এক তথ্যৰ পম খেদি গৌৰীসাগৰ আৰক্ষীয়ে আজি গৌৰীসাগৰ বেজগাঁৱৰ ওচৰৰ চুলাই ভাটিত এক নৃশংস হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰী ৰিতুৰাজ ওৰফে জননদ্বীপ ফুকনক গ্ৰেপ্তাৰ কৰে।
এবছৰ আগতে মাছৰ বিতৰণক লৈ কনকলতা কোঁৱৰৰ স্বামী ৰাজীৱ কোঁৱৰক নৃশংসভাৱে হত্যা কৰা হৈছিল। বাতৰি অনুসৰি জননদ্বীপ আৰু ৰমানন্দ দাসে ৰাজীৱ কোঁৱৰক ৰডেৰে প্ৰহাৰ কৰি মিটং নদীত অজ্ঞান অৱস্থাত পেলাই দিছিল।
আৰক্ষীয়ে এইটো পৰিকল্পিত হত্যাকাণ্ড বুলি নিশ্চিত হৈছে। ৰাজীৱ কোঁৱৰৰ পৰিয়ালে দিয়া এজাহাৰৰ পিছত তেতিয়া আৰক্ষীয়ে হত্যাকাণ্ডটোৰ লগত জড়িত ৰমানন্দ দাসক গ্ৰেপ্তাৰ কৰিছিল।
ৰমানন্দ দাসক জেৰা কৰাৰ পিছত আৰক্ষীয়ে নিশ্চিত হয় যে গৌৰীসাগৰ ফুকন ফদিয়া গাওঁৰ বাসিন্দা ৰিতুৰাজ ওৰফে জননদ্বীপ ফুকনে হত্যাকাণ্ডটোৰ মুখ্য অভিযুক্ত। কিন্তু আৰক্ষীয়ে তেতিয়াৰে পৰা পলাই থকা বাবে তেওঁক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয়।
ৰিতুৰাজে দীৰ্ঘদিন ধৰি মনিপুৰত আত্মগোপন কৰি আছিল আৰু অলপতে ঘৰলৈ আহিছিল। কিন্তু আজি এক বিশ্বস্ত সূত্ৰৰ খবৰ ভিত্তিত গৌৰীসাগৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া দাদু বৰাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে গৌৰীসাগৰৰ বোজগাওঁৰ ওচৰৰ চুলাই ভাটিৰ পৰা গ্ৰেপ্তাৰ কৰে।
ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ৩০২, ২০১, ৩৪ ধাৰাৰ অধীনত গৌৰীসাগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ তদন্ত অৱশ্যে অব্যাহত আছে।