড় হত্যা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিলে চোৰাংচিকাৰীয়ে

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

images.jpeg-11(1)

মাৰ্ঘেৰিটাত ৪ গৰাকী ব্যক্তিৰ দেহত কোভিড : মহকুমা প্ৰশাসনৰ সতৰ্কতামূলক অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd