DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ

ছাজিদ খান by ছাজিদ খান
July 7, 2018 12:28 pm
d341e6c9-7e17-4335-8110-0b778dff14f9-01
383
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিনীয়া অসুস্থতাত ভুগি ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মৃগেন্দ্ৰনাথ কলিতাৰ শুকুৰবাৰে নিজা বাসভাৱনত পৰলোকপ্ৰাপ্তি হয়।

তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি যোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।মৃত্যুৰ সময়ত কলিতাৰ বয়স হৈছিল ৫৫ বছৰ। অধ্যক্ষ কলিতা দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিল আৰু অসুসৰ বাবেই তেখেত ৱাশ্বৰূমত পৰি গৈ গুৰুতৰ আঘাত পায়। সেই আঘাতৰ ফলতেই তেখেতে শুকুৰবাৰে পুৱা ৪.১৫ বজাত পৰলোকলৈ গমন কৰে।

উল্লেখ্য যে এগৰাকী নিষ্ঠাবান শিক্ষক হোৱাৰ উপৰিও কলিতা এগৰাকী কবিও আছিল আৰু ওদালগুৰি সাহিত্য সভাৰ আলোচনী সম্পাদকৰ দায়িত্বত আছিল। প্ৰয়াত কলিতা ওদালগুৰি জিলা কবি সন্থাৰো প্ৰাক্তন সভাপতি আছিল আৰু অঞ্চলটোৰ ভালেকেইটা সামাজিক- ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত আছিল।

১৯৬২চনৰ ২৪ অক্টোবৰত জন্মলাভ কৰা কলিতাৰ কৰ্মজীৱন অতি উজ্জ্বল আছিল।

তেখেত উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাৰ ছাত্ৰ আছিল আৰু পৰৱৰ্তী সময়ত কলা বিভাগত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

১৯৮৫চনৰ মে’ৰ ১ তাৰিখে তেখেতে ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে। ২০১৭ৰ ১৩ জুনত তেখেতক বিদ্যালয়খনৰ অধ্যক্ষলৈ উন্নীত কৰা হয়।

বহুমুখী ব্যক্তিত্বৰ অধিকাৰী কলিতা এগৰাকী ভাল আবৃতিকাৰো আছিল আৰু ওদালগুৰিৰ বিভিন্ন অনুষ্ঠানত তেখেতে কবিতা আবৃত্তি কৰিছিল।

বিভিন্ন সংগঠন, ছাত্ৰসকলৰ প্ৰতিনিধিসকলে তেখেতলৈ তেওঁলোকৰ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে।

সমগ্ৰ ওদালগুৰি চহৰৰ মাজেৰে এটা শোক শোভাযাত্ৰাও বাহিৰ কৰোৱা হয়।

ওদালগুৰি সাহিত্য সভা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ওদালগুৰি আঞ্চলিক গোটে প্ৰয়াত কলিতাৰ পৰিয়ালবৰ্গলৈ তেওঁলোকৰ আন্তৰিক শোকবাৰ্তা জ্ঞাপন কৰে।

প্ৰয়াত কলিতাৰ নশ্বৰ শৰীৰ তেখেতে শিক্ষাদান কৰা বিদ্যালয়খনলৈ কঢ়িয়াই নিয়া হয় আৰু তাতে তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

তাৰ পাছত স্থানীয় শ্মশানত তেখেতৰ শেষ কৃত্য সম্পন্ন কৰা হয়।

প্ৰয়াত কলিতাই তেখেতৰ পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাক এই সংসাৰত এৰি থৈ যায়।

প্ৰয়াত কলিতাৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।

Recent News

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ জয়ন্তী উদযাপন; বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ জয়ন্তী উদযাপন; বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd